নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বন্ধৰ তালিকাৰ পৰা বাদ পৰিল সৰস্বতী পূজা, জন্মাষ্টমী

বাংলাদেশৰ শিক্ষা মন্ত্রালয়ে দেশৰ মাধ্যমিক আৰু নিম্ন মাধ্যমিক বিদ্যালয়ৰ বাবে ২০২৬ বর্ষৰ বন্ধৰ তালিকা প্রকাশ কৰিছে৷ প্রকাশিত বন্ধৰ তালিকা অনুযায়ী নতুন বছৰটোত মুঠ বন্ধৰ দিন ৰখা হৈছে ৬৪ দিন৷

যোৱা বছৰৰ তুলনাত ১২ দিন বন্ধৰ তালিকাৰ পৰা কর্তন কৰি ভাষা দিৱস, সৰস্বতী পূজা, জন্মাষ্টমী, বৌদ্ধ পূর্ণিমা, মহালয়া আৰু মধুপূর্ণিমাক বন্ধৰ তালিকাৰ পৰা বাদ দিয়া হৈছে৷ বাংলাদেশৰ ছাত্র সমাজে বাংলা ভাষাক ৰাষ্ট্র ভাষা কৰাৰ দাবীত যি আন্দোলন চলাইছিল তাৰ গৌৰৱময় ইতিহাসক সন্মান জনাই ২১ ফেব্রুৱাৰীৰ দিনটোক ইউনেস্কোৱে ‘আন্তঃৰাষ্ট্রীয় মাতৃভাষা দিৱস’ হিচাপে স্বীকৃতি প্রদান কৰে৷

পিছে ভাষাৰ আৱেগক পিছ পেলাই থৈ ধর্মৰ আৱেগক উচ্চ স্থান দি মহম্মদ ইউনুছৰ অন্তর্ৱর্তীকালীন চৰকাৰখনে বাতিল কৰে ২১ ফেব্রুৱাৰীৰ বন্ধৰ দিনটোও৷ বিশেষকৈ ২১ ফেব্রুৱাৰী আৰু সংখ্যালঘু সম্প্রদায়ৰ অনুষ্ঠান–পার্বণত বিদ্যালয়ৰ বন্ধৰ তালিকাৰ পৰা বাদ দিয়া কার্যক জামাতশাসিত বাংলাদেশত পৰিকল্পিত ষড়যন্ত্র বুলি ধাৰণা কৰা হৈছে৷

ডিজিটেল ডেস্ক, ২ জানুৱাৰী

You might also like