নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গীতিকাৰ গুলজাৰ-সংস্কৃত পণ্ডিত ৰামভদ্রাচার্যলৈ ৫৮সংখ্যক জ্ঞানপীঠ বঁটা

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ ফেব্ৰুৱাৰীঃ সাহিত্যৰ সর্বোচ্চ সন্মান জ্ঞানপীঠ বঁটা আগবঢ়োৱা হৈছে প্রখ্যাত উর্দু কবি-গীতিকাৰ গুলজাৰ আৰু সংস্কৃত পণ্ডিত জগতগুৰু ৰামভদ্রাচার্যলৈ৷ জ্ঞানপীঠ বঁটা নির্বাচন কমিটীয়ে আজি বিবৃতিযোগে ৫৮সংখ্যক জ্ঞানপীঠ বঁটা-২০২৩ চনৰ কাৰণে দুই প্রখ্যাত লেখক উর্দুৰ কাৰণে গুলজাৰ আৰু সংস্কৃতৰ কাৰণে জগতগুৰু ৰামভদ্রাচার্যলৈ আগবঢ়োৱা হৈছে বুলি ঘোষণা কৰে৷ জ্ঞানপীঠ বঁটা বিজয়ী প্রখ্যাত সাহিত্যিক প্রতিভা ৰয়ৰ অধ্যক্ষতাৰ জ্ঞানপীঠ বঁটা নির্বাচন কমিটীয়ে ২০২৩ চনৰ কাৰণে উর্দু আৰু সংস্কৃতৰ প্রখ্যাত দুই সাহিত্যিক গুলজাৰ আৰু জগতগুৰু ৰামভদ্রাচার্যলৈ আগবঢ়োৱাৰ সিদ্ধান্ত গ্রহণ কৰে৷ ভাৰতীয় সাহিত্যত অনবদ্য বৰঙণি আগবঢ়োৱাৰ বাবে ১৯৫৬ চনৰে পৰা ভাৰতীয় জ্ঞানপীঠে এই সন্মানীয় বঁটাটি প্রদান কৰি আহিছে৷ সংস্কৃত লেখক হিচাপে দ্বিতীয়বাৰৰ বাবে জগতগুৰু ৰামভদ্রাচার্য আৰু পঞ্চমবাৰৰ বাবে উর্দু সাহিত্যত গুলজাৰক এই বঁটা প্রদান কৰা হয়৷

You might also like