বিশেষ বাৰ্তা, ১৩ এপ্ৰিলঃ বলীউডৰ চেলিব্ৰিটীয়েও পৱিত্ৰ ৰমজান মাহৰ ৰোজা আৰু ধৰ্মীয় ৰীতি-নীতি পালন কৰে। তেনে এগৰাকী অভিনেত্ৰী হ’ল গৌহৰ খান। গৌহৰে তেওঁৰ স্বামী জইদ দৰবাৰৰ সৈতে এই পৱিত্ৰ ধৰ্মীয় মাহত মক্কা-মদিনাত তীৰ্থ ভ্ৰমণলৈ গৈছে। এই সময়ত গৌহৰে ধৰ্মীয় পোছাক পিন্ধি ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা ফটোকেইখনে বৰকৈ চৰ্চা লাভ কৰিছে আৰু ভাইৰেল হৈছে। গ্লেমাৰাছ পোছাকতে সদায়ে দেখা পোৱা এইগৰাকী মোহময়ীক তেওঁৰ অনুৰাগীয়ে চিনিয়ে পোৱা নাই। কাৰণ বোৰ্খা আৰু হিজাবত সম্পূৰ্ণ বেলেগ দেখা গৈছে তেওঁক। এই মক্কা-মদিনাৰ যাত্ৰাক গৌহৰে তেওঁলোকৰ ‘ড্ৰীম ট্ৰীপ’ বুলি কৈছে।
Prev Post
You might also like