ছত্তিশগড়ত নক্সালবাদীৰ ভয়াৱহ এম্বুশ্ব, নিহত DRG জোৱানসহ ১০
নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ জানুৱাৰীঃ নতুন বছৰৰ আৰম্ভণিতে নক্সালবাদীয়ে ছত্তিশগড়ত এক বৃহৎ ঘটনা সংঘটিত কৰিছে। আজি বিজাপুৰ জিলাত এম্বুছত নক্সালসকলে জোৱানসকলৰ বাহনখনক লক্ষ্য কৰি লয়। ইয়াত ৯জন জোৱান শ্বহীদ হয়। নক্সাল প্ৰভাৱিত কুট্ৰুৰ পৰা বেদ্ৰেলৈ যোৱা পথত কাৰ্কেলিৰ সমীপত জোৱানেৰে ভৰা এখন পিকআপ বাহন উৰুৱাই দিছিল নক্সালসকলে। এই আক্ৰমণত এতিয়ালৈকে ৯জন জোৱান শ্বহীদ হোৱাটো নিশ্চিত কৰিছে। কোৱা হৈছে যে শ্বহীদৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে। একাংশ জোৱানো আহত হৈছে। এই আক্ৰমণত মুঠ ১০জন লোক নিহত হৈছে, য’ত ৯জন ডি আৰ জি জোৱান আৰু এজন সাধাৰণ নাগৰিক (পিকআপ গাড়ীৰ চালক) আছে। উল্লেখ্য যে নক্সালসকলে লেণ্ডমাইন পুতিছিল। সৈন্যৰ বাহনখন এই লেণ্ডমাইনৰ সংস্পৰ্শলৈ অহাৰ লগে লগে নক্সালসকলে ততাতৈয়াকৈ বিস্ফোৰণ সংঘটিত কৰে য’ত ৯জন জোৱান শ্বহীদ হয় আৰু পিকআপ গাড়ীখনৰ চালকৰো মৃত্যু হয়। তথ্য অনুসৰি নক্সালবিৰোধী অভিযানৰ পৰা শিবিৰলৈ উভতি অহা গাড়ীখনত ১৫জনতকৈ অধিক জোৱান আছিল। ইতিমধ্যে নক্সালসকলে জোৱানক লক্ষ্য কৰি লেণ্ডমাইন নিক্ষেপ কৰিছিল আৰু ৯জন জোৱান শ্বহীদ হৈছিল। সম্প্ৰতি এম্বুলেন্স আৰু জোৱানৰ দলক সেই স্থানলৈ প্ৰেৰণ কৰা হৈছে। দন্তেৱাড়া, নাৰায়ণপুৰ আৰু বিজাপুৰত যৌথ অভিযানৰ অন্তত উভতি আহিছিল জোৱান কেইজন। বিয়লি প্ৰায় ২.১৫ বজাত বিজাপুৰৰ কুট্ৰু থানা এলেকাৰ অন্তৰ্গত আম্বলি গাঁৱৰ সমীপত আই ই ডি ব্যৱহাৰ কৰি অচিনাক্ত মাওবাদীয়ে নিৰাপত্তাৰক্ষীৰ এখন বাহন উৰুৱাই দিয়ে। ইয়াৰ মাজতে দন্তেৱাড়া ডি আৰ জিৰ ৯জন জোৱান শ্বহীদ হয়।