নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰন্ধন গেছৰ প্রতিটো চিলিণ্ডাৰৰ মূল্য ৫০ টকাকৈ বৃদ্ধিঃ ৭ বছৰত ৰন্ধন গেছৰ মূল্য দুগুণ হ’ল

নিয়মীয়া বাৰ্তা, ৮ মে’ :  দেশবাসীক মাধমাৰ শোধাই পুনৰ বৃদ্ধি কৰা হ’ল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য৷ ৰাজসাহায্যযুক্ত ১৪.২ কিলোগ্রামৰ প্রতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য আজিৰে পৰা ৫০ টকাকৈ বৃদ্ধি কৰা হৈছে৷ এই বৃদ্ধিৰ পৰিপ্রেক্ষিতত ৰন্ধন গেছৰ প্রতিটো চিলিণ্ডাৰৰ মূল্যই এহাজাৰ অতিক্রম কৰিলে৷ পেট্র’ল আৰু ডিজেলৰ মূল্যবৃদ্ধিয়ে সাধাৰণ নাগৰিকক ত্রাহি–মধুসূদন দেখুওৱাৰ সময়তে যোৱা ২২ মার্চৰ পাছত শনিবাৰে পুনৰ ৫০ টকা বৃদ্ধি কৰা হ’ল প্রতিটো ৰন্ধন গেছৰ মূল্য৷ লক্ষণীয় যে যোৱা ৪ ফেব্রুৱাৰীৰ পৰা এতিয়ালৈকে চাৰিবাৰ ৰন্ধন গেছৰ মূল্য বৃদ্ধি কৰিছে৷

তথ্য মতে, ৩২ দিনৰ ভিতৰত ৰন্ধন গেছৰ মূল্য ১২৫ টকা বৃদ্ধি কৰা হৈছে৷ মন কৰিবলগীয়া যে ৰন্ধন গেছৰ মূল্য বিগত ৭ বছৰত দুগুণ হৈছে৷ ২০১৪ চনৰ এক মার্চত প্রতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ৪১০ টকা ৫০ পইচা থকাৰ বিপৰীতে আজিৰ তাৰিখত ৰন্ধন গেছৰ মূল্যই এহাজাৰ অতিক্রম কৰিছে৷ ঠিক তেনেদৰে ৰাজসাহায্যযুক্ত ৰন্ধন গেছৰ ৰাজসাহায্যও হ্রাস পাই আছে৷ সম্প্রতি প্রতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰৰ বাবে গ্রাহকক ৰাজসাহায্যৰ নামত নূ্যনতম ধন দি থকা হৈছে৷ ৰাজধানী দিল্লীত প্রতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ৯৯৯.৫০ টকাৰ বিপৰীতে কলকাতাত ১,০২৬ টকা, চেন্নাইত ১,০১৫.৫০ টকা আৰু মুম্বাইত ৯৯৯.৫০ টকা৷ লক্ষণীয় যে ৰাজ্যভেদে প্রতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ভিন্ন হয়৷

অসমৰ ৰাজধানী গুৱাহাটীত শনিবাৰে প্রতিটো চিলিণ্ডাৰৰ ১,০৪৮ টকা৷ ৰন্ধন গেছৰ মূল্যবৃদ্ধিক লৈ কেন্দ্রীয় চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰিছে কংগ্রেছে৷ দলটোৱে টুইটত কয়– ঘৰুৱা এলপিজিৰ মূল্য ১,০০০ টকা আৰু বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য ২,৩৫৫ টকা হৈছে৷ সাধাৰণ নাগৰিকে কেনেকৈ খাব? আনপিনে পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে কেন্দ্রতশাসিত বিজেপি নেতৃত্বাধীন চৰকাৰক গৰিহণা দি জনতাক অত্যাচাৰ কৰাটো বন্ধ কৰিবলৈ দাবী জনাইছে৷

You might also like