নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৰুৰ চোৰাং দাগী ব্যৱসায়ী গব্বৰৰ কোটিটকীয়া স্থাবৰ-অস্থাবৰ সম্পত্তি জব্দ ধুবুৰী আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ২৫ জুলাইঃ সম্প্ৰতি গ্ৰেপ্তাৰ হোৱা চামছূল হ’ক ওৰফে গব্বৰ নামৰ গৰুৰ দাগী চোৰাং ব্যৱসায়ীগৰাকীৰ এক কোটি দুই লাখ এক হাজাৰ দুশ দুই টকাৰ স্থাবৰ আৰু অস্থাবৰ সম্পত্তি আৰক্ষীয়ে জব্দ কৰা বুলি জানিব পৰা গৈছে। ‘‘এচাম কেটেল প্ৰিজাৰভেশ্বন এক্ট, ২০২১’’ অনুসৰি দুৰ্ধৰ্ষ সেই অপৰাধীগৰাকীৰ সেই সম্পত্তি জব্দ কৰা হৈছে বুলি আৰক্ষী সূত্ৰে প্ৰকাশ। জানিব পৰা মতে, জব্দ কৰা স্থাবৰ আৰু অস্থাবৰ সম্পত্তিৰ ভিতৰত গৰু ব্যৱসায়ীগৰাকীৰ পাঁচটাকৈ ঠাইৰ মাটি আৰু দুটাকৈ বেংক একাউন্টো আছে। উল্লেখ্য যে, বিশেষ এক তথ্যৰ ভিত্তিত বিগত ১ জুলাইৰ নিশা ধুবুৰী জিলাৰ বালাজান অঞ্চলত চলোৱা এক অভিযানত গৰুৰ দাগী চোৰাং ব্যৱসায়ী চামছূল হ’ক ওৰফে গব্বৰ আৰক্ষীৰ জালত পৰিছিল। ধুবুৰী জিলাৰ গৌৰীপুৰ থানাৰ অন্তৰ্গত মধুশোলমাৰী অঞ্চলৰ বাসিন্দা ধৃত গব্বৰে গোপনে গৰুৰ চোৰাং বেহা চলাই থকাৰ সমান্তৰালকৈ অন্যান্য বহু অবৈধ কামকাজৰ সৈতে জড়িত থকাৰ তথ্যও আৰক্ষীয়ে লাভ কৰা বুলি প্ৰকাশ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like