নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আহি গ’ল বাজাজৰ দমদাৰ বাইক, এবাৰ তেল ভৰাওক আৰু ৮২৫ কিঃমিঃ যাওক

নিয়মীয়া বাৰ্তা ৩ মাৰ্চঃ  বাজাজ অটোৱে মঙলবাৰে ৫৩,৯২০ টকাত ইয়াৰ ১০২ চিচি মটৰচাইকেল প্লেটিনা ১০০ ইলেক্ট্ৰিক ষ্টাৰ্ট মুকলি কৰাৰ কথা ঘোষণা কৰিছে। এই বাইকখন স্প্ৰিং-ইন-স্প্ৰিং চাচপেঞ্চনৰ সৈতে আহে, যি দীৰ্ঘ দূৰত্বৰ ভ্ৰমণত অধিক আৰাম প্ৰদান কৰে। ইয়াত টিউববিহীন টায়াৰ দিয়া হৈছে , যাৰ বাবে ই এক সুৰক্ষিত আৰু সুবিধাজনক যাত্ৰা নিশ্চিত কৰে।

কোম্পানীটোৱে দাবী কৰিছে যে বৰ্তমান পেট্ৰ’লৰ মূল্য সৰ্বাধিক। গতিকে, বাজাজ প্লেটিনা ১০০ বৈদ্যুতিক বাইকখনে গ্ৰাহকসকলক যথেষ্ট সকাহ প্ৰদান কৰিব। এই বাইকত ১১ লিটাৰ পেট্ৰ’লো ভৰাব পাৰিব।

কোম্পানীয়ে দাবী কৰিছে যে নতুন প্লেটিনাৰ মাইলেজ প্ৰতিলিটাৰত ৭৫ৰ পৰা ১০০ কিলোমিটাৰ দিব। এবাৰ ফুলটেংকি সম্পূৰ্ণ হোৱাৰ পিছত বাইকখনে ৮২৫ কিলোমিটাৰলৈকে ভ্ৰমণ কৰিবলৈ সক্ষম হ’ব।
চাৰি গিয়েৰযুক্ত বাইকখন 102cc, 4 ষ্ট্ৰোক, এক চিলিণ্ডাৰ যুক্ত।

You might also like