১৯ শতিকাৰ শেষ দশকত মহামাৰীত উছন হোৱা বিশ্বনাথৰ গাঁওখন
হাইজাৰ প্রকোপত মৃত্যু উপত্যকাত পৰিণত হৈছিল বামুণগাঁও
নিয়মীয়া বাৰ্তা ১ মেঃ প্রযুক্তি আৰু চিকিৎসা শাস্ত্রৰ প্রয়োগত চৰম শিখৰত আৰোহণ কৰিও ক্ষুদ্রকায় বিজাণুৰ ওচৰত নতজানু হোৱা মানৱ সমাজ মহামাৰী–তিমাৰীৰ আগ্রাসনৰ ফলত প্রব্রজনেৰে ঠিকনা সলনি কৰা নতুন কথা নহয়৷ সম্প্রতি ক’ভিডৰ আক্রমণাত্মক ভূমিকাৰ পাছতে কার্যতঃ চর্চালৈ আহিছে মহামাৰীত উছন হোৱা তাহানিৰ দৰং জিলাৰ বিশ্বনাথৰ এখন সম্ভ্রান্ত গাঁৱৰ কথা৷ ঊনবিংশ শতিকাৰ শেষ দশকটোত মহামাৰীত জনশূন্য হোৱা গাঁওখনৰ কাহিনী এয়া৷ হাইজা মহামাৰীৰ প্রকোপত নিঃশেষ হোৱা গাঁওখনৰ নাম বামুণগাঁও৷ অৱশ্যে পূর্বৰ এই পৰিচিতিৰ পৰিৱর্তে গাঁওখনৰ নাম এৰাবাৰী৷ ১৮৯১ চনৰ পৰা ১৯০১ চনলৈকে প্রায় এটা দশকজুৰি চলা এই মহামাৰীৰ প্রভাৱতে মৃত্যু উপত্যকাত পৰিণত হয় ঐতিহাসিক বামুণগাঁও৷ ব্রাহ্মণ সম্প্রদায়ৰ লোকেৰে পূর্ণ এই গাঁওখন নিশ্চিহ্ণ হোৱা সন্দর্ভত ৰাজ্যৰ বিশিষ্ট ইতিহাসবিদ ড০ নিত্যানন্দ গগৈৰ প্রণীত ‘বুৰঞ্জীয়ে পৰশা বিশ্বনাথ প্রান্তৰ’ শীর্ষক গ্রন্থৰ ১৯০ আৰু ১৯১ পৃষ্ঠাত এই গাঁওখনৰ কথা উল্লেখ কৰিছে৷
তাৎপর্যপূর্ণ যে বর্তমানৰ চৰকাৰী নথিত পূর্বৰ বামুণগাঁৱৰ নাম এৰাবাৰী বুলিহে জনা যায়৷ এই সন্দর্ভত ‘নিয়মীয়া বার্তা’ৰ প্রতিবেদকক ইতিহাসৰ বিশিষ্ট গৱেষক ড০ গগৈয়ে জনোৱা মতে, ১৮৮৭–৮৮ চনলৈকে ব্রিটিছ চৰকাৰৰ মেপসমূহত বামুণগাঁৱৰ অৱস্থিতি বিদ্যমান যদিও পৰৱর্তী কালৰ মহামাৰী আৰম্ভ হোৱাৰ পাছত মেপসমূহত বামুণগাঁৱৰ কোনো উল্লেখ নাই৷ সম্ভৱতঃ মহামাৰীৰ প্রকোপত জীৱিতসকল ইয়াৰ দাঁতি–কাষৰীয়া স্থানলৈ গাঁও এৰি যাবলৈ বাধ্য হোৱাত পৰিত্যক্ত গাঁওখন এৰাবাৰীলৈ পর্যবসিত হৈছিল৷ ইতিমধ্যে ১৮৯১ চনৰ পৰা আৰম্ভ হোৱা মহামাৰীত দৰঙৰ হাজাৰ হাজাৰ লোক মৃত্যুমুখত পৰিছিল৷ তদুপৰি কোনো কোনো চাহ বাগিচাত একোটা লাইনৰ প্রায়বোৰ শ্রমিকৰেই মৃত্যু হৈছিল৷
বিশ্বনাথৰ বামুণগাঁও সন্দর্ভত মুখ বাগৰা কাহিনী অনুসৰি একোজন লোকৰ শেষকৃত্য সম্পন্ন নৌহওঁতেই পুনৰ আন দুই–তিনিজনৰ মৃত্যুৰ বিভীষিকাময় পৰিস্থিতিৰ উদ্ভৱ হৈছিল৷ গাঁও উছন হোৱা এয়া কোনো কল্প কাহিনী নহয়৷ এসময়ৰ এৰাবাৰী তথা বামুণগাঁৱত এতিয়া অৱশ্যে মানুহৰ বসতিৰে পূর্ণ৷ বর্তমান গলিয়া নামেৰে পৰিচিত পুৰণি ঐতিহাসিক বামুণগাঁৱত পৰৱর্তী কালত ব্রহ্মপুত্র চাপৰিৰ একাংশ গো–পালকে থিতাপি লোৱাৰ লগে লগে মানুহৰ বসতি পুনৰ আৰম্ভ হ’ল৷ বর্তমানৰ গলিয়াগাঁও শিক্ষিত আৰু আঢ়্যৱন্ত গাঁওসমূহৰ অন্যতম গাঁও৷ বৌদ্ধিক অনুশীলনৰ অন্যতম কেন্দ্র গলিয়াত এতিয়া পুৰাতন বামুণগাঁৱৰ চিন–মোকাম নাই৷ বুঢ়ীগাং–গণ্ডকীপৰীয়্ সভ্যতাৰে বিধৌত বামুণগাঁৱৰ অস্তিত্ব বর্তমান নাই যদিও ক’ৰোনাৰ দৰে মহামাৰীৰ আগ্রাসনৰ মাজতে চিকিৎসা–চিকিৎসাল অভাৱত প্রায় ১২৮–৩০ বছৰ পূর্বে হাইজাত হোৰাহোৰে মৃত্যুমুখত পৰা এখন গাঁৱৰ লুপ্ত মর্মান্তিক কাহিনী নতুন পুৰুষৰ গৱেষকৰ বাবে গৱেষণাৰ যে সমল সেয়া নিশ্চিত৷