অৱসৰৰ পূৰ্বে ব’র্ডক কি প্ৰস্তাৱ দিছিল ৰোহিত শর্মা-ই
🔹 অৱসৰৰ পূৰ্বে ব’র্ডক কি প্ৰস্তাৱ দিছিল ৰোহিত শর্মা-ই
🔹 হিটমেনৰ প্রস্তাৱ পোনছাটেই প্রত্যাখ্যান
নিউজ ডেস্ক, ২২ মে’ : টীম ইণ্ডিয়াৰ দুই তাৰকা খেলুৱৈ ৰোহিত শর্মা আৰু বিৰাট কোহলিৰ টেষ্ট অৱসৰ সন্দর্ভত এতিয়াও আলোচনা অব্যাহত আছে ৷ কিয় আকস্মিকভাৱে অৱসৰ ল’লে ৰোহিত আৰু বিৰাটে ? অৱসৰৰ আগতে কি হৈছিল ? ৰোহিত আৰু বিৰাটৰ অৱসৰ সন্দর্ভত ছ’চিয়েল মিডিয়াত আৰম্ভ হৈছে নতুন জল্পনা–কল্পনা ৷
সংবাদ প্রতিষ্ঠানৰ সূত্রই দাবী কৰিছে যে অৱসৰৰ পূর্বে ৰোহিত শর্মাই ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ বিষয়াসকলৰ সৈতে ব্যাপক আলোচনা কৰিছিল৷ আনকি তেওঁ ব’ৰ্ডক অনুৰোধ কৰিছিল ৷ কিন্তু সেই অনুৰোধ প্রত্যাখ্যান কৰে ব’র্ডে ৷ সূত্রটোৰ মতে, ২০১৪ চনত মহেন্দ্র সিং ধোনীয়ে শৃংখলাৰ মাজভাগত টেষ্ট ক্রিকেটৰ পৰা অৱসৰ লোৱাৰ দৰেই ৰোহিত শর্মায়ো অৱসৰ ল’ব বিচাৰিছিল ৷ ২০১৪ চনত ব’ৰ্ডাৰ–গাভাস্কাৰ ট্রফীৰ মাজভাগত অৱসৰ গ্রহণ কৰি ধোনীয়ে অধিনায়কত্বৰ দায়িত্ব বিৰাট কোহলিক গতাই দিছিল ৷ ৰোহিতেও এনেদৰেই অৱসৰ ল’ব বিচাৰিছিল ৷ ইংলেণ্ড ভ্রমণৰ প্রথম দুখন টেষ্টত ৰোহিত শর্মাই খেলিব বিচাৰিছিল ৷ তেওঁ নির্বাচকসকলকো নিজৰ ইচ্ছাৰ বিষয়ে অৱগত কৰিছিল ৷ কিন্তু নির্বাচকসকলে সেই অনুৰোধ পোনছাটেই নাকচ কৰে ৷ টেষ্ট শৃংখলাৰ মাজতে এনে অৱসৰ ল’ব নোৱাৰিব বুলি নির্বাচকসকলে জনায় ৷ তেনেক্ষেত্রত দলৰ ধাৰাবাহিকতাত প্রভাৱ পৰিব ৷ খেলিব বিচাৰিলে গোটেই শৃংখলাটোত খেলিব লাগিব ৷
ব’র্ডে এই অনুৰোধ নাকচ কৰাৰ লগে লগে ইংলেণ্ড ভ্রমণ আৰম্ভ হোৱাৰ পূর্বেই ৰোহিত শর্মাই টেষ্ট ক্রিকেটৰ পৰা অৱসৰৰ কথা ঘোষণা কৰে ৷ ইয়াৰ পাঁচ দিন পিছত বিৰাট কোহলিয়েও টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা কৰে ৷ ৰোহিত শর্মা আৰু বিৰাট কোহলিয়ে আকস্মিকভাৱে টেষ্ট ক্রিকেটৰ পৰা অৱসৰ লোৱাত টীম ইণ্ডিয়াৰ আগন্তুক ইংলেণ্ড ভ্রমণ যথেষ্ট কঠিন হোৱাৰ সম্ভাৱনা আছে ৷
ইংলেণ্ড ভ্রমণৰ আগমুহূর্তত দুগৰাকী জ্যেষ্ঠ খেলুৱৈয়ে টেষ্ট ক্রিকেটক বিদায় জনোৱাত ৰোহিত আৰু কোহলিৰ স্থান ভাৰতীয় টেষ্ট দলটোত কোন খেলুৱৈয়ে পূৰাব, তাক লৈ চর্চা চলিছে ৷ উল্লেখ্য যে ইংলেণ্ডৰ বিপক্ষে খেলিবলগীয়া পাঁচখনীয়া টেষ্ট মেচৰ শৃংখলাটোৰ বাবে ২৩ মে’ত ভাৰতীয় দলটো ঘোষণা কৰাৰ পূর্ণ সম্ভাৱনা আছে৷