নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

শুল্ক নীতি : ট্রাম্পক আঁতৰাবলৈ বিচাৰে ৬০ শতাংশ আমেৰিকানে

নিউজ ডেস্ক, ২৩ ফেব্রুৱাৰী : ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ মইমতালিত বিৰক্ত আমেৰিকাৰ সাধাৰণ নাগৰিক৷ দেশৰ ৬০ শতাংশ মানুহে বিচাৰে ড’নাল্ড ট্রাম্প ক্ষমতাৰ পৰা আঁতৰি যাওক৷ শেহতীয়াকৈ মার্কিন সমীক্ষক সংস্থা এটাই প্রকাশ কৰিছে এনে এটি চাঞ্চল্যকৰ…

বিশ্বকাপত ছেমিফাইনেল খেলিবলৈ জিম্বাবোৱে-ৱেষ্টইণ্ডিজৰে বিজয় অপৰিহাৰ্য ভাৰতৰ

আইচিচি টি-২০ বিশ্বকাপ ২০২৬ত ভাৰতীয় দল ছুপাৰ-৮ৰ প্ৰথমখন খেলতেই ডাঙৰ আঘাতৰ সন্মুখীন হ’বলগীয়া হৈছে। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত দক্ষিণ আফ্ৰিকাই ভাৰতক ৭৬ ৰানত পৰাস্ত কৰে। এই পৰাজয়ৰ সৈতে টীম ইণ্ডিয়াৰ দীঘলীয়া জয়ৰ ধাৰাও ভংগ হয়।…

নেপালত ভয়ংকৰ বাছ দুৰ্ঘটনা : ত্ৰিশূলী নদীত পৰি ১৮জন নিহত

নেপালৰ ধদাং জিলাৰ গজুৰীৰ ওচৰত সোমবাৰে পুৱতিনিশা এখন যাত্ৰীভৰ্তি বাছ ত্ৰিশূৰী নদীত পৰি যোৱাৰ ফলত কমেও ১৮জন লোক নিহত হয়। পোখৰাৰ পৰা কাঠমাণ্ডুলৈ আহি থকা বাছখন প্ৰিথ্বী হাইৱে’ত কাঠমাণ্ডুৰ পৰা প্ৰায় ৯০ কিলোমিটাৰ পশ্চিমে, নিশা প্ৰায় ১:৩০ বজাত…

শিক্ষাৰ্থী-তীৰ্থযাত্ৰীসহ সকলো ভাৰতীয়ক শীঘ্ৰে ইৰান ত্যাগৰ নিৰ্দেশ

ইৰানত বৃদ্ধি পোৱা উত্তেজনা আৰু শেহতীয়া প্ৰতিবাদৰ মাজতে তেহৰানস্থিত ভাৰতীয় দূতাবাসে সকলো ভাৰতীয় নাগৰিকক তৎক্ষণাত দেশ ত্যাগ কৰিবলৈ কঠোৰ পৰামৰ্শ জাৰি কৰিছে। দূতাবাসে Xত প্ৰকাশ কৰা এডভাইজৰীত কোৱা হৈছে যে ছাত্ৰ-ছাত্ৰী, তীৰ্থযাত্ৰী, ব্যৱসায়ী…

DECODING জীৱন : সাধাৰণ হোৱাৰ ভয়

🔹 ড০ পার্থসাৰথি মহন্ত এটা সময় আছিল– সাধাৰণ জীৱন এটাক আশীর্বাদ বুলি গণ্য কৰা হৈছিল৷ এখন সুস্থিৰ কর্মক্ষেত্র, সন্তান ক্রমাৎ ডাঙৰ হৈছে, পিতৃ–মাতৃ ভালদৰে আছে, চাপ–চিন্তা নোহোৱা গধূলি– এখন শান্তিপূর্ণ ঘৰ৷ সেয়াই যথেষ্ট আছিল৷ জীৱনটো চকুত পৰা…

কাজিৰঙাত একে দিনাই দুটাকৈ গঁড়ৰ আক্ৰমণ, দুজন আহত

ইটোৰ পাছত সিটো গঁড় আক্ৰমণৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত। আজি একে দিনাই দুটাকৈ পৃথক গঁড় আক্ৰমণৰ ঘটনাত এজন চাহ বাগিচাৰ শ্ৰমিক আৰু আনজন গৃহৰক্ষী জোৱান গুৰুতৰভাৱে আহত হয়। বাগৰি বনাঞ্চলৰ বাঘমাৰী বন শিবিৰ এলেকাত…

ধলপুৰ শাখা সাহিত্য সভাৰ মধ্যকালীন অধিৱেশন সম্পন্ন

অসম সাহিত্য সভাৰ লখিমপুৰ জিলা সমিতিৰ অন্তৰ্গত ধলপুৰ শাখা (শতদল) সাহিত্য সভাৰ মধ্যকালীন অধিৱেশন কালি ধলপুৰস্থিত চিত্ৰকূট ৰিজৰ্টত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৷ শাখা সমিতিৰ সম্পাদক চন্দ্ৰ কুমাৰ দত্তই আঁত ধৰা অধিৱেশনত সভাপতিত্ব কৰে শাখা…

পশ্চিমবংগ-তামিলনাডুৰ পৰা ৮ সন্দেহজনক উগ্রপন্থীক গ্রেপ্তাৰ দিল্লী আৰক্ষীৰ

নিউজ ডেস্ক, ২৩ ফেব্রুৱাৰী : পশ্চিমবংগ আৰু তামিলনাডুৰ পৰা ৮ সন্দেহজনক উগ্রপন্থীক গ্রেপ্তাৰ কৰে দিল্লী আৰক্ষীয়ে৷ খবৰ মতে দেশত বৃহৎ আক্রমণ চলোৱাৰ পৰিকল্পনা আছিল তেওঁলোকৰ৷ ধৃত লোকসকল পাকিস্তানী গুপ্তচৰ সংস্থা আইএছআই আৰু বাংলাদেশৰ সন্ত্রাসবাদী…

অৰুণাচলক লৈ নতুন ব্লুপ্রিণ্ট চীন-পাকিস্তানৰ

নিউজ ডেস্ক, ২৩ ফেব্রুৱাৰী : ভাৰত ভূমিত আগ্রাসনৰ নিত্য–নতুন কূটকৌশল অব্যাহত ৰাখিছে আগ্রাসী ৰঙা চীনে৷ বিশেষকৈ চুবুৰীয়া ৰাজ্য অৰুণাচল প্রদেশক নিজৰ মানচিত্রত অন্তর্ভুক্ত কৰাৰ মানসিকতা ড্রেগনৰ দেশে এতিয়াও ত্যাগ কৰা নাই৷ এইবাৰ এইক্ষেত্রত বেইজিঙে…

বার্লিনত ৰীমা দাসৰ ‘Not A Hero’লৈ ক্রিষ্টেল বীয়েৰ স্পেচিয়েল মেনচন সন্মান

নিউজ ডেস্ক, ২৩ ফেব্রুৱাৰী : ভিলেজ ৰকষ্টার্ছ, বুলবুল কেন ছিং, তৰাছ হাজবেণ্ড আদি বহুচর্চিত আৰু জনপ্রিয় চলচ্চিত্রৰে আন্তঃৰাষ্ট্রীয় প্রেক্ষাপটত সন্মান বুটলি আনিবলৈ সক্ষম হোৱা চলচ্চিত্র পৰিচালক তথা নির্মাতা ৰীমা দাসে পুনৰ আন এক আন্তঃৰাষ্ট্রীয়…