নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইত উৰণীয়া সেতু নিৰ্মাণ : অস্তিত্বৰ সংকটত নেতাজীৰ সৰ্ববৃহৎ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি

নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰী : হোজাই চহৰৰ মেইন ৰোডৰ ওপৰত নিৰ্মান কাৰ্য চলি থকা উৰণীয়া সেতু নিৰ্মাণৰ ফলত স্বাধীনতা সংগ্ৰামী নেতাজী সুভাষ চন্দ্ৰ বসুৰ উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি অস্তিত্বৰ সংকটত পৰাত হোজাইৰ নেতাজীপ্ৰেমী স্থানীয় লোকৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে। হোজাই পুৰণা বজাৰৰ চুপাৰ মাৰ্কেটৰ সম্মুখত মেইন ৰোডস্থিত ব্ৰঞ্জৰ নেতাজীৰ প্ৰতিমূৰ্তি পুনৰ স্থাপনৰ বাবে বজাৰ এলেকা অথবা ৰেল বিভাগৰ ভূমি বিচাৰি লামডিংস্থিত ডি আৰ এম কাৰ্য্যালয়ৰ লগতে হোজাই মহকুমা সদৰ শংকৰদেৱ নগৰ মহকুমাধীপতিক নেতাজি প্ৰতিমূৰ্তি সুৰক্ষা সমিতিয়ে প্ৰথম পৰ্যায়ত স্মাৰক পত্ৰ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰাক্তন মন্ত্ৰী প্ৰয়াত ডাঃ অৰ্ধন্দু কুমাৰ দে’ৰ প্ৰচেষ্টাত হোজাইৰ মেইন ৰোডৰ পুলিচ পইন্টত এটা কাষত নেতাজীৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি স্থাপন কৰাত পুলিচ পইণ্টৰ পৰিবৰ্তে চহৰৰ খনৰ নেতাজি কৰ্ণাৰ হিচাপে চিহ্নিত হৈ পৰে। নেতাজি প্ৰতিমূৰ্তি সুৰক্ষা সমিতিয়ে কালি হোজাইৰ ননী গোপাল গেষ্ট হাউচত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি স্বাধীনতা সংগ্ৰামী নেতাজীৰ প্ৰতিমূৰ্তি পুনৰ স্থাপনৰ বাবে ৰেল বিভাগেই হওঁক বা মহকুমা প্ৰশাসনেই অলপ ভূমিৰ ব্যবস্থা কৰি দিয়াৰ দাবী উত্থাপন কৰি দুই এদিনত স্মাৰক পত্ৰ দাখিল কৰা হব বুলি সুৰক্ষা সমিতিৰ সভাপতি বিজয় চক্ৰৱৰ্তীয়ে জানিবলৈ দিয়ে। ৰেলৰ উৰণীয়া সেতুৰ নিৰ্মান কাৰ্য সম্পূৰ্ণ হোৱাৰ পাছত উৰণীয়া সেতুৰ দুয়োকাষে সৰু যান বাহনৰ চলাচলৰ বাবে, ৰেল ষ্টেচনলৈ যাতায়তৰ বাবে পথ মুকলি কৰাৰ সময়ত যিহেতু নেতাজীৰ প্ৰতিমূৰ্তি আঁতৰাই নিব লাগিব তেনে ক্ষেত্ৰত চহৰখনৰ পুৰণা বজাৰ এলেকাত নেতাজীৰ প্ৰতিমূৰ্তি পুনৰ স্থাপনৰ বাবে ভূমিৰ প্ৰয়োজন হব বুলি সুৰক্ষা সমিতিয়ে জানিবলৈ দিয়ে। ফলত উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ নেতাজীৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি পুনৰ স্থাপনৰ বাবে মহকুমা প্ৰশাসন অথবা ৰেল বিভাগে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হব।

প্ৰেৰক কিশলয় ডি গোস্বামী

You might also like