নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাহৰকটীয়াত বন্যহস্তীৰ মুক্ত বিচৰণ : হাতী খেদিবলৈ যাওঁতে আহত বন বিষয়া

বিশেষ বাৰ্তা, ৬ ডিচেম্বৰ : দীৰ্ঘদিন ধৰি বৃহত্তৰ জয়পুৰ অঞ্চলত তাণ্ডৱৰ সৃষ্টি কৰি অহা দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকটোৰ আক্ৰমণত আজি পুৱা আহত হয় জয়পুৰ বন বিভাগৰ নামৰূপ খণ্ড বন বিষয়া বাস্তৱ বৰকটকী। জানিব পৰা মতে কালি সন্ধিয়া আঠ মান বজাত প্ৰথমে জয়পুৰৰ অভয়পুৰ অঞ্চলত বনৰীয়া হাতীৰ এটা তিনিজনীয়া জাকে প্ৰৱেশ কৰাৰ তথ্য লাভ কৰি বন বিভাগে অঞ্চলটোত উপস্থিত হৈ হাতীৰ জাকটোক বনাঞ্চলৰ ফালে খেদি পঠিয়ায়। কিন্তু কিছু সময়ৰ অন্তত একেটা জাকেই পুনৰ উভতি আহি কাষৰীয়া কমাৰ গাঁও অঞ্চলৰ কাকজান, কোঁৱৰবাম আদি অঞ্চলত প্ৰৱেশ কৰি আতংকৰ সৃষ্টি কৰাৰ লগতে নিশাৰে পৰা কোঁৱৰবাম গাঁৱৰ ভবেন সোনোৱালৰ বাৰীত অৱস্থান গ্ৰহণ কৰি পৰিয়ালটোৰ চাহ গছকে ধৰি বিভিন্ন সামগ্ৰীৰ অনিষ্ট সাধন কৰে। উল্লেখযোগ্য যে হাতীৰ জাকটো পুনৰ ঘূৰি অহাৰ খবৰ পাই বন বিভাগৰ লোকে তিনিজনীয়া জাকটোক খেদিবলৈ প্ৰয়াস কৰা অৱস্থাত হাতীৰ জাকটোৱে খেদি অহাত পলায়ন কৰিবলৈ চেষ্টা কৰোঁতে জয়পুৰ বন বিভাগৰ নামৰূপ খণ্ড বন বিষয়া বাস্তৱ বৰকটকী লুটি খাই পৰি ভৰি আৰু দেহৰ বিভিন্ন অংশত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। মনকৰিবলগীয়া যে একাংশ বন ধ্বংস কাৰী লোকৰ কৱলত পৰি দিহিং পাটকাই বনাঞ্চলৰ অভ্যন্তৰত ক্ৰমশঃ ফোঁপোলা হৈ পৰাৰ পৰিণতিত খাদ্যৰ অভাৱত ভুগি বনৰীয়া হাতীৰ জাক সমূহে বিগত বছৰ কেইটাৰ পৰা কাষৰীয়া অঞ্চল সমূহত প্ৰৱেশ কৰি অহাৰ ফলত হাতী মানুহৰ সংঘাত যথেষ্ঠ বৃদ্ধি পাইছে। লক্ষণীয় যে প্ৰায় এমাহ পূৰ্বেও এনে এক ঘটনাত বনৰীয়া হাতীৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত হৈছিল হৰকান্ত সোনোৱাল নামৰ এজন লোক। উল্লেখযোগ্য যে বাতৰি প্ৰেৰণ কৰাৰ সময়লৈকে হাতীৰ জাকটোৱে ব্যক্তিগৰাকীৰ বাৰীতে অৱস্থান গ্ৰহণ কৰি মুক্ত বিচৰণ কৰি থকাত নিশা এই জাকটোৱে পুনৰ অধিক ক্ষয় ক্ষতি কৰিব বুলি এতিয়া তীব্ৰ আশংকাত ভুগিছে অঞ্চলবাসীয়ে।

প্ৰেৰক প্ৰাঞ্জল ভূঞা

You might also like