নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন দিল্লীৰ দ্বাৰকাত অতিথিশালাৰ শিলান্যাস মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

বিশেষ বাৰ্তা, ২২ এপ্ৰিলঃ চিকিতসাৰ বাবে অসমৰ পৰা দিল্লীলৈ অহা লোকসকলৰ প্ৰতি লক্ষ্য ৰাখি নতুন দিল্লীৰ দ্বাৰকাত অসম চৰকাৰৰ তৃতীয়টো অতিথিশালা স্থাপনৰ বাবে আজি শিলন্যাস কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। চিকিতসাৰ লগতে দিল্লীৰ আগশাৰী শিক্ষানুষ্ঠানসমূহত নামভৰ্তিৰ বাবে অহা ছাত্ৰ-ছাত্ৰীসকলৰ থকা-খোৱাৰ ক্ষেত্ৰত তৃতীয়টো আছাম হাউছত অগ্ৰাধিকাৰ প্ৰদান কৰা হব। অতিথিশালাৰ শিলন্যাস কৰি ডঃ শৰ্মাই এই কথা ব্যক্ত কৰে। তিনিটাকৈ বেছমেন্টযুক্ত মুঠ চাকি মহলীয়া দ্বাৰকাস্থিত আছাম হাউছত মুঠ ১৮টা কোঠা থাকিব। লগতে থাকিব ৩টা ডৰমেটৰী। মুঠ ১০০০ বৰ্গ মিটাৰ এলেকাত ২১.৬৬ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হব আছামা হাউছখন। ১৮ মাহৰ ভিতৰত নিৰ্মাণকাৰ্য সম্পন্ন কৰা হব। ইয়াৰ বাবে মুখ্যমন্ত্ৰীয়ে আজি ৰাজ্যৰ লোক নিৰ্মাণ বিভাগক প্ৰয়োজনীয় নিৰ্দেশ প্ৰদান কৰে। আনহাতে শিলান্যাস অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই নিজৰ ভাষণ প্ৰসংগত জনায় যে সততে চিকিতসাৰ বাবে ভেলৰলৈ যোৱা ৰোগীসকলৰ বাবেও জুন মাহত আছাম হাউছৰ দ্বাৰ খোল খাব। চলিত বছৰত বাংগালৰুতো আছাম হাউছ নিৰ্মাণৰ কাম সমাপ্ত হব। কলকাতাত থকা পুৰণি আছাম হাউছখন ভাঙি নতুনকৈ নিৰ্মাণ কৰা হব। আনহাতে মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা মতে, দিল্লী আৰু মুম্বাইত অসম চৰকাৰে এখনকৈ ‘অসম প্ৰকল্প’ স্থাপন কৰাৰ যো-জা চলাই আছে। ‘অসম প্ৰকল্প’ত নামঘৰ, কামাখ্যা মন্দিৰ, বটদ্ৰবা থান, ৰংঘৰ আদিৰ ক্ষুদ্ৰ সংস্কৰণ নিৰ্মাণনেৰে অসমৰ কলা-সংস্কৃতিৰ সম্যক ধাৰণা দাঙি ধৰা হব। মুখ্যমন্ত্ৰীৰ মতে, অসমৰ লগতে অসমৰ বাহিৰতো ৰাজ্য চৰকাৰে বিভিন্ন প্ৰকল্প হাতত লৈছে। আৰু এয়া সম্ভৱ হৈছে তেওঁৰ কাৰ্যকালত আন্দোলন, ধৰ্ণা আদিৰ পৰা যুৱ সমাজ আতৰি আহিছে তথা উন্নয়নৰ জয়-যাত্ৰাত অংশ গ্ৰহণ কৰি আছে। সেয়েহে অসমত এটাৰ পিছত এটাকৈ এতিয়া দলং নিৰ্মাণ কৰা হৈ আছে। ২৪টা চিকিতসা মহাবিদ্যালয়ৰ ভিতৰত ইতিমধ্য ১২টা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য সমাপ্ত হৈছে। বিকাশৰ এক নতুন গতি লাভ কৰিছে অসমে। উল্লেখ্য় যে দিল্লীত তৃতীয়টো আছাম হাউছৰ শিলন্যাস কৰাৰ পূৰ্বে আজি পুৱাৰ ভাগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৯ তিনমূৰ্তি লেনস্থিত নিজৰ চৰকাৰী বাসভৱনৰ গৃহ প্ৰবেশ অনুষ্ঠানৰ আয়োজন কৰিছিল। এইক্ষেত্ৰত ডঃ শৰ্মাৰ বক্তব্য–অসমৰ মুখ্যমন্ত্ৰীয়ে সাধাৰণত দিল্লীত চৰকাৰী বাসভৱন লাভ কৰে। সেয়েহে মুখ্যমন্ত্ৰী হিচাপে মইও এখন চৰকাৰী বাসভৱন লাভ কৰিছো। উল্লেখ্য যে প্ৰয়াত ৰাজ্যৰ প্ৰাক্তন মুখ্য়মন্ত্ৰী তৰুণ গগৈৰো তিনমূৰ্তি লেনত চৰকাৰী বাসভবন আছিল।

প্ৰেৰক কল্লোল ভৌমিক

You might also like