নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৪ ঘণ্টা উকলিল : ধুবুৰীৰ শোকাৱহ নাও দুৰ্ঘটনাত সন্ধানহীন চক্ৰ বিষয়া সঞ্জু দাসৰ পোৱা নাই সন্ধান

নিয়মীয়া বাৰ্তা, ৩০ ছেপ্টেম্বৰঃ ধুবুৰীৰ আয়ৰণ জংলা প্ৰথম খণ্ড অঞ্চলৰ সমীপৰ বৰলুইতত সংঘটিত হোৱা কালিৰ ভয়াৱহ নাও দুৰ্ঘটনাটোৰ চৌব্বিছ ঘন্টাৰ অধিক সময় উকলিল যদিও বৰ্তমানলৈ সন্ধান ওলোৱা নাই দুৰ্ঘটনাটোত নিখোজ হোৱা ধুবুৰীৰ চক্ৰ বিষয়া সঞ্জু দাসৰ। স্মৰ্তব্য যে কালি নিজৰ কাৰ্য্যালয়ৰ এগৰাকী লাটমণ্ডল আৰু ফিল্ড অফিচাৰসহ ধুবুৰীৰ আয়ৰণ জংলা প্ৰথম খণ্ডৰ সমীপৰ বৰলুইতৰ সিপাৰে থকা আমিনেৰ চৰ নাম এক দুৰ্গম চৰাঞ্চললৈ নৈখনে চলাই থকা গৰাখহনীয়াৰ চৰজমিন তদন্ত চলাবলৈ গৈছিল তিনিজনীয়া সেই দলটোৱে। দলটোৱে এখন সৰু ভুটভুটীৰে ওভোতাৰ সময়ত নৈৰ পানীত বুৰ গৈ থকা নিৰ্মীয়মাণ ধুবুৰী ফুলবাৰী দলংখনৰ এটা খুটাত খুন্দা মাৰাৰ পিছত বুৰ গৈছিল সেইখন। ভুটভুটীখনত থকা যাত্ৰীৰ সংখ্যাকে ধৰি দুৰ্ঘটনাটোত কিমান লোক সন্ধানহীন হৈছে সেয়া লৈ থকা প্ৰাৰম্ভিক বিভ্ৰান্তি আঁতৰাৰ পিছত সেইখনৰ মুঠ ২৯ যাত্ৰী থকাটো নিশ্চিত কৰিছিল প্ৰশাসনে। উন্মোচিত হৈছিল ভুটভুটীখনৰ ২৯ যাত্ৰীৰ ধুবুৰীৰ চক্ৰ বিষয়াগৰাকীয়ে কেৱল সন্ধানহীন হোৱাৰ বিষয়টোও। ইপিনে, কালিৰ নাও দুৰ্ঘটনাটোত কথমপি প্ৰাণ ৰক্ষা পৰা ধুবুৰী চক্ৰ বিষয়াৰ লাটমণ্ডল নমেজ উদ্দিনে ধুবুৰী ফুলবাৰী দলঙৰ নিৰ্মাণকাৰী সংস্থা এল এণ্ড টিৰ কৰ্মচাৰীয়ে বাধা দিয়াৰ বাবেই যোৱাৰ সময়ত তেওঁলোকে ব্যৱহাৰ কৰা নিৰ্মাণকাৰী সংস্থাটোৰ অস্থায়ী দলংখনেৰে উভতি নাহি আমিনেৰ চৰৰ পৰা এখন ভুটভুটীৰে আহিবলগীয়া হোৱা বুলি স্থানীয় সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰিছিল। আনকি নাওখন দুৰ্ঘটনাগ্ৰস্ত হোৱা দেখি অঞ্চলটোৰ একাংশ প্ৰত্যক্ষদৰ্শীয়ে ধুবুৰী–ফুলবাৰী দলঙৰ নিৰ্মাণকাৰী এলএণ্ডটিৰ এখন অস্থায়ী দলঙৰ ওপৰেৰে উদ্ধাৰ কাৰ্য্য চলাবলৈ গৈ সংস্থাটোৰ একাংশ কৰ্মচাৰীৰ বাধাৰ সন্মুখীন হোৱা বুলিও উচ্চাৰিত হোৱা পোৱা গৈছিল। তাৰোপৰি এল এণ্ড টিয়ে নিৰ্মাণ কৰি থকা ধুবুৰী ফুলবাৰী দলংখনৰ বৰ লুইতৰ পানীত বুৰ গৈ থকা নিৰ্মীয়মান খুটাবোৰ চিহ্নিত কৰাৰ বাবে কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰো অভিযোগ উত্থাপিত হৈছিল। অৱশ্যে ধুবুৰী সদৰ থানাত এল এণ্ড টিৰ স্থানীয় বিষয়াসকলৰ বিৰূদ্ধে দূৰ্যোগ প্ৰশমন বিভাগে দাখিল কৰা এজাহাৰৰ ভিত্তিত ৪৬০/২২ নম্বৰত এক গোচৰ ৰুজু কৰিছিল আৰক্ষীয়ে। জানিব পৰা মতে, প্ৰাৰম্ভিক তদন্তৰ পিছত নিৰ্মাণকাৰী সংস্থাটোৰ ৰাজেশ কুমাৰ যাদৱ আৰু হৰিশ তেৱাৰী নামৰ এল এণ্ড টিৰ স্থানীয় দুগৰাকী কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰি আজি ধুবুৰী আদালতত হাজিৰ কৰায় আৰক্ষীয়ে। ইপিনে দুৰ্ঘটনাটোত নিখোজ হৈ থকা চক্ৰ বিষয়াগৰাকীৰ সন্ধানত কালিৰ পৰাই এছডিআৰএফ বাহিনীৰ সমান্তৰালকৈ এনডিআৰএফ বাহিনীয়ে অভিযান আৰম্ভ কৰিছিল লুইতত। কালি নিশা এন্ধাৰৰ বাবে অভিযান বন্ধ কৰিলেও আজি পুৱা ৫ বজাৰ পৰা পুনৰ আৰম্ভ হয় উদ্ধাৰ অভিযান। অসম আৰক্ষীৰ অগ্নি নিৰ্বাপক আৰু আপদকালীন সেৱাৰ মহা পৰিদৰ্শক বিনোদ কুমাৰে স্বয়ং ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযানৰ তদাৰকী কৰি থকা পোৱা গৈছে। এনডিআৰএফ আৰু এছডিআৰএফ দলৰ মুঠ ৯৬ জনীয়া দলে ১৫ খন স্পীড বোট আৰু গভীৰ ডুবাৰুৰে তালাচী তথা উদ্ধাৰ (search & rescue) অভিযান চলাই থকা বুলি সদৰি কৰিছে ধুবুৰীৰ আৰক্ষী অধীক্ষক অভিজিৎ গুৰাৱে। তদুপৰি ৰাজ্যিক দূৰ্যোগ প্ৰশমন বিভাগৰ এটি তিনিজনীয়া দলে এটা অত্যাধুনিক ড্ৰ’নেৰে সেই অভিযানত সহযোগ কৰি থকা বুলিও প্ৰকাশ। উল্লেখ্য যে, যোৱাকালিৰ বৰলুইতত হোৱা দূৰ্ঘটনাটোৰ স্থানৰ পৰা নৈখনৰ নামনিৰ মাথো ৫ কিলোমিটাৰ দূৰত্বতত আছে ভাৰত–বাংলাদেশ সীমান্ত। তাৰেই প্ৰেক্ষাপটত আজি ধুবুৰীৰ আৰক্ষী অধীক্ষক গুৰাবৰ নেতৃত্বত সীমান্তৰ সেই অংশতো তন্ন তন্নকৈ অনুসন্ধান চলোৱা হোৱা বুলিও জানিব পৰা গৈছে। কাষতে থকা ভাৰত–বাংলাদেশ সীমান্ত তথা নৈখনৰ কোৱাল সোঁত তথা জটিল জল আৱৰ্তৰ বাবে নিখোজ হৈ থকা চক্ৰ বিষয়াগৰাকী চুবুৰীয়া বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ ভুৰুংগামাৰীৰ সমীপৰ অঞ্চললৈ উটি যোৱাৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি বিষয়টো লৈ ইতিমধ্যে ধুবুৰীৰ উপায়ুক্ত অন্বামুথন এম পিয়ে কুৰিগ্ৰাম জিলাৰ প্ৰশাসনক যোগাযোগ কৰা বুলিও প্ৰকাশ। উল্লেখ্য যে কালিৰ দুৰ্ঘটনাটোৰ পিছৰে পৰা সন্ধানহীন হৈ থকা ধুবুৰীৰ চক্ৰ বিষয়া সঞ্জু দাসৰ পত্নী ইতিমধ্যে শিলচৰৰ নিজ গৃহৰ পৰা আহি উপস্থিত হৈছে ধুবুৰীত।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like