নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অক্সিজেনৰ যোগানক লৈ প্রধানমন্ত্রীৰ বৈঠকঃ গাঁৱক আঘাত কৰাৰ পূর্বেই প্রতিহত কৰক মহামাৰীক

নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ দেশৰ কেইবাখনো ৰাজ্যত সংকটজনক ক’ভিড ৰোগীক চিকিৎসাৰ বাবে প্রয়োজনীয় অক্সিজেন যোগান ক্ষিপ্রতৰ কৰি তোলাৰ লক্ষ্যৰে শনিবাৰে এক উচ্চস্তৰীয় বৈঠকত অংশ লয় প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷

ক’ভিড–১৯ ৰোগীৰ ক্ষেত্রত অতি প্রয়োজনীয় অক্সিজেনৰ নাটনিৰ ফলত দেশজুৰি হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈ থকাৰ সময়তে ইতিমধ্যে অক্সিজেনক লৈ কেইবাখনো বৈঠকত অংশ লোৱা প্রধানমন্ত্রী মোদীয়ে শনিবাৰে পুৱা আন এখন গুৰুত্বপূর্ণ বৈঠকত অংশ লয়৷ এই বৈঠকত কেন্দ্রীয় চৰকাৰে অক্সিজেন আৰু অক্সিজেন সম্পর্কীয় সামগ্রীৰ ওপৰত আবকাৰী শুল্ক আৰু স্বাস্থ্য উপকৰ ৰেহাই দিয়াৰ সিদ্ধান্ত গ্রহণ কৰে৷

প্রধানমন্ত্রী কার্যালয়ে বিবৃতিযোগে এই সিদ্ধান্ত প্রকাশ কৰিছে৷ ইপিনে শনিবাৰে পঞ্চায়তীৰাজ দিৱস উপলক্ষে ‘স্বামিত্র আঁচনি’ৰ অধীনত ই–প্রপার্টী কার্ড মুকলি কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কয় যে বিগত বর্ষৰ তুলনাত ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰ দেশৰ বাবে বৃহত্তম প্রত্যহ্বান৷ দেশৰ গাঁও অঞ্চলত এই ক’ৰোনাই আঘাত কৰোৱাৰ পূর্বেই ইয়াক প্রতিহত কৰাটো নিশ্চিত কৰিব লাগিব৷ তদুপৰি তেওঁ কয় যে বিগত বর্ষত মহামাৰী ক’ৰোনাই গ্রামাঞ্চলত বিশেষ ক্ষতিগ্রস্ত কৰিব পৰা নাছিল৷ ইয়াৰ বাবে স্থানীয় নেতাসকলে বিগত বর্ষৰ অভিজ্ঞতা আৰু জ্ঞানৰ জৰিয়তে চলিত বর্ষৰ মহামাৰীক প্রতিহত কৰিব লাগিব৷

তেওঁ লগতে কয়– মই বিশ্বাস কৰোঁ ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজত যদি কোনোবা প্রথমে জয়ী হ’ব পাৰে সেইসকল হ’ব গাঁওসমূহৰ নেতৃত্ব৷ এতিয়াৰে পৰা গাঁওবাসীয়ে তথা পঞ্চায়তৰ মন্ত্র হ’ব লাগিব ঔষধো আৰু সাৱধানতাও৷ চৰকাৰে জাৰি কথা ক’ভিডৰ নীতি–নির্দেশনা গাঁৱৰ লোকসকলে অনুকৰণ কৰা উচিত৷ তেনেদৰে ভেকচিন লোৱাও উচিত৷ এই অনুষ্ঠানত কেন্দ্রীয় কৃষিমন্ত্রী নৰেন্দ্র সিং টোমৰো উপস্থিত থাকে৷

উল্লেখ্য যে দেশজুৰি ‘স্বামিত্র আঁচনি’ৰ অধীনত ৯ লাখ সম্পত্তিৰ স্বত্বাধিকাৰীয়ে ই–প্রপার্টী কার্ড লাভ কৰিব৷

You might also like