নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মূলা

অর্পণ দত্ত

অসমত সহজলভ্য আৰু প্রচুৰভাৱে পোৱা এবিধ পাচলি হৈছে মূলা ৷ প্রকৃততে এইবিধ পাচলি শীতকালীনহে৷ কিন্তু বর্তমানৰ আধুনিক প্রযুক্তি প্রয়োগেৰে বছৰৰ সকলো সময়তে কৰিব পৰাৰ উপায় ওলোৱাত বজাৰত ইয়াক যিকোনো সময়তে পাব পৰা হৈছে৷ সেয়ে হ’লেও অৱশ্যে শীতকালৰ মূলাৰ এক সুকীয়া স্বাদ পোৱা যায়৷ বাস্তৱত দেখা যায় যে এইবিধ পাচলি বহু কম সময় আৰু কম যত্নৰ বিনিময়তে উৎপাদন কৰিব পৰা যায়৷ সেয়েহে শীতকালৰ প্রাৰম্ভতে বজাৰত এইবিধ পাচলি উপলব্ধ হয়৷ একে কথা ঘৰৰ, বাৰীৰ ক্ষেত্রতো প্রতিফলিত হোৱা দেখা যায়৷ সকলোকে পিছ পেলাই মূলা আগুৱাই যায়৷ ইয়াক শাক আৰু পাচলি, অর্থাৎ উভয় ৰূপতে খোৱা হয়৷ প্রথমে পোৱা শাকৰূপী পুলিৰ পৰাই পিছৰ ফালে গুৰিৰ ফালে পাচলিৰূপী মূলা পোৱা যায়৷ সেইবুলি সকলো পুলিৰ পৰাই মূলা পোৱা নাযায়৷ গুৰিত মূলা নধৰা গছক ধেৰুৱা কোৱা হয়৷ ধেৰুৱা সহজে নিসিজে ৷

মূলাক ইংৰাজীতRadish আৰু বৈজ্ঞানিকভাৱেRaphanus Raphanistram কোৱা হয়৷ দৰাচলতে মূলা হৈছে লাই, সৰিয়হ আদিৰ দৰে গছত ছেঁই ধৰা এবিধ সপুষ্পক উদ্ভিদ৷ ইয়াৰ গছ একবর্ষী৷ আমি অসমত দুই বৰণৰ বগা আৰু ৰঙা মূলাহে দেখিবলৈ পাওঁ৷ কিন্তু এই দুই ৰঙৰ বাহিৰে ক’লা ৰঙৰ মূলাও পোৱা যায়৷ ইয়াৰ পাতক শাক হিচাপে ভাজি খোৱা হয়৷ মূলাৰ বোলে ৰঙভেদে পুষ্টি উপাদানৰ তাৰতম্যও পোৱা যায়৷ কোমল অৱস্থাৰ পাতক ভাজি কৰি খালে যথেষ্ট তৃপ্তি পোৱা যায়৷ সাধাৰণতে পূৰঠ পাত খোৱা নাযায় যদিও বহুতে তেনে পাতকে খাৰ দি ৰান্ধি সুস্বাদু কৰি তোলাও দেখা যায় ৷

পুষ্টিৰ দিশত মূলা যথেষ্ট সবল৷ ইয়াৰ ১০০ গ্রামত পোৱা পুষ্টি উপাদানবোৰ এনে – কার্বোহাইড্রেট ৩.৪ গ্রাম, প্র’টিন ০.৬৮ গ্রাম, চর্বি ০.১ গ্রাম, আঁহ ১.৬ গ্রাম, পানী ৯৪.৪ গ্রাম, কেলছিয়াম ২৫ মিঃ গ্রাম, আইৰণ ০.৩৪ মিঃ গ্রাম, মেগনেছিয়াম ১০ মিঃ গ্রাম, মেংগানিজ ০.০৬৯ মিঃ গ্রাম, ফছফৰাছ ২০ মিঃ গ্রাম. পটাছিয়াম ২৩৩ মিঃ গ্রাম, জিংক ০.২৮ মিঃ গ্রাম, ফ্লোৰাইড ৬ মাইক্র’গ্রাম৷ তেনেকৈ ইয়াত পোৱা ভিটামিনসমূহ হৈছে এ৭ আই ইউ, বি১ ০.০১ মিঃ গ্রাম, বি২ ০.০৩৯ মিঃ গ্রাম, বি৩০.২৫৪ মিঃ গ্রাম, বি৫০.১৬৫ মিঃ গ্রাম, বি৬০.০৭১ মিঃ গ্রাম, বি৯২৫ মাইক্র’গ্রাম আৰু চি ১৪.৮ মাইক্র’গ্রাম৷ সেইদৰে ইয়াত পোৱা শক্তিৰ পৰিমাণ হৈছে ৬০ কেলৰি/১০০গ্রাম৷ গতিকে উল্লিখিত তথ্যই প্রতিপন্ন কৰে যে আমাৰ দেহক সততে লগা মুখ্য আৰু গৌণ উপাদানবোৰৰ বেছিভাগেই কম–বেছি পৰিমাণে মূলাত পোৱা যায়৷ মন কৰিবলগা যে মূলাৰ পাতত উচ্চ হাৰত ভিটামিন এ থকাৰ বতৰা পোৱা যায়৷ ফলত বিশেষকৈ বাঢ়ি অহা শিশু আৰু বৃদ্ধ–বৃদ্ধাৰ ঘাইকৈ দৃষ্টিশক্তি ঠিকে ৰখাৰ লগতে পেশীতন্ত্রৰ সবলীকৰণতো উপকাৰ পোৱাৰ আশা থাকে৷ মূলাৰ ইমানবিলাক গুণ থকাৰ পাছতো কিন্তু মূলা শাক আৰু মূলা পাচলি ভালেখিনি উপেক্ষিত৷ তেনে হোৱাৰ কাৰণ এটাই – ই পেটত গেছৰ সৃষ্টি কৰে৷ অভিযোগটো অসত্য নহয়৷ প্রকৃততে মূলাত ‘ৰেফিন’জ’Raffinose)নামৰ যি উপাদান থাকে সেই উপাদান ক্ষুদ্রান্তত হজম হোৱাৰ সময়ত গেছৰ উৎপত্তি ঘটে, কিন্তু ই অপকাৰী নহয়৷ তথাপি মূলা ভালকৈ সিজাই আৰু চোবাই খালে সেই সমস্যা হ্রাস পায়৷ প্রণিধানযোগ্য যে এতিয়া বজাৰত নতুন মূলা ওলোৱা সময়তে আমি ইয়াক খোৱাটো যুগুত হ’ব ৷

You might also like