নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুই দশকৰ পিছত নিৰ্মাণ সম্পূৰ্ণ চাপৰমুখৰ কচুৱা পাৰঘাট দলং মুকলি কৰিলে জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকাই

নিয়মীয়া বাৰ্তা, ১২ মাৰ্চঃ সুদীৰ্ঘ প্ৰায় দুটা দশকৰ মূৰত নগাঁও জিলাৰ চাপৰমুখৰ কচুৱা পাৰঘাটত কপিলীৰ ওপৰত নিৰ্মীয়মাণ  পকী দলংখনৰ যাতায়াত আনুষ্ঠানিকভাৱে আজি মুকলি কৰা হয়। আজি কপিলীপৰীয়া ৰাইজৰ বিপুল হৰ্ষোল্লাসৰ মাজত এই পকী দলংখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধনী কৰে জলসম্পদ, সংসদীয় পৰিক্ৰমা, তথ্য আৰু জনসংযোগ মন্ত্ৰী পীয়ূষ হাজৰিকাই। দলং মুকলিৰ পিছতে অনুষ্ঠিত উদ্বোধনী সভাত মন্ত্ৰী পীয়ূষ হাজৰিকাই বহু প্ৰত্যাহ্বানৰ মূৰত অৱশেষত এই দলংখন মুকলি কৰিবলৈ পাই অত্যন্ত সুখী অনুভৱ কৰা বুলি উল্লেখ কৰি মোৰ ৰাজনৈতিক জীৱনত এই দলংখনৰ কাম সম্পূৰ্ণ কৰি শুভ উদ্বোধন কৰাটো এক উল্লেখযোগ্য কাম হিচাপে মই বিবেচনা কৰো বুলি মন্তব্য কৰে।এই দলংখন সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু বিত্তমন্ত্ৰী অজন্তা নেওগৰো সহায়ৰ প্ৰশংসা কৰি মন্ত্ৰী হাজৰিকাই এই দলংখন হোৱাৰ পিছত ৰহা সমষ্টিৰ চাপৰমুখৰ লগতে কপিলীৰ দক্ষিণপৰীয়া ৰাইজৰ বহুদিনীয়া যাতায়াতৰ সমস্যাৰ অন্ত পৰিল বুলি কয়। ভাষণ প্ৰসংগত মন্ত্ৰী হাজৰিকাই  অহা দুটা বছৰত ৰহা সমষ্টিৰ সকলো দলং, পথ নিৰ্মাণ কৰাৰ লগতে সকলো সমস্যা সমাধানৰো পদক্ষেপ গ্ৰহণ কৰিব বুলি কয়। । আনহাতেদি ৰহাৰ গড়মাৰী তিনিসুঁতিত চলি থকা খহনীয়া প্ৰতিৰোধৰ কাম শীঘ্ৰে সম্পূৰ্ণ কৰা হ’ব বুলি মন্তব্য কৰি চাপৰমুখৰ ধলিজানৰ কপিলী নদীৰ ভয়াবহ খহনীয়াৰ কামো অতি শীৰ্ঘে আৰম্ভ কৰা হব বুলি কয়।আনফালেদি আজিৰ সভাতে ৰাইজৰ অনুৰোধক্ৰমে আজি উদ্বোধন কৰা কচুৱা পকী দলংখনৰ নাম ‘মা বসুন্ধৰী সমন্বয় সেতু’ হিচাপে নামকৰণ কৰাৰ কথাও ৰাইজৰ আগত মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰি লোকনিৰ্মাণ বিভাগৰ আয়ুক্তক বিভাগীয় কামৰ দায়িত্ব দিয়ে। সভাত উপস্থিত থাকি ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে ৰহা-চাপৰমুখৰ লগতে ৰহা সমষ্টিৰ  বাবেই আজিৰ দিনটো এক ঐতিহাসিক দিন বুলি অভিহিত কৰি  চাপৰমুখ তথা কপিলীৰ দক্ষিণপৰীয়া ৰাইজৰ এক সপোন আজি দিঠকত পৰিণত হ’ল বুলি কয়। ভাষণত আবেগিক হৈ মন্ত্ৰী পীয়ূষে কয় –  আজি মই মন্ত্ৰী হৈছোঁ , তাৰ বাবে আপোনালোক মোৰ চিৰ নমস্য, ৰহা সমষ্টিবাসীয়ে মোক প্ৰথম বিধায়ক বনালে, সেয়ে আজি মই মন্ত্ৰী হব পাৰিছো । তাৰ বাবে আপোনালোকক সদায় মই মনত ৰাখিম । তদুপৰি ৰহা সমষ্টিত আগন্তুক তিনিবছৰৰ ভিতৰত কোনো কেঁচা পথ আৰু দলঙৰ অভাৱ নাথাকিব সেই ক্ষেত্ৰত মই নিজে দ্বায়িত্ব লৈছো বুলিও মন্তব্য কৰে। আজিৰ সভাত লোকনিৰ্মাণ পথ বিভাগৰ বিশেষ আয়ুক্ত তথা বিশেষ সচিব ৰাজেশ কেমপ্ৰাই ,নগাঁও জিলাৰ উপায়ুক্ত নিসৰ্গ হিভৰে,নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিত নাথ, নগাঁও লোকনিৰ্মাণ পথ বিভাগৰ অধীক্ষক অভিযন্তা প্ৰণৱ কুমাৰ ৰাভা, কাৰ্যবাহী অভিযন্তা গোবিন্দ সিঙ,কাৰ্যবাহী অভিযন্তা হীতেন কলিতা, কাৰ্যবাহী অভিযন্তা বিদুৰ বৰগয়াৰী,সহ:কাৰ্যবাহী অভিযন্তা হিৰণ্য কুমাৰ দাস,ঠিকাদাৰ ৰাজু আগৰৱালা আদি উপস্থিত থাকে।দলঙ উদ্ধোধনৰ পুৰ্বে মন্ত্ৰী হাজৰিকাই চাপৰমুখৰ কচুৱাত এটা আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰো আধাৰশিলা স্হাপন কৰে। উল্লেখ্য যে, ৰহা সমষ্টিৰ পৰা সংসদীয় যাত্ৰা আৰম্ভ কৰা মন্ত্ৰী পীযুষ হাজৰিকাই শেহতীয়াকৈ ৰহাৰ দাঁতিকাষৰীয়া জাগীৰোড সমষ্টিৰ পৰা দুবাৰকৈ নিৰ্বাচনত অৱৰ্তীণ হৈ জয়লাভ কৰিছে যদিও ৰহা সমষ্টিৰ বাবে সকলোবোৰ উন্নয়নমূলক কাম কৰি যাব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে।

প্ৰেৰক ভৱজ্যোতি ডেকা

You might also like