নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুনকৈ আৰম্ভ হোৱা ধুবুৰী মেডিকেল কলেজতো দালালৰ দপদপনিঃ অভিযান চলাই আৰক্ষীয়ে আটক কৰে চাৰি দালালক

নিয়মীয়া বাৰ্তা, ৩০ জুনঃ আজি ধুবুৰী চিকিৎমহাবিদ্যালয় আৰু হাস্পতালৰ পৰা আৰক্ষীয়ে চাৰি দালালক আটক কৰা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, নিৰ্দিষ্ট তথ্যৰ ভিত্তিত, আজি ধুবুৰীৰ বি এন কলেজ নগৰ আৰক্ষী চকীৰ এটি দলে অভিযান চলাই ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী ঝগৰাৰপাৰস্থিত হাস্পতালৰ পৰা চাৰি দালালক কৰায়ত্ত কৰিছে। ধৃত দালালকেইটা শম্ভূ মাহাতো, আমিনুৰ ৰহমান, আৰজু সৰকাৰ আৰু ফিৰোজ শ্বেখ। বৰ্তমানে আটকাধীন চাৰি দালালক ধুবুৰী সদৰ থানাত আৰক্ষীয়ে জেৰা চলাই আছে। উল্লেখ্য যে পূৰ্বৰ ধুবুৰী অসামৰিক চিকিৎসালয় তথা অধুনা ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত চিকিৎসালয়খনত কৰ্মৰত এচাম ধূৰন্ধৰ কৰ্মচাৰীৰ সহযোগত অঞ্চলটোৰ একাংশ ফাৰ্মাচী আৰু ব্যক্তিখণ্ডৰ এক্স ৰে আৰু স্কেন চেন্টাৰৰ পৃষ্ঠপোষকতাত দালালৰাজ চলি থকাৰ দীৰ্ঘদিনীয়া এক অভিযোগ আছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like