ৰাছিয়া–ইউক্রেইনৰ যুদ্ধঃ ৫৭ দিনৰ মূৰকত বন্দৰ চহৰ দখলৰ দাবী
নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ ৰাছিয়া আৰু ইউক্রেইনৰ মাজত চলা যুদ্ধই ৫৭ দিনত ভৰি দিলে৷ প্রায় দুমাহ ধৰি ইউক্রেইনৰ চহৰে চহৰে ধ্বংসলীলা আৰু গণসংসাৰ চলোৱা ৰুছ সেনাই অৱশেষত ৫৭ দিনত দেশখনৰ অন্যতম প্রধান বন্দৰ চহৰ মাৰিউপল সম্পূর্ণৰূপে নিজৰ দখললৈ আনিলে৷ ইতিপূর্বে কেইবাখনো চহৰ দখল কৰা ৰুছ সেনাই বিগত সপ্তাহ ধৰি ইউক্রেইনী সেনাৰ প্রতিৰোধৰ বাবে প্রচণ্ড সংগ্রাম কৰিবলগীয়া হ’লেও অৱশেষত মাৰিউপল চহৰখন নিজৰ দখলত আনিলে৷ ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে নিজেই মাৰিউপল চহৰ দখল কৰা বুলি ঘোষণা কৰিছে৷ ৰুছ ৰাষ্ট্রপতিগৰাকীয়ে মাৰিউপল চহৰ দখল কৰা বুলি দাবী কৰি এই সফলতাৰ বাবে সেনাক প্রশংসা কৰিছে৷
মন কৰিবলগীয়া যে কিছুদিন পূর্বে মাৰিউপল চহৰ ৰুছ সেনাই দখল কৰি লৈ প্রতিৰোধ কৰি থকা ইউক্রেইনী সেনাক আত্মসমর্পণ কৰিবলৈ দাবী জনাইছিল৷ কিন্তু ইউক্রেইনী সেনাই আত্মসমর্পণ নকৰি প্রতিৰোধৰ বাবে সংঘর্ষ চলাই যায়৷ ৰুছ সেনাই ইউক্রেইনী সেনাৰ প্রতিৰোধক অতিক্রম কৰি ৫৭ দিনৰ দিনা বন্দৰ চহৰ দখল কৰাৰ ঘোষণা ৰাষ্ট্রপতি পুটিনে কৰাৰ লগতে চহৰখনৰ পৰা এটা মাখিও যাতে পলায়ন কৰিব নোৱাৰে, তাৰ বাবে নির্দেশ দিয়ে৷ ইউক্রেইনী সেনা আৰু সহস্রাধিক সাধাৰণ নাগৰিক থকা এভোজষ্টল ষ্টীল প্রকল্পটোত ৰুছ সেনাক আক্রমণ নকৰিবলৈ নির্দেশ দি ৰাষ্ট্রপতি পুটিনে প্রকল্পটো ঘেৰি ৰাখিবলৈ দিছে৷ এই প্রকল্পত যাতে ৰুছ সেনাই কোনো ধৰণৰ আক্রমণ কৰি ৰক্তাক্ত কৰি নোতোলে, তাৰ নির্দেশ দিয়াৰ লগতে প্রকল্পটোৰ পৰা যাতে মাখি এটাও পলায়ন কৰিব নোৱাৰে, তাৰ বাবে সেনাক কঠোৰ নির্দেশ দিছে৷ মাৰিউপল চহৰৰ নিয়ন্ত্রণ হেৰুওৱাৰ পাছত ইউক্রেইনৰ শীর্ষ বিষয়াই এভোজষ্টল ষ্টীল প্রকল্পত আবদ্ধ লোকসকল যাতে নিৰাপদে ওলাই যাব পাৰে, তাৰ বাবে মানৱীয় কৰিড’ৰ মুকলি কৰিবলৈ ৰুছ সেনাক দাবী জনাইছে৷ ইউক্রেইনৰ উপ–প্রধানমন্ত্রী ইৰিনা ভেৰেছছুকে টেলিগ্রামত প্রকাশ কৰা মতে, প্রকল্পটোত হাজাৰৰো অধিক সাধাৰণ লোক আৰু ৫০০ আহত সেনা আছে৷ তেওঁলোকক তাৰ পৰা উদ্ধাৰ কৰাটো জৰুৰী৷ উপ–প্রধানমন্ত্রীগৰ্ এই লৈ বিশ্ব নেতা আৰু আন্তর্জাতিক সমুদায়ক গুৰুত্ব দিবলৈ আহ্বান জনাইছে৷
উল্লেখ্য যে ইউক্রেইনৰ দুই অঞ্চল ডনেটস্ক আৰু লুহানস্ক স্বাধীন ঘোষণা কৰাৰ কেইঘণ্টামান পাছতেই ৰুছ ৰাষ্ট্রপতি পুটিনে ২৪ ফেব্রুৱাৰীৰ পৰা ইউক্রেইনত সামৰিক অভিযান আৰম্ভ কৰে৷ উক্ত দিনাৰে পৰা ৰুছ সেনাই ইউক্রেইনৰ ভিন্ন প্রান্তত বোমা, মিছাইল, নিক্ষেপেৰে দেশখন বিধ্বস্ত আৰু ৰক্তাক্ত কৰি তোলে৷ দুয়ো দেশৰ মাজত চাৰিখনকৈ শান্তি আলোচনাৰ বৈঠক অনুষ্ঠিত হ’লেও যুদ্ধ সামৰণি মৰা সন্দর্ভত কোনো সিদ্ধান্তত উপনীত হোৱা নাই৷ ইয়াৰ পৰিপ্রেক্ষিতত দুয়ো দেশৰ মাজত যুদ্ধ চলি আছে৷ ৰুছ সেনাই ইউক্রেইনৰ ৰাজধানী কিয়েভৰ আশে–পাশে বিভিন্ন চহৰ দখল কৰিলেও এতিয়ালৈকে ৰাজধানী চহৰখন দখল কৰিব পৰা নাই৷
অৱশ্যে আকাশী মার্গেৰে বোমা, মিছাইল নিক্ষেপ কৰি ৰুছ সেনাই ৰাজধানী চহৰখনৰো বিস্তৰ ক্ষতি কৰিছে৷ অস্ত্র–শস্ত্রৰে শক্তিশালী ৰাছিয়াৰ সৈতে ইউক্রেইনে ৫৭ দিন যুঁজ দিলেও অনাগত দিনবোৰ অতি জটিল হৈ পৰিব৷ কিয়নো ইউক্রেইনৰ ৰাষ্ট্রপতি ভ’লোডিমিৰ জেলেনস্কিয়ে প্রকাশ কৰা মতে, দেশৰ সেনাৰ হাতত পর্যাপ্ত অস্ত্র–শস্ত্র নাই৷ আনপিনে, ৰুছ সেনাই গণসংহাৰ চলোৱা বুশ্বা চহৰত এতিয়াও মৃতদেহ উদ্ধাৰ হৈয়ে আছে৷ শেহতীয়াভাৱে ৰাজধানী কিয়েভৰ সংলগ্ণ অঞ্চলত ৯টা মৃতদেহ উদ্ধাৰ হৈছে৷ ৰুছ সেনাই ইউক্রেইনৰ প্রান্তে প্রান্তে চলোৱা হত্যালীলা প্রতিদিনেই নতুন নতুনকৈ পোহৰলৈ আহিছে৷