নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাকালৰ নির্বাচন

সংহাৰী ন’ভেল ক’ৰোনা ভাইৰাছৰ তৃতীয় জোৱাৰ তথা ইয়াৰ নতুন ভেৰিয়েণ্ট অমিক্রনৰ সংক্রমণৰ মাজতে পাঁচ ৰাজ্যৰ নির্বাচনী সময়সূচী ঘোষণা কৰা হৈছে৷ শনিবাৰে দেশৰ নির্বাচন আয়োগে ঘোষণা কৰা অনুসৰি উত্তৰ প্রদেশ, উত্তৰাখণ্ড, পঞ্জাব, মণিপুৰ আৰু গোৱা বিধানসভাৰ নির্বাচন অহা ১০ ফেব্রুৱাৰীৰ পৰা ৭ মার্চলৈ অনুষ্ঠিত হ’ব৷ ১০ মার্চত ভোটগণনা তথা ফলাফল ঘোষণাৰ দিন নির্ধাৰণ কৰা হৈছে৷ পাঁচ ৰাজ্যৰ বিধানসভা নির্বাচনক লৈ দেশৰ ৰাজনৈতিক প্রেক্ষাপটত ইতিপূর্বৰে পৰা ব্যাপক চর্চা অব্যাহত আছিল৷ কিন্তু হঠাতে ভয়ংকৰ হাৰত ক’ৰোনা আৰু ইয়াৰ নতুন ভেৰিয়েণ্ট অমিক্রনৰ সংক্রমণ দেশত বৃদ্ধি পাবলৈ ধৰাত নির্বাচন অনুষ্ঠিত হোৱাক লৈ একপ্রকাৰ সৃষ্টি হৈছিল আশংকা৷ অৱশ্যে নির্বাচনী প্রক্রিয়া সময়মতে সম্পন্ন কৰাৰ কথা ঘোষণা কৰিছিল নির্বাচন আয়োগে৷ সেই অনুসৰিয়েই ১০ ফেব্রুৱাৰীৰ পৰা ৭ মার্চৰ ভিতৰত উত্তৰ প্রদেশত ৭টা, পঞ্জাব–উত্তৰাখণ্ড– তিনিটাকৈ আৰু উত্তৰ–পূর্বাঞ্চলৰ অন্যতম ৰাজ্য মণিপুৰত দুটা পর্যায়ত ভোটগ্রহণ অনুষ্ঠিত হ’ব৷ ৰাজনৈতিক দৃষ্টিকোণৰ উপৰি মহামাৰী সংক্রমণৰ সাম্প্রতিক সময়ত এই পাঁচ ৰাজ্যৰ বিধানসভা নির্বাচনী প্রক্রিয়া সুকলমে সম্পন্ন কৰাটো নির্বাচন আয়োগৰ বাবে যথেষ্ট প্রত্যাহ্বানজনক ৰূপে চিহ্ণিত হৈছে৷ হয়তো আৰম্ভণিৰ পৰাই এই প্রত্যাহ্বান গ্রহণ কৰিয়েই নির্বাচন আয়োগে ক’ভিড বিধি সঠিকভাৱে বলৱৎ হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰি জাৰি কৰিছে বিভিন্ন ধৰণৰ নির্দেশনা৷ বিশেষকৈ ১৫ জানুৱাৰী পর্যন্ত ভোটগ্রহণ হ’বলগীয়া কোনো এখন ৰাজ্যতে প্রচাৰৰ নামত জনসভা অনুষ্ঠিত নকৰিবলৈ, নিশা ৮ বজাৰ পূর্বেই প্রার্থীসকলক নিজৰ নিজৰ প্রচাৰকার্য শেষ কৰিবলৈ নির্দেশ দিয়াৰ উপৰি পদযাত্রা–ৰোড শ্ব’–জনসভা আদি অনুষ্ঠিত কৰাৰ ক্ষেত্রত নির্বাচন আয়োগে বিভিন্ন ধৰণৰ বাধা–নিষেধ আৰোপ কৰিছে৷ তদুপৰি নির্বাচন আয়োগে প্রথমবাৰৰ বাবে ভার্চুৱেল–ডিজিটেল মাধ্যমত নির্বাচনী প্রচাৰ চলোৱাৰ ওপৰত গুৰুত্ব দিছে৷ নিঃসন্দেহে নির্বাচন আয়োগৰ এনেধৰণৰ আগতীয়া সাৱধানতা তথা পদক্ষেপ আদৰণীয়৷ কিন্তু নির্বাচন বুলিলেই ৰাজনৈতিক দলসমূহৰ প্রচাৰৰ ধামখুমীয়া যেন এটা মুদ্রাৰ ইপিঠি–সিপিঠি৷ এনে প্রেক্ষাপটত নির্বাচন আয়োগে জাৰি কৰা নির্দেশনা বাস্তৱত বলৱৎ কৰাৰ ক্ষেত্রত কিমানদূৰ সফল হয় সেয়া লক্ষণীয় হ’ব৷ কিয়নো এনে নির্দেশনাসমূহৰ সামান্য হেৰফেৰ ঘটিলেই প্রথম আৰু দ্বিতীয় জোৱাৰৰ দৰে এইবাৰো মাৰাত্মক ক’ৰোনাই কালৰূপ ধাৰণ কৰাটো ধুৰুপ৷
ক’ৰোনাকালত অনুষ্ঠিতব্য নির্বাচনৰ সময়ত মহামাৰীৰ সংক্রমণ প্রতিৰোধকল্পে যে অকল দেশৰ নির্বাচন আয়োগেই দায়বদ্ধ থাকিব, সেয়া হ’ব নোৱাৰে৷ নির্বাচন আয়োগৰ সমান্তৰালভাৱে কেন্দ্রীয় গৃহ–স্বাস্থ্যকে ধৰি সংশ্লিষ্ট মন্ত্রালয়সমূহে যিবোৰ নীতি–নির্দেশনা সময়ে সময়ে জাৰি কৰি আহিছে, সেইবোৰ সঠিকভাৱে মানি চলাৰ ওপৰত ৰাজনৈতিক দল আৰু প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হোৱা প্রার্থী তথা তেওঁলোকৰ সমর্থকসকলেও গুৰুত্ব প্রদান কৰিব লাগিব৷ কেৱল ক্ষমতা দখলৰ অংকৰেই ক’ৰোনা সংক্রমণ অব্যাহত থকাৰ দৰে স্পর্শকাতৰ সময়ত নির্বাচনী যুঁজত নামি পৰাৰ আশা–আকাংক্ষা শাসক আৰু বিৰোধী উভয় শিবিৰৰ লগতে প্রতিজন প্রার্থীয়ে ত্যাগ কৰা উচিত৷ এই মুহূর্তত তেওঁলোকৰ বাবে গুৰুত্বপূর্ণ হ’ব লাগে জনস্বাস্থ্য ৰক্ষাৰ হকে নির্বাচন আয়োগ আৰু সংশ্লিষ্ট কর্তৃপক্ষসমূহে জাৰি কৰা নীতি–নির্দেশনা৷ সুস্থ আৰু নিকা নির্বাচনেৰে দেশত গণতান্ত্রিক শাসন ব্যৱস্থা অটুট ৰখাৰ লক্ষ্যৰে নির্বাচন আয়োগে নির্দিষ্ট সময়ত উক্ত পাঁচখন ৰাজ্যৰ নির্বাচনী সময়সূচী ঘোষণা কৰিছে৷ এই কথাটোকে উপলব্ধি কৰি ৰাজনৈতিক দল তথা প্রতিদ্বন্দ্বী প্রার্থীসকলে নির্বাচন আয়োগক যথোচিত সহযোগ কৰিলে নিশ্চয় ক’ৰোনাৰ সংক্রমণকো প্রত্যাহ্বান জনাই নির্বাচনী প্রক্রিয়া সফলতাৰে সম্পন্ন কৰাটো সম্ভৱ হৈ উঠিব৷ পাঁচ ৰাজ্যৰ বিধানসভা নির্বাচন ক’ভিডকালত সফলতাৰে অনুষ্ঠিত হোৱা বিষয়টোৰে সম্পর্ক আছে অসমৰো৷ কিয়নো অসমত পৌৰ নির্বাচন সমাগত৷ যদিহে ক’ৰোনা সংক্রমণৰ দৰে স্পর্শকাতৰ সময়ত পাঁচ ৰাজ্যৰ বিধানসভা নির্বাচন সফলতাৰে সম্পন্ন হয়, তেন্তে সেয়া অসমৰ সমাগত পৌৰ নির্বাচনৰ বাবে আর্হি হ’ব পাৰে৷

You might also like