🔹 স্বামীক গাখীৰৰ সৈতে টোপনিৰ দৰব খুৱাই ভয়ংকৰ প্রতাৰণা
নিউজ ডেস্ক, ১৯ ডিচেম্বৰ : দুই পৰিয়ালৰ সন্মতিত ধুমধামেৰে আয়োজন কৰা হৈছিল বিবাহ অনুষ্ঠানৰ৷ সমস্ত আচাৰ–অনুষ্ঠান শেষ হোৱাৰ পিছত আহিছিল ফুলশয্যা৷ কিন্তু বিয়াৰ প্রথম নিশাই এনে ভয়ংকৰ বিপদ আহিব, জীৱনত সেয়া কল্পনাও কৰা নাছিল যুৱকে৷ গাখীৰৰ সৈতে টোপনিৰ দৰব খুওৱাই ১২ লাখ টকাৰ অলংকাৰ লৈ পলায়ন কৰিলে পত্নীয়ে। যোৱাৰ সময়ত দৰাৰ ম’বাইল ফোনটোও লৈ যাবলৈ নাপাহৰিলে নৱবিবাহিতাই৷ মধ্যপ্রদেশৰ ছতৰপুৰত সংঘটিত এই ঘটনাক লৈ এতিয়া সংবাদ মাধ্যমত ব্যাপক চর্চা চলিছে৷ যোৱা ১৩ ডিচেম্বৰত ৰাজদীপ ৰাৱাট নামৰ যুৱকজনৰ সৈতে বিবাহপাশত আবদ্ধ হয় খুচি তিৱাৰী নামৰ যুৱতীজনী৷ ছুকন পাক নামৰ এগৰাকী ব্যক্তি আছিল এই বিয়াৰ ঘটক৷ পৰিয়ালৰ সন্মতিত বিবাহ সম্পন্ন হৈছিল৷ ৰাজদীপ আৰু খুচিৰ বিয়াৰ পিছত ফুলশয্যাৰ নিশা এই অঘটন সংঘটিত হয়৷ খুচিক লৈ নতুন জীৱনৰ সপোন দেখাৰ সময়তে ৰাজদীপক ভয়ংকৰ প্রতাৰণা কৰিলে নৱবিবাহিতাই৷ আৰক্ষীক দিয়া অভিযোগত ৰাজদীপে উল্লেখ কৰিছে যে ফুলশয্যাৰ নিশা নিয়ম অনুসৰি খুচিয়ে নিজ হাতেৰে গাখীৰ এগিলাচ আনি তেওঁক খুৱাই দিছিল৷ ইয়াৰ পিছতে তেওঁ অচেতন হৈ পৰে৷ কেইবাঘণ্টা পিছত সংজ্ঞা ঘূৰাই পাই ৰাজদীপে দেখে যে খুচি অন্তর্ধান৷ ইফালে, ঘৰৰ অৱস্থাও লণ্ডভণ্ড কৰি থৈ গৈছে৷ আলমিৰা খুলি লৈ গৈছে সকলো অলংকাৰ৷ আনকি ৰাজদীপৰ ম’বাইল ফোনটোও লৈ গৈছে নৱবিবাহিতাই৷ লক্ষণীয়ভাৱে মুঠ ১২ লাখ টকাৰ অলংকাৰ লুটি লৈ গৈছে খুচিয়ে৷ আৰক্ষীয়ে এই বাতৰি যুগুতোৱা পৰলৈ ভয়ংকৰ প্রতাৰণা সংঘটিত কৰা কইনাৰূপী খুচিক বিচাৰি পোৱা নাই৷ ৰাজদীপৰ পৰিয়ালে অভিযোগ কৰা অনুসৰি ভয়াৱহ ষড়যন্ত্রৰ বলি হৈছে তেওঁলোক৷