স্বর্ণময়ী শিৱাংগী
১৯৯২–৯৭ৰ সময়ছোৱাত দেশৰ সাঁতোৰ জগতত খলকনি তুলিছিল এগৰাকী অসম কন্যাই৷ ইখনৰ পিছত সিখন ৰাষ্ট্রীয় সাঁতোৰ চেম্পিয়নশ্বিপত সোণৰ পদক জয়েৰে বিৰল প্রতিভাৰ প্রমাণ দিছিল সম্ভাৱনাময় সাঁতোৰবিদগৰাকীয়ে৷ ইয়াৰ পিছতে ছাউথ এছিয়ান গেমছ, এছিয়ান পেচিফিক মীটৰ দৰে আগশাৰীৰ আন্তঃৰাষ্ট্রীয় প্রতিযোগিতাত সোণ–ৰূপ জয়েৰে অসমৰ ক্রীডা জগতক ধন্য কৰা এই ‘জলপৰী’ৰ নাম আছিল মিঠু বৰুৱা৷ তেওঁৰ চিৰস্মৰণীয় সাফল্যই ৰাজ্যৰ সাঁতোৰ ক্ষেত্রখনক নতুন আশা–উদ্দীপনাৰে জীপাল কৰি তুলিছিল৷ ইয়াৰ পিছত পল্লৱী দত্ত বৰুৱা, ফাৰিহা জামান, লিজা মহন্ত আদিৰ দৰে প্রতিশ্রুতিসম্পন্ন মহিলা সাঁতোৰবিদে অসমৰ নাম উজলাইছিল ৰাষ্ট্রীয়–আন্তঃৰাষ্ট্রী প্রেক্ষাপটত৷ ২০০৬ৰ ছাউথ এছিয়ান গেমছ আৰু ২০০৭ৰ ৰাষ্ট্রীয় গেমছত ফাৰিহা জামানৰ অদমনীয় প্রদর্শন ৰাজ্যৰ ক্রীডানুৰাগীৰ মনত আজিও হয়তো সজীৱ হৈ আছে৷ এইসকল সাঁতোৰবিদৰ প্রতিভাই অসমৰ ক্রীডাক্ষেত্রক চমকিত কৰাৰ প্রায় এক দশক পিছত ৰাজ্যবাসীৰ চকুত পুনৰ সপোন যোগাই তুলিছে এগৰাকী প্রচুৰ সম্ভাৱনাময় উদীয়মান সাঁতোৰবিদে৷ নাম তেওঁৰ শিৱাংগী শর্মা৷ গুৱাহাটীত অনুষ্ঠিত খেলো ইণ্ডিয়া য়ুুথ গেমছত ৫টা স্বর্ণ আৰু ২টা ৰূপৰ পদক অর্জনেৰে জিলিকি উঠা ১৭বছৰীয়া যুৱতীগৰাকী এতিয়া অসমৰ ক্রীডা জগতৰ নৱতম তাৰকা৷ সৰুসজাইৰ ছুইমিং পুলত খলকনি তুলি খেলো ইণ্ডিয়াৰ ২১ বছৰ অনূর্ধ্ব শাখাৰ ফ্রী ষ্টাইল সাঁতোৰত অপ্রতিদ্বন্দ্বী হৈ ৰোৱা শিৱাংগীয়ে যোৱা মাহত নেপালত অনুষ্ঠিত ছাউথ এছিয়ান গেমছতো জয় কৰিছিল ৩টা সোণ আৰু ৩টা ৰূপৰ পদক৷ উল্লেখ্য যে যোৱা ৩ বছৰ ধৰি নতুন দিল্লীত সাঁতোৰৰ উন্নত প্রশিক্ষণ গ্রহণ কৰি থকা শিৱাংগীয়ে ২০১৮ৰ ৰাষ্ট্রীয় স্কুল গেমছত ৩টা স্বর্ণ, ২০১৮ৰ খেলো ইণ্ডিয়া য়ুথ গেমছত ২টা ৰূপৰ পদক জয় কৰি প্রতিভাৰ পৰিচয় দিছিল৷ ইয়াৰ পিছত ২০১৯ৰ খেলো ইণ্ডিয়া য়ুথ গেমছত তেওঁ দুর্দান্ত প্রদর্শনেৰে দেশৰ ক্রীডা মহলৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হয়৷ পুনেত অনুষ্ঠিত যোৱাবাৰৰ খেলো ইণ্ডিয়া য়ুথ গেমছত অসমৰ উদীয়মান তাৰকাগৰাকীয়ে ২০০ মিটাৰ ফ্রী ষ্টাইলত স্বর্ণ, ১০০ মিটাৰ আৰু ৫০ মিটাৰ ফ্রী ষ্টাইলত ৰূপৰ পদক অর্জন কৰে৷ যোৱা বছৰ তেওঁ ৰাষ্ট্রীয় ছিনিয়ৰ সাঁতোৰ চেম্পিয়নশ্বিপত প্রথমবাৰৰ বাবে অংশ লৈ ৪০০ মিটাৰ ফ্রী ষ্টাইলত ৰূপৰ পদক পাইছিল৷ এইদৰে অতি কম দিনৰ ভিতৰতে ৰাষ্ট্রীয়–আন্তঃৰাষ্ট্রী পর্যায়ত প্রতিভাৰ চমকেৰে উজলি উঠা শিৱাংগীয়ে অসমলৈ গৌৰৱ কঢ়িয়াই অনাই নহয়, ৰাজ্যৰ ক্রীডানুৰাগীৰ মাজত নতুন আশা–উদ্দীপনাৰো সঞ্চাৰ কৰিছে৷ জলপৰী মিঠু বৰুৱা, পল্লৱী দত্ত বৰুৱা, ফাৰিহা জামান, লিজা মহন্তৰ দৰে সাঁতোৰবিদে সম্পূর্ণ কৰিব নোৱাৰা অলিম্পিক, এছিয়ান গেমছৰ সপোন সার্থক কৰিবলৈ যুৱ সাঁতোৰবিদগৰাকীয়ে এতিয়াৰ পৰাই কঠোৰ অনুশীলন, নিয়মানুৱর্তিতা আৰু পৰিশ্রমেৰে আগবাঢ়িব লাগিব৷
উল্লেখ্য যে ২০২২ৰ এছিয়ান গেমছ আৰু ২০২৪ৰ অলিম্পিকত দেশক প্রতিনিধিত্ব কৰাৰ সপোন পুহি ৰখা শিৱাংগীয়ে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামস্থিত বিমলা প্রসাদ চলিহা ছুইমিং পুলত সাঁতোৰৰ প্রশিক্ষণ আৰম্ভ কৰিছিল৷ দিছপুৰৰ শংকৰ একাডেমীত পঢ়ি থকাৰ সমান্তৰালকৈ নেহৰু ষ্টেডিয়ামত সাঁতোৰৰ প্রাথমিক শিক্ষা গ্রহণ কৰি থকাৰ সময়তে ৰাষ্ট্রীয় স্কুল গেমছত সুন্দৰ প্রদর্শনেৰে তেওঁ প্রতিভাৰ উমান দিছিল আৰু ৰাষ্ট্রীয় স্কুল গেমছ ফেডাৰেচনৰ জৰিয়তে নতুন দিল্লীৰ ছাই ৰাষ্ট্রীয় ছুইমিং একাডেমীত উন্নত প্রশিক্ষণৰ সুযোগ লাভ কৰে৷ ২০১৭ৰ আগষ্ট মাহত দিল্লীলৈ উৰা মৰাৰ সেই ক্ষণটোৱে আছিল শিৱাংগীৰ উত্থানৰ আৰম্ভণি৷ তেতিয়াৰ পৰাই তেওঁ দিল্লীৰ তালকাটোৰা ষ্টেডিয়ামত থকা বিশ্বমানৰ সা–সুবিধাযুক্ত অত্যাধুনিক ছুইমিং একাডেমীত প্রখ্যাত প্রশিক্ষক পার্থপ্রতিম মজুমদাৰৰ তত্ত্বাৱধানত সাঁতোৰৰ বিভিন্ন কৌশল আয়ত্ত কৰাৰ লগতে শাৰীৰিক–মানসিক শক্তি বৃদ্ধিৰ দক্ষতা অর্জন কৰে৷ সাঁতোৰবিদগৰাকীৰ এই যাত্রাৰ বিষয়ে তেওঁৰ মাতৃ আৰাধনা শর্মাই কয় যে শৈশৱৰে পৰা শিৱাংগী খেলৰ প্রতি অত্যন্ত আগ্রহী আছিল৷ তাইৰ এই আগ্রহৰ বাবেই এদিন তেওঁ শিৱাংগীক নেহৰু ষ্টেডিয়ামৰ ছুইমিং পুললৈ লৈ আহিছিল৷ তাত শংকৰ ভূঞাৰ অধীনত শিৱাংগীয়ে সাঁতোৰৰ আদিপাঠ লাভ কৰে৷ সাঁতোৰৰ লগতে পঢ়া–শুনাতো তাই যথেষ্ট ভাল৷ এতিয়া দিল্লীৰ ছুইমিং একাডেমীত শিৱাংগীয়ে প্রশিক্ষণৰ সকলো আধুনিক সা–সুবিধা লাভ কৰিছে৷ একেদৰে দিল্লীৰ বাল ভাৰতী স্কুলত একাদশ শ্রেণীত অধ্যয়ন অব্যাহত ৰাখিছে৷ জুনিয়ৰৰ দৰে ছিনিয়ৰ পর্যায়তো কন্যা শিৱাংগী সফলতাৰ জখলাৰে বগাই এদিন এছিয়ান গেমছ অথবা অলিম্পিক খেলিব পাৰিব বুলি আশাবাদী মাতৃ আৰাধনা শর্মা৷ অৱশ্যে তেওঁৰ মতে খেলো ইণ্ডিয়া য়ুথ গেমছ অথবা ছাউথ এছিয়ান গেমছত শেহতীয়াকৈ শিৱাংগীয়ে আগবঢ়োৱা চমকপ্রদ প্রদর্শন মাথোঁ এক আৰম্ভণিহে, আগুৱাবলৈ এতিয়াও বহুত বাকী আছে৷ এই আৰম্ভণিক সঠিক দিশেৰে আগুৱাই নিয়াহে তেওঁলোকৰ প্রধান দায়িত্ব হ’ব৷ অসমবাসীয়েও আশা কৰিব স্বর্ণময়ী শিৱাংগীৰ অনন্য যাত্রা সফলতাৰ উচ্চ শিখৰলৈ আগুৱাই যাওক আৰু এদিন বিশ্ব ক্রীডাৰ সুবৃহৎ মঞ্চত অসমৰ জলপৰীয়ে দেশ তথা ৰাজ্যৰ গৌৰৱধ্বজা উৰুৱাওক৷