নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীত আছুৰ কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱসত চাৰি শিল্পীক সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা, ২০ জুনঃ সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত নলবাৰী আঞ্চলিক ছাত্ৰ সন্থা আৰু নলবাৰীবাসীৰ সহযোগত আজি নলবাৰীৰ চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত সদৌ অসম ছাত্ৰ সন্থাৰ “কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱস-২০২৪”ত চাৰিগৰাকী শিল্পী ক্ৰমে বিশিষ্ট অভিনেতা তথা নাট্য শিল্পী নজৰুল ইছলাম, পুতলা নাচৰ বিশিষ্ট শিল্পী গোবিন্দ তালুকদাৰ, ওজাপালি শিল্পী দেৱযানী তালুকদাৰ আৰু প্ৰবীণ ঢুলীয়া শিল্পী ভূপেন ৰয়ক সদৌ অসম ছাত্ৰ সন্থাই বিশেষভাৱে সম্বৰ্ধনা জনায়৷

প্ৰেৰক শৈলেন বৰ্মন

You might also like