পাঞ্জাৱ নেচনেল বেংকৰ দায়বদ্ধতা, বিতৰণ কৰিলে মাস্ক-ছেনিটাইজাৰ
নিয়মীয়া বাৰ্তা, ২৬ ছেপ্টেম্বৰঃযোৰহাট পাঞ্জাৱ নেচনেল বেংকৰ লিচুবাৰী আৰু চিনামৰা শাখাই সামাজিক দায়বদ্ধতা কাৰ্যসূচীৰ অধীনত ” Lets break the chain of infection” শীৰ্ষক এক কাৰ্যসূচী পালন কৰে। চৰকাৰৰ উপস্থিত স্হানীয় শতাধিক লোকৰ মাজত ক’ৰোণা সংক্ৰমন ৰোধৰ বাবে মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰে।লগতেই ৰাইজক ‘কভিড-১৯’ ৰ সংক্ৰমণৰ ৰোধৰ বাবে লবলগীয়া সজাগতা, সাৱধানতা সম্পৰ্কেও অৱগত কৰে |উক্ত কাৰ্যসূচীত দুয়োটা শাখাৰ শাখা প্ৰৱন্ধক উপস্হিত আছিল।