মণিপুৰত বিজেপিৰ প্ৰতি আস্থা এগজিট পলৰ
নিয়মীয়া বাৰ্তা, ৭ মাৰ্চঃ এগজিট পলৰ পূৰ্বানুমান অনুসৰি মণিপুৰত বিজেপিৰ চৰকাৰ হব বুলি ধাৰণা কৰা হৈছে। আজি কেইবাটাও ৰাষ্ট্ৰীয় টিভি চেনেলৰ এগজিট পল অনুসৰি দেশৰ শাসনত থকা ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আস্থা প্ৰকাশ কৰিছে। উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম ৰাজ্য মণিপুৰত বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি আজি প্ৰায়কেইটা চেনেলৰ এগজিট পল প্ৰকাশ পাইছে। আজি ঘোষিত এগজিট পলৰ মতে এনডি টিভিয়ে বিজেপিক ৩০খন লাভ কৰিব বুলি কৈছে। তাৰ বিপৰীতে ৰিপাব্লিক ভাৰতে বিজেপিৰ আসনৰ সংখ্যা ধাৰ্য কৰিছে ২৭-৩১খন। জী নিউজৰ মতে বিজেপিয়ে ৩৩-৩৭খন লাভ কৰিব বুলি ধাৰণা কৰিছে। মুঠৰ ওপৰত এগজিট পল অনুসৰি মণিপুৰতো বিজেপিৰ চৰকাৰ হব বুলি আস্থা ৰাখিছে।