নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাথামৰ নেতৃত্বত ৩৬ বছৰীয়া অপেক্ষাৰ অন্ত নিউজিলেণ্ডৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ অক্টোবৰঃ প্ৰায় চাৰে তিনি দশকৰ অপেক্ষাৰ অন্ত পেলালে নিউজিলেণ্ডে। নেতৃত্বত টম লাথাম। সুদীর্ঘ ৩৬ বছৰ পিছত ভাৰতৰ মাটিত টেষ্ট জয় কৰিলে নিউজিলেণ্ডে৷ ভাৰতৰ মাটিত টেষ্ট জয় কৰা আন যিকোনো দেশৰ বাবে অতিশয় কঠিন কাম৷ কিন্তু নিউজিলেণ্ডে একপ্রকাৰ আধিপত্য বিস্তাৰ কৰি শৃংখলাৰ প্রথম টেষ্ট জয় কৰিলে৷ ইয়াৰ লগে লগে টেষ্ট শৃংখলাত কিৱি দলটোৱে ১–০ৰ ব্যৱধানত অগ্রগতি অর্জন কৰে৷ ক্রিকেটৰ দীঘলীয়া ইতিহাসত ভাৰতৰ মাটিত এই পর্যন্ত নিউজিলেণ্ডে টেষ্ট জয় কৰিছে মাত্র তিনিবাৰ৷ প্রথমবাৰ দলটো বিজয়ী হৈছিল ১৯৬৯ চনত৷ ইয়াৰ পিছত ১৯৮৮ চনত নিউজিলেণ্ডে টেষ্টত বিজয় সাব্যস্ত কৰিছে৷ পুনৰ তৃতীয়বাৰৰ বাবে বিজয়ী হ’ল নিউজিলেণ্ড৷ বেংগালুৰুৰ ছিন্নাস্বামী ষ্টেডিয়ামত আজি সামৰণি পৰা প্রথমখন টেষ্টত আলহী দলটোৱে ভাৰতক ৮ উইকেটত পৰাস্ত কৰে৷ প্রথম ইনিংছত মাত্র ৪৬ ৰানতে অলআউট হোৱাৰ পৰিণাম ভুগিবলগীয়া হয় ভাৰতীয় দলে৷ ইয়াৰ পিছত মেচখনত ভাৰতে প্রত্যাৱর্তন ঘটাবলৈ সক্ষম নহ’ল৷ জয়লাভৰ বাবে কিৱি দলটোক দ্বিতীয় ইনিংছত প্রয়োজন হৈছিল মাত্র ১০৭ ৰান৷ বুমৰাহ–ছিৰাজহঁতৰ্ বাবে ৰানৰ পুঁজি আছিল অত্যন্ত কম৷ এনে অৱস্থাত ভাৰতক পৰাজয়ৰ পৰা ৰক্ষা কৰিব পাৰিলেহেঁতেন কেৱল বৰষুণে অথবা ভাৰতীয় বলাৰসকলে মিৰাকল কৰিব পাৰিলে হয়তো ৰোহিত শর্মাৰ দলটোৱে অসাধ্য সাধন কৰিব পাৰিলেহেঁতেন৷ কিন্তু মেচখনৰ পঞ্চম দিনা ইয়াৰ এটাও নঘটিল৷ আউট ফিল্ড আগদিনাৰ বৰষুণৰ বাবে তিতি থকাত নির্ধাৰিত সময়ত খেল আৰম্ভ নহ’ল৷ পলমকৈ খেল আৰম্ভ হোৱাত বুমৰাহে আৰম্ভণিতে অ’পেনাৰ লাথামক বিদায় দি আশাৰ সঞ্চাৰ কৰিলেও আন প্রান্তৰ পৰা বিশেষ সঁহাৰি পোৱা নগ’ল৷ ফলত, নিউজিলেণ্ডে দুটা উইকেট হেৰুৱাই জয়ৰ বাবে প্রয়োজনীয় ৰানখিনি সংগ্রহ কৰে৷ লাথাম আৰু কনোৱে– এই দুগৰাকী বেটাৰক বিদায় দিয়ে বুমৰাহে৷ কিন্তু তেওঁলোকৰ বাহিৰে আৰু এটাও উইকেট দখল কৰিব নোৱাৰিলে ভাৰতীয় বলাৰসকলে৷ ইয়ং (৪৮) আৰু ৰাছিন ৰবীন্দ্রই (৩৯) অপৰাজিত থাকি নিউজিলেণ্ডক বিজয় উপহাৰ দিয়ে৷ এইখন মেচত জয়লাভৰ পিছত নিউজিলেণ্ডৰ আত্মবিশ্বাস বৃদ্ধি পালে৷

You might also like