নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাক্সাৰ বি বি কিষাণ মহাবিদ্যালয়ত প্ৰাক  ৰঙালী বিহু উদযাপন

 

 

নিয়মীযা বাৰ্তা ১২ এপ্ৰিল :—“বিহুৱে আমাৰ সম্প্ৰীতিৰ বাৰ্তা বহন কৰে। গছতলৰ বিহু মঞ্চ পালে। কিন্তু কেঁচা মাটিৰ গোন্ধ থকা আমাৰ গ্ৰামাঞ্চলত প্ৰকৃত বিহুৰ প্ৰতিচ্ছবিখন দেখিবলৈ পোৱা যায়। ছাত্ৰ-ছাত্ৰী সকলে বিদ্যালয় -মহাবিদ্যালয় পৰ্যায়ৰ পৰা সংস্কৃতিৰ উত্তোৰণত সজাগ হ’লে আমাৰ বাপোতি সাহোন ৰঙালী বিহু বিশ্বদৰবাৰত প্ৰতিষ্ঠিত হ’ব । ছাত্ৰ-ছাত্ৰী সকলে সাংস্কৃতিক দিশসমূহক নিজৰ আত্মনিৰ্ভৰশীলতাৰ মাধ্যম হিচাপে গ্ৰহণ কৰাৰ বৰ্তমান উপযুক্ত সময়।” আজি (১২ এপ্ৰিল) স্হানীয় উচ্চ শিক্ষাৰ একমাত্ৰ প্ৰতিষ্ঠান বি বি কিষাণ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত তথা মহাবিদ্যালয়ৰ আছু আৰু আবছু গোটৰ  সহযোগত অনুষ্ঠিত হোৱা প্ৰাক ৰঙালী বিহু উদযাপন উপলক্ষে ৰাতিপুৱা প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন কৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কেশৱ বসুমতাৰীয়ে এইদৰে কয়। মুকলি বিহু আৰু বাগৰুম্বা নৃত্য আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে মহাবিদ্যালয়ৰ সাংস্কৃতিক বিভাগৰ তত্বাৱধায়ক বিৰফুং বসুমতাৰীয়ে। অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি মহাবিদ্যালয়ৰ বড়ো বিভাগৰ মুৰব্বী অধ্যাপিকা ড° যমুনা বসুমতাৰীয়ে কয় যে বিহু  অসমীয়া জাতিৰ বাপোতিসাহোন। বিহুক অপসংস্কৃতিৰ পৰা ৰক্ষা কৰাৰ প্ৰতিগৰাকী অসমীয়াৰে দায়িত্ব আৰু কৰ্তব্য। কৃষিভিত্তিক বিহুক চহা ৰাইজে বৰ আদৰেৰে ৰক্ষণাবেক্ষণ দি আহিছে।নৱ প্ৰজন্মই এতিয়া এই দায়িত্ব পালন কৰাৰ সময় সমাগত। আন এগৰাকী নিৰ্দিষ্ট বক্তা দৰ্শন বিভাগৰ মুৰব্বী অধ্যাপক ড° উৎপল কলিতাই কয় বহাগ মাহৰ বিহুৱে ‘ব’ ৰ প্ৰভাৱ কঢ়িয়াই আনে। বৰ্ধন, বোধন,বিনয়ীতা,বিলয়িতা, বৰষুণ, বৰদৈচিলা এই সকলোবোৰ পৰিঘটনাই বহাগৰ বিহুত ঘটে আৰু সম্প্ৰীতিৰ বান্ধোন কটকটীয়া কৰি তোলে । তেওঁ নৱ প্ৰজন্মক বিশ্বায়নৰ ধামখুমিয়াত বিহুক বিজতৰীয়া নকৰিবলৈ আহ্বান জনায় । প্ৰাক ৰঙালী বিহু উদযাপনত ছাত্ৰ – ছাত্ৰী আৰু অধ্যাপক – অধ্যাপিকাসকলে বিহু নৃত্য ; বাগৰুম্বা নৃত্য আৰু বিহু গীত ; বৈশাগু মেঠাই পৰিবেশন কৰে । অনুষ্ঠানৰ আত ধৰে মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক সৌৰাংসাৰ ব্ৰহ্মই । 
প্ৰেৰক দিগন্ত দাস

You might also like