নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিৰাট-ৰোহিতৰ বেয়া প্ৰদৰ্শন, কি ক’লে সৌৰভ গাংগুলীয়ে

বিশেষ বাৰ্তা, ২৯ এপ্ৰিলঃ বহু দিন ধৰি ফ’ৰ্মত নাই বিৰাট কোহলি। বিশ্রাম লোৱাৰ উপদেশ দিছিলে ৰবি শাস্ত্রীয়ে। আইপিএলত এতিয়াও ভাল ৰান কৰিব নোৱাৰিলেও বিৰাটক লৈ মুঠেও চিন্তিত নহয় সৌৰভ গাংগুলী। বিচিচিআইৰ অধ্যক্ষগৰাকীয়ে নাজানে বিৰাটৰ মগজুত কি খেলি আছে। তেওঁ আত্মবিশ্বাসী খুব সোনকালে ফ’ৰ্মলৈ উভতিব বিৰাট। মাত্ৰ বিৰাটেই নহয়, ৰান কৰিব পৰা নাই ৰোহিত শর্মায়ো। ভাৰতৰ অন্যতম দুই তাৰকা বেটছমেন এতিয়া ছন্দহীন। এটি সংবাদ মাধ্যমত দিয়া সাক্ষাৎকাৰত গাংগুলীয়ে ক’লে- দুয়ো ডাঙৰ ক্রিকেটাৰ। মই জানো তেওঁলোকে ছন্দ ওভোতাই পাব। ২০১৯ চনৰ পাছত শতৰান ওলোৱা নাই বিৰাটৰ বেটৰ পৰা। এইবাৰৰ আইপিএলত দুখন মেচত প্রথম ব’লতে আউট হৈছে বিৰাট। এতিয়া পর্যন্ত এটাও অর্ধশতক অহা নাই বিৰাটৰ বেটৰ পৰা। এনে অৱস্থাত দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাত ক্ৰিকেটাৰজনক বিশ্রাম দিয়া হ’ব পাৰে বুলিও শুনা গৈছে।

You might also like