টুইটাৰৰ পাছত মাস্কে এইবাৰ কিনিব কোকা-কোলা, তাত মিহলাব নিষিদ্ধ কোকেইন
বিশেষ বাৰ্তা, ২৮ এপ্ৰিলঃ টুইটাৰ কিনি বিশ্বজুৰি আলোড়ন সৃষ্টি কৰা ধনকুবেৰ এলন মাস্কে এইবাৰ আন এক ঘোষণা কৰিলে। তেওঁৰ এইবাৰৰ লক্ষ্য কোকা কোলা কোম্পানী। মাস্কে ধেমালিৰে টুইটাৰত লিখিলে কোকা কোলা কোম্পানী ক্ৰয় কৰি ১০০ বছৰ আগৰ ফর্মূলা অনুযায়ীহে কোকা কোলা তৈয়াৰ কৰিব তেওঁ। তাতে কোকেইন মিহলাব। কোকা কোলাত এসময়ত সঁচাকৈয়ে কোকেইন মিহলোৱা হৈছিল।
Next I’m buying Coca-Cola to put the cocaine back in
— Elon Musk (@elonmusk) April 28, 2022
১৮৮৫ চনত আমেৰিকাৰ জর্জিয়া প্রদেশৰ আটলান্টাৰ এজন ফার্মাছিষ্টে কোকা কোলাৰ ফর্মূলা আৱিষ্কাৰ কৰিছিল। তেতিয়া কোকা কোলাত কোকেইন মিহলাইছিল। তেতিয়া কোকেইনো আইনসিদ্ধ আছিল। মানুহে বিশ্বাস কৰিছিল, অলপ পৰিমাণে কোকেইন সেৱন কৰিলে কোনো ক্ষতি নহয়। পৰৱর্তীকালত কোকা কোলাৰ ফর্মূলাত অনেক পৰিৱর্তন হয়। কোকেইন ব্যৱহাৰ সম্পূর্ণ নিষিদ্ধ হয় ১৯২৯ চনত। মাস্কে ধেমালিৰ চলেৰে সঁচাকৈ কোকা কোলা কিনিব পাৰে বুলিও বহুতে আকৌ ধাৰণা কৰিছে। এদিন মাস্কে কৈছিল, কোকা কোলাৰ লগতে তেওঁ আৰু এটা বিশ্ববিখ্যাত কোম্পানী কিনিব। সেইটো হ’ল মেকডোনাল্ডছ।