নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভোমোৰাৰ ৰম্যভূমি অৰুণাচল প্রদেশ

হিমালয়ৰ অধিক উচ্চতাত বনৰীয়া আৰু কৃষিজাত উদ্ভিদৰ পৰাগযোগত ভোমোৰাৰ বিভিন্ন প্রজাতিয়ে উল্লেখযোগ্য ভূমিকা পালন কৰে৷ এই অঞ্চলত ইয়াৰ উপস্থিতি অতি মহত্ত্বপূর্ণ, কাৰণ আন বহু পোক–পতংগ এই ঠাইত বাছি থাকিবলৈ অক্ষম৷ ভাৰতত ভোমোৰাৰ প্রজাতিসমূহৰ বিস্তৃতিৰ বিষয়ে বিশদ গৱেষণা হোৱা নাই৷ হিমালয়ৰ পশ্চিম আৰু কেন্দ্রীয় অংশত ইহঁতৰ বিস্তৃতিৰ বিষয়ে কিছু অধ্যয়ন হৈছে যদিও পূব হিমালয়ৰ কঠোৰ জলবায়ুৰ বাবে এই অঞ্চলত ইহঁতৰ অধ্যয়ন অতি সীমিত হৈ আছে৷
শেহতীয়াকৈ ভাৰত, অষ্ট্রিয়া আৰু জার্মানীৰ গৱেষকৰ দল এটাই হিমালয়ৰ পূব প্রান্তত অৱস্থিত অৰুণাচল প্রদেশত ব’ম্বাছ নামৰ জাতিটোৰ (ভোমোৰা) বিষয়ে অধ্যয়ন কৰিছিল৷ তেওঁলোকে এই ঠাইত ভোমোৰাৰ ২১টা প্রজাতিৰ সন্ধান পাইছিল, যি পূর্বতে হোৱা সকলো অধ্যয়নতকৈ বেছি৷ ভাৰত চৰকাৰৰ জৈৱ–প্রযুক্তিবিদ্যা বিভাগৰ দ্বাৰা আংশিকভাৱে সমর্থিত এই অধ্যয়নটোৰ ফলাফলসমূহ জু কিজ নামৰ পত্রিকা এখনত প্রকাশ হৈছে৷
গৱেষকসকলে ২০১৫ চনৰ পৰা ২০১৭ চনৰ মাজত ফুল ফুলাৰ সময়খিনিত (বাৰিষাৰ আগৰ পৰা বাৰিষাৰ পিছলৈ) অৰুণাচল প্রদেশৰ পৰা ভোমোৰাৰ প্রায় ৭০০টা নমুনা সংগ্রহ কৰিছিল৷ এই নমুনাসমূহ পূব হিমালয়ৰ ২০০ৰ পৰা ৪,৩০০ মিটাৰ উচ্চতাৰ ভিতৰত বিভিন্ন ঠাইৰ পৰা সংগ্রহ কৰা হৈছিল৷ ইতিমধ্যে উপলব্ধ বর্ণনাৰ সৈতে তুলনা কৰি এই নমুনাসমূহ ভোমোৰাৰ ২১ প্রজাতিৰ অন্তর্গত বুলি চিনাক্ত কৰা হৈছিল৷ পূব হিমালয়ৰ বিভিন্ন উচ্চতাত ভোমোৰাৰ বিভিন্ন প্রজাতিৰ বিতৰণত এক বিশেষ ক্রম থকা দেখা গৈছিল৷ ১,০৯০ মিটাৰ উচ্চতালৈ থকা সেমেকা চিৰসেউজীয়া অৰণ্যত মাত্র তিনিটা প্রজাতি পোৱা গৈছিল৷ লক্ষণীয়ভাৱে বর্ধিত উচ্চতাত উপলব্ধ প্রজাতিৰ সংখ্যা বেছি হোৱা পৰিলক্ষিত হৈছিল৷ ৩,০০০ ৰ পৰা ৪,০০০ মিটাৰ উচ্চতাৰ ভিতৰত থকা ছাব আলপাইন অৰণ্যত ১৫টা প্রজাতিৰ উপস্থিতি প্রমাণিত হৈছিল৷
গৱেষকসকলে মন কৰিছিল যে কিছুমান প্রজাতি যেনে– ব’ম্বাছ এলব’প্লীউৰেলিছ আৰু বি ব্রেভিচেপছ আদি হিমালয়ৰ এটা উচ্চতালৈয়ে সীমাবদ্ধ হৈ নাথাকি বিভিন্ন উচ্চতাত বিস্তৃত হৈ আছে৷ গৱেষকসকলৰ মতে, কিছুমান প্রজাতিৰ বিভিন্ন উচ্চতা আৰু বাসস্থানত থাকিব পৰাকৈ হোৱা এই অভিযোজন ক্ষমতা এক লক্ষণীয় বিষয়৷ আনহাতে শতৰুৰ পৰা বাচি থাকিবলৈ কিছুমান প্রজাতিৰ বেলেগ প্রজাতিৰ দৰে ভেশচন ধৰাৰ ক্ষমতা থকাও দেখা গৈছিল৷
২০০৪ চনত প্রকাশিত হোৱা এক অধ্যয়নত অৰুণাচল প্রদেশত ব’ম্বাছৰ মাত্র আঠটা প্রজাতি পোৱা গৈছিল৷ আনহাতে মালকিয়াট চাইনি আৰু তেওঁৰ দলে দেশজুৰি চলোৱা১২ বছৰীয়া সমীক্ষাত এই অঞ্চলত মাত্র এটা প্রজাতিৰ উপস্থিতিৰ প্রমাণ পাইছিল৷ গতিকে ২১টা প্রজাতিৰ সন্ধান পোৱা বর্তমান অধ্যয়নটোৱে নিশ্চয়কৈ পূব হিমালয়ত এইবিধ ভোমোৰাৰ বিস্তৃতিৰ বিষয়ে এক ভাল ছবি দাঙি ধৰিছে৷ বি মিৰাচ নামৰ ভোমোৰাৰ প্রজাতি এটা পূর্বতে কেৱল হিমালয়ৰ পশ্চিম আৰু কেন্দ্রীয় অংশতেই থকা বুলি ভবা হৈছিল৷ কিন্তু বর্তমান অধ্যয়নত সংগৃহীত প্রায় ১৩ শতাংশ নমুনাই এই প্রজাতিৰ সদস্য আছিল, যিয়ে প্রমাণ কৰিলে যে ইহঁত পূব হিমালয়কে ধৰি হিমালয়ৰ বিভিন্ন অংশত বিস্তৃত হৈ আছে৷
এই অধ্যয়নে অৰুণাচল প্রদেশৰ ভোমোৰাৰ বৈচিত্র্য কাশ্মীৰ, উত্তৰাখণ্ড আৰু হিমাচল প্রদেশৰ সমকক্ষ বুলি প্রমাণ কৰিলে৷ গৱেষকসকলে আশা প্রকাশ কৰে যে অধিক অধ্যয়নৰ পাছত ৪,০০০ মিটাৰ উচ্চতাৰ ওপৰত থকা গছবিহীন আলপাইন অঞ্চলতো আৰু অধিক প্রজাতিৰ সন্ধান পোৱা যাব৷
স্থানীয় খেতি–বাতিৰ পদ্ধতিত হোৱা সালসলনি আৰু বিশ্বৰ জলবায়ু পৰিৱর্তনে ভোমোৰাৰ আবাদীকো প্রভাৱান্বিত কৰিছে৷ প্রতিকূল পৰিৱেশৰ মাজতো পৰাগযোগত ইহঁতে পালন কৰা অতি গুৰুত্বপূর্ণ ভূমিকালৈ লক্ষ্য ৰাখি এই অঞ্চলত শস্যৰ উৎপাদন আৰু জৈৱ–বৈচিত্র্য ৰক্ষা কৰিবলৈ ইহঁতৰ সংৰক্ষণ অতি প্রয়োজনীয়৷ সলনি হৈ থকা উষ্ণতাই কেনেকৈ ভোমোৰাৰ এই প্রজাতিসমূহক প্রভাৱান্বিত কৰিব, সেয়া অধ্যয়ন কৰাটোও অতি গুৰুত্বপূর্ণ৷
আপেল আদি গুৰুত্বপূর্ণ উদ্ভিদৰ পৰাগযোগ প্রক্রিয়াত সহায় কৰিব পৰাকৈ গৱেষণাগাৰত ভোমোৰাৰ স্থানীয় প্রজাতি পালনৰ কাম চলি আছে৷
‘‘ইহঁতৰ সম্ভাৱনাৰ বিষয়ে নিশ্চিত হ’বলৈ আৰু ভৱিষ্যতে অৰুণাচল প্রদেশত ব্যৱসায়িক ভিত্তিত ফল আৰু শস্যৰ পৰাগযোগত ব্যৱহাৰৰ উপযোগী হ’ব পৰা ভোমোৰাৰ প্রজাতিসমূহ চিনাক্ত কৰিবলৈ অধিক অধ্যয়নৰ প্রয়োজন আছে৷’ গৱেষকসকলে কয়৷

You might also like