বিশেষ বাৰ্তা, ৭ এপ্ৰিলঃ তাৰকাৰ পুত্ৰ হোৱাৰ পাছতো অতি কষ্টৰে নিজকে প্ৰতিষ্ঠা কৰা এজন বলীউড অভিনেতা হ’ল অক্ষয় খান্না। বিনোদ খান্নাৰ পুত্ৰ অক্ষয়ে ৪৭ বছৰীয়া জন্মদিন অলপতে উদযাপন কৰিলে। কিন্তু এতিয়াও পতা নাই বিবাহ। চিৰকুমাৰে হৈ ৰ’ব নেকি? ব্যক্তিগত জীৱনৰ কথাত অভিনেতা অক্ষয় খান্নাই তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত জয়াললিতাৰ সৈতে ডেটত যাবলৈ ইচ্ছা প্ৰকাশ কৰিছিল। যিগৰাকী জয়াললিতা তেতিয়া তেওঁতকৈ ২৭ বছৰে ডাঙৰ আছিল। পিতৃ বিনোদ খান্নায়ো পুত্ৰৰ বিবাহৰ বাবে এসময়ত বহুখিনি কৰিছিল। আনকি ঘনিষ্ঠ বন্ধু ৰনধীৰ কাপুৰৰ সৈতে মিলি তেওঁৰে জীয়ৰী কৰিশ্মা কাপুৰ সৈতেও বিয়াখন পাতি দিব বিচাৰিছিল। কিন্তু কৰিশ্মাৰ মাতৃ ববিতাই সেই প্ৰস্তাৱত সন্মতি দিয়া নাছিল। অবিবাহিত অক্ষয়ৰ কিন্তু বহুতৰে লগত সম্পৰ্ক থকাৰ কথা গুজৱ ওলায়। সেই তালিকাত পুজা বাট্ৰা, ৰবীনা টেণ্ডন, টুইংকল খান্না, শিল্পা ছেট্টীৰ দৰে অভিনেত্ৰীৰ নাম আছে। এনেদৰেই আজিও অবিবাহিত হৈ ৰৈছে বলীউডৰ এইজন অভিনেতাও।