নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বন্যপ্রাণী সুৰক্ষাৰ দিশত নতুন প্রযুক্তি

বন্য জীৱ আৰু মানুহৰ সংঘাত এক অসমাপ্ত বিতর্ক আৰু অত্যন্ত স্পর্শকাতৰ বিষয়৷ চিৰদিন বন্য জন্তুৰ বসতিস্থল মানুহৰ আৱাসী অঞ্চললৈ ৰূপান্তৰ কৰাৰ পৰিণতিত বা অবাধ বিচৰণভূমিত মানুহৰ লাভজনক ৰাস্তা মোকলাই লোৱাৰ পৰিণতিতে এই সংঘাত অৱশ্যম্ভাৱী হৈ পৰিছে৷ ফলত প্রতিবছৰে ভাৰততে বিভিন্ন স্থানত হাতীৰ আক্রমণতে মৃত্যুক সাবটিছে হাজাৰৰো অধিক লোকে৷ ঠিক তেনেকৈ ২০১২ৰ পৰা ২০১৭লৈ ৰাষ্ট্রীয় পথ দুর্ঘটনা আৰু ৰে’লৰ খুন্দাত মৃত্যু হৈছে ৬৭১টাকৈ বন্যপ্রাণীয়ে৷ ৱাইল্ড লাইফ প্রটেকচন ছ’চাইটী অৱ ইণ্ডিয়াই প্রকাশ কৰা শেহতীয়া তথ্য মতে, ইয়াৰে বিভিন্ন দুর্ঘটনাত ১৭৫টাকৈ হাতীয়ে প্রাণ হেৰুৱাইছে, য’ত ৰে’লৰ খুন্দাত মৃত্যু হৈছে ৭৫টাকৈ হাতীৰ৷ বনাঞ্চলত জনসংখ্যা বিস্ফোৰণৰ পৰিণতিত বা বন ধ্বংসৰ ফলত খাদ্যৰ অভাৱত জনাঞ্চলত প্রৱেশ কৰে নির্বোধ বন্যপ্রাণীবোৰ৷ ফলত মানুহে আত্মৰক্ষাৰ তাড়নাতে বিগত বছৰটোত হত্যা কৰিছে ২৫৬টাকৈ নাহৰফুটুকী বাঘ৷ প্রকৃতিক ভাল পোৱা প্রতিজন লোকৰ বাবেই ই অত্যন্ত পৰিতাপৰ কথা৷ ভাৰতৰে বহুকেইখন ৰাষ্ট্রীয় উদ্যান আৰু অভয়াৰণ্যৰ মাজেদি ৰাষ্ট্রীয় ঘাইপথ অতিক্রম কৰাত গাড়ীৰ লগত হোৱা জীৱ–জন্তুৰ সংঘাতত প্রতিবছৰে পাঁচ সহস্রাধিক বন্য জীৱ–জন্তুৰ মৃত্যুৰ তথ্য প্রকাশ কৰিছে ডব্লিউ পি এছ আয়ে৷ উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে দিয়া তথ্য মতে, ২০১২ৰ পৰা ২০১৪ চনৰ ভিতৰত গাড়ীৰ লগত হোৱা সংঘর্ষত মৃত্যু হৈছিল ১,৮৬৫টা বন্যপ্রাণী, যি পৰিসংখ্যা বিভিন্ন বিজ্ঞানসন্মত পদ্ধতি অৱলম্বনৰ ফলত হ্রাস পাবলৈ সক্ষম হৈছে৷ সেইদৰে নেচনেল হাইৱে ৬৯ আৰু ৰাষ্ট্রীয় পথ–৭, যি দুটা ঘাইপথে মহাৰাষ্ট্র আৰু মধ্যপ্রদেশক সংযোগ কৰিছে এই দুয়োটা পথ পৰিবর্ধনৰ ক্ষেত্রত ৰাষ্ট্রীয় সেউজ প্রাধিকৰণে নিষেধাজ্ঞা আৰোপ কৰিছিল৷ কানহা–পেনচ বাঘৰ গতিপথটো ৰুদ্ধ কৰি এই ৰাষ্ট্রীয় পথটো বহলাবৰ চেষ্টা কৰাৰ ফলতে ৰাষ্ট্রীয় সেউজ প্রাধিকৰণে নিষেধাজ্ঞা আৰোপ কৰিছিল৷ উল্লেখ্য যে ২০১৭ বর্ষত এই দুই পথত গাড়ীৰ খুন্দাত মৃত্যু হোৱা জীৱ–জন্তুৰ ভিতৰত ৪০ শতাংশই আছিল বাঘ৷ যাৰ বাবে বাঘৰ বাবে অসুৰক্ষিত ৰাষ্ট্র হিচাপে ২০১৭ চনত চিহ্ণিত হৈছিল ভাৰত৷
ৰাষ্ট্রীয় ঘাইপথত গাড়ীৰ খুন্দাত বাঘ, পহু, ম’হ বা অন্য বন্যপ্রাণীয়ে নিদাৰুণভাৱে মৃত্যুমুখত পৰাৰ সমান্তৰালকৈ বিগত বছৰৰ ফেব্রুৱাৰী মাহত অসমত সংঘটিত হোৱা ৰে’লপথৰ মর্মান্তিক দুর্ঘটনাৰ কথা কোনেও পাহৰিব নোৱাৰে৷ ১১ ফেব্রুৱাৰীত গুৱাহাটী–শিলচৰ এক্সপ্রেছৰ খুন্দাত ৫টাকৈ হাতীয়ে মৃত্যুক সাবটি লোৱাৰ উপৰি ১০ ডিচেম্বৰ ২০১৭ চনত গুৱাহাটী–নাহৰলগুণ্ ডনঈ পল’ এক্সপ্রেছৰ খুন্দাত শোণিতপুৰ জিলাত মৃত্যুক সাবটি লৈছিল কেইবাটাও হাতীয়ে৷ ২০১১ চনৰ পৰা ২০১৭ চনৰ ভিতৰত পশ্চিমবংগত ৩৫টাকৈ আৰু অসমৰ ২১টাকৈ হাতীৰ মৃত্যু হৈছে ৰে’লৰ খুন্দাত৷
এতিয়া প্রশ্ন হ’ল বন্যপ্রাণীক এনেধৰণৰ দুর্ঘটনাৰ পৰা ৰক্ষা কৰিবলৈ চৰকাৰ আৰু বন্যপ্রাণী সুৰক্ষা সংস্থাসমূহে গ্রহণ কৰিব পৰা পদ্ধতি আৰু আধুনিক প্রযুক্তিসমূহ কেনেধৰণৰ? বানপানীৰ সময়ত ৰাষ্ট্রীয় উদ্যানসমূহৰ পৰা ওখ ঠাই বিচাৰি জীৱ–জন্তুবোৰ ৰাস্তালৈ উঠি অহাৰ ফলত সঘনাই দুর্ঘটনা সংঘটিত হয়৷ কিন্তু সুৰক্ষাৰ দিশত চৰকাৰে ইতিমধ্যেই সজাগ কৰিব পৰা হ’র্ডিং আৰু গতিৰোধৰ ব্যৱস্থা ঘাইপথসমূহত কৰা আমি দেখিছোঁ৷ কিন্তু পহু আৰু হাতীৰ দৰে বন্য জীৱ–জন্তুবোৰ মুকলিভাৱে চলা–ফিৰা কৰি ভাল পায়, ফলত হঠাতে গতিসম্পন্ন গাড়ীৰ সন্মুখত পৰি মৃত্যুক সাবটি লোৱা দেখা যায়৷ এনে দুর্ঘটনাৰ পৰা ৰক্ষা পৰিবৰ বাবে সম্প্রতি উদ্ভাৱন কৰা হৈছে কেতবোৰ নতুন প্রযুক্তিসম্পন্ন ব্যৱস্থা৷
বিদ্যুৎ চুম্বকীয় ফলকঃ কলৰাডোৰ ৰাষ্ট্রীয় পথ ১৬০ত এই বিদ্যুৎ চুম্বকীয় ফলক ৰাষ্ট্রীয় উদ্যানৰ মাজত সংস্থাপন কৰা হৈছে৷ যি ‘ফ্লাশ্ব’ৰ দৰে জ্বলি থকি গাড়ীৰ চালকক জন্তুৰ উপস্থিতিৰ উমান দিব৷ প্রায় ২০০ মিটাৰ ব্যাসার্ধৰ ভিতৰত জীৱ–জন্তুৰ উপস্থিতি ধৰা পেলাই এই ফলকে ‘ট্রেফিক ছিগনেল’ৰ দৰে সংকেত দি থাকিব৷
ম’বাইল ফোনত এপঃ ম’বাইল ফোনত জি পি এছৰ সহায়ত এক বিশেষ এপ ব্যৱহাৰ কৰি গাড়ী চলাই যাওঁতে ৰাস্তাত জীৱ–জন্তুৰ উপস্থিতি ধৰা পেলাব পৰা এই এপ্লিকেচন তৈয়াৰ কৰিছে আমেৰিকাৰ প্রযুক্তিবিদ ডেনিয়েল অলছনে৷ এতিয়া পৰীক্ষামূলক অৱস্থাত থকা এই এপটোৱে দুর্ঘটনাত জীৱৰ মৃত্যু হ্রাস কৰিবলৈ সক্ষম হ’ব বুলি তেওঁ বিশ্বাস কৰে৷ কাৰণ অকল জীৱ–জন্তুৰে নহয়, সংঘর্ষত মানুহৰো প্রাণহানি হয়৷
গোন্ধযুক্ত কাঁইটীয়া তাঁৰঃ যিবিলাক তৃণভোজী প্রাণী, সেই প্রাণীবোৰে বাঘ, সিংহৰ উপস্থিতি গোন্ধৰ পৰাই উমান কৰি লয়৷ সেই গোন্ধ পালেই পহুবোৰ দৌৰি পলায়৷ ৰাস্তাৰ কাষত যদি এনে বাঘ বা সিংহৰ দৰে গোন্ধোৱা জুলীয়া পদার্থৰ স্প্রে কৰি থ’ব পাৰি, তেন্তে পহু আৰু অন্যান্য তৃণভোজী প্রাণী কেতিয়াও ৰাস্তাত নুঠিব৷ ফলত গাড়ী দুর্ঘটনাৰ পৰা ৰক্ষা পৰিব৷ ৰাস্তাৰ দুয়োপাৰে কাঁইটীয়া তাঁৰৰ বেৰ দি এনে গোন্ধৰ পদার্থ ছটিয়াই ৰাখিও পহুবোৰক মৃত্যুমুখৰ পৰা ৰক্ষা কৰাৰ চিন্তা কৰিছে প্রযুক্তিবিদসকলে৷ সেইদৰে ৰাস্তাৰ তলেদি জীৱ–জন্তু পাৰ হ’ব পৰাকৈ সুৰংগৰ ব্যৱস্থা কৰিও বাঘ, ভালুক, পহুৰ দৰে প্রাণীবোৰ গাড়ীৰ খুন্দাৰ পৰা ৰক্ষা কৰিব পৰা যাব৷

You might also like