নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বকাপ ক্ৰিকেটৰ সূচী 🔹 নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ১৫ অক্টোবৰত ভাৰত-পাকিস্তানৰ মেচ

বিশেষ বাৰ্তা, ২৭ জুনঃ ৪৬ দিন ধৰি ক্ৰিকেট মহাৰণ চলিব ভাৰতৰ মাটিত। এদিনীয়া বিশ্বকাপৰ ৪৮খন খেল অহা অক্টোবৰ-নৱেম্বৰৰ ভিতৰত ভাৰতৰ মুঠ ১২খন ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । মঙলবাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলে বিশ্বকাপ ক্ৰিকেটৰ সূচী প্ৰকাশ কৰাৰ লগে লগে ক্ৰিকেটপ্ৰেমীৰ মাজত উৎকণ্ঠা বিৰাজ কৰিছে। ৫ অক্টোবৰত নিউজিলেণ্ড-ইংলেণ্ডৰ খেলৰ জৰিয়তে এই ক্ৰিকেট বিশ্বকাপৰ আৰম্ভণি হ’ব। এই খেলখন আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। ১৯ নৱেম্বৰত এই খেলপথাৰখনতে অনুষ্ঠিত হ’ব ফাইনেল খেলখন। মুম্বাই আৰু কলকাতাত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতাখনৰ ছেমি ফাইনেল। প্ৰতিযোগিতাখনৰ আটাইতকৈ হাইভল্টেজ মেচখন অৰ্থাৎ ভাৰত-পাকিস্তানৰ যুঁজখন ১৫ অক্টোবৰত নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। অৱশ্যে ভাৰতৰ বিশ্বকাপৰ অভিযান আৰম্ভ হ’ব অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলৰ জৰিয়তে। এই খেলখন ৮ অক্টোবৰত চেন্নাইত অনুষ্ঠিত হ’ব।  মুঠ ১০টা দলে অংশগ্ৰহণ কৰিব বিশ্বকাপত। আয়োজক ভাৰত, পাকিস্তান, বাংলাদেশ, আফগানিস্তান, নিউজিলেণ্ড, দক্ষিণ আফ্ৰিকা, অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডে ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ বাবে পোনপটীয়াকৈ যোগ্যতা অৰ্জন কৰিছে। এতিয়া বাকী দুটা দল কোৱালিফায়াৰ ৰাউণ্ডৰ পৰা আহিব।

You might also like