জানুৱাৰীতে শুভাৰম্ভ হাওৰা-গুৱাহাটী বন্দে ভাৰত শ্লীপাৰ সেৱা
চলিত মাহতেই হাওৰা–গুৱাহাটীৰ মাজত চলাচল কৰিব দেশৰ প্রথম বন্দে ভাৰত শ্লীপাৰ ট্রেইন৷ নতুন দুিল্লীত এই কথা প্রকাশ কৰে ৰে’ল মন্ত্রী অশ্বিনী বৈষ্ণৱে৷
ৰে’লমন্ত্রীগৰাকীয়ে জনোৱা মতে অহা ১৫–২০ দিনৰ ভিতৰতে এই ৰে’লৰ চলাচল আৰম্ভ হ’ব৷ উদ্বোধন কৰিব প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ ২–৩ দিনৰ ভিতৰতে উদ্বোধনৰ দিন জনোৱা হ’ব বুলি তেওঁ কয়৷
প্রাথমিকভাৱে জানিব পৰা মতে ট্রেইনখনত ১১টা এচি থ্রি টায়াৰ, ৪টা এচি টু টায়াৰ আৰু ১টা এচি ফ্রাষ্টক্লাছ দবা থাকিব৷ ট্রেইনখনে পশ্চিমবংগৰ হাওৰা, হুগলী, পূব বর্ধমান, মালদহ আৰু জলপাইগুৰি জিলা হৈ অসমত প্রৱেশ কৰি বঙাইগাঁও জিলাৰে কামৰূপ মেট্র’পলিটান জিলাত প্রৱেশ কৰিব৷
মন্ত্রীগৰাকীয়ে জনোৱা মতে বিমান যাত্রাৰ তুলনাত বহু কম খৰচতেই এই ট্রেইনখনেৰে দ্রুতবেগে গন্তব্য স্থান পাবগৈ যাত্রীসকলে৷ উল্লেখ্য যে বন্দে ভাৰতৰ তুলনাত বন্দে ভাৰত শ্লীপাৰ কোচ্চ অলপ সুকীয়া৷ বন্দে ভাৰত শ্লীপাৰ মূলতঃ ৰাতি চলিব৷
ডিজিটেল ডেস্ক, ২ জানুৱাৰী