নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুভ্র দলিচাৰ মায়া মায়’ডিয়া

শুভ্র বৰফৰ দলিচাৰ মায়াৰ স্থলী ‘মায়’ডিয়া’৷ আপুনি যদি দুঃসাহসিক ভ্রমণপিয়াসী, তেনেহ’লে এই শীতকালটোত আপুনি আপোনাৰ নিচেই দাঁতিকাষৰতে থকা চুবুৰীয়া ৰাজ্য অৰুণাচলৰ ‘মায়’ডিয়া’ত পৰিয়ালৰ সৈতে নিশ্চয় বৰফত উমলি কিছু মুহূর্ত উদ্যাপন কৰিব পাৰে৷ বর্তমান সময়ত অৰুণাচল প্রদেশৰ এই স্বর্গপুৰীসদৃশ ‘মায়’ডিয়া’ই ভাৰতৰ পর্যটনৰ মানচিত্রত এক নতুন নাম খোদিত কৰি বিগত দুই–তিনি বছৰত পর্যটকৰ আকর্ষণৰ কেন্দ্রবিন্দু হৈ পৰিছে৷ তিনিচুকীয়া জিলাৰ শদিয়া মহকুমাৰ প্রায় ১০০ কিঃমিঃ দূৰত্বৰ সাগৰীয় পৃষ্ঠৰ পৰা ২,৬৫৫ মিটাৰ উচ্চতাত অৱস্থিত অৰুণাচল প্রদেশৰ লৱাৰ দিবাং ভেলী জিলাৰ এই মায়’ডিয়া অঞ্চল সম্ভৱতঃ অসমৰ পৰা যাব পৰা আটাইতকৈ ওচৰৰ বৰফাবৃত পর্যটনস্থলী৷ বিশেষকৈ বিগত দুটা বছৰ পূর্বে উদ্বোধন হোৱা ড০ ভূপেন হাজৰিকা সেতুখনে এই স্থানলৈ যোৱাৰ পথ অধিক প্রশস্ত কৰি পর্যটকৰ বাবে নতুন বাট মুকলি কৰিলে৷ আপুনি বৰফ চাবলৈ ছিমলা, মানালি, লাডাখ ইত্যাদি ঠাইলৈ যাবলৈ যদি কিছু অসুবিধাৰ বাবে থমকি ৰৈছিল, কিন্তু এতিয়া আপুনি অতি কম খৰচতে যাব পাৰিব মায়’ডিয়ালৈ৷ বর্তমান সময়ত বহুতো দেশী–বিদেশী পর্যটকে উক্ত স্থানত ভিৰ কৰিছেহি৷ বিশেষকৈ অসমৰ ভিন্ন স্থানৰ পৰা যদি পর্যটকসকল উক্ত স্থানলৈ আহিব বিচাৰে, তেনেহ’লে নিকটৱর্তী চুবুৰীয়া অঞ্চল অসমৰ ডিব্রুগড় আৰু তিনিচুকীয়া জিলালৈকে আকাশী পথ আৰু ৰে’লপথেৰেও আহিব পাৰে, কিয়নো নিকটৱর্তী ডিব্রুগড় বিমানবন্দৰৰ পৰা উক্ত স্থানলৈ দূৰত্ব মাত্র ১৯৯ কিলোমিটাৰ আৰু তিনিচুকীয়ালৈকে ৰে’লপথেৰে আহি উক্ত স্থানলৈ দূৰত্ব মাত্র ১৫৭ কিলোমিটাৰ আৰু ইয়াৰ পিছতে আপুনি ভাৰা গাড়ীৰে আপোনাৰ গন্তব্যস্থান পাবগৈ পাৰে৷ বর্তমান সময়ত বিভিন্ন ট্রেভেল এজেঞ্চীৰ জৰিয়তেও অনলাইনৰ জৰিয়তে আপুনি গাড়ী বন্দৱস্ত কৰিব পাৰে৷ গুৰুত্বপূর্ণ কথা যে অতি বিপদসংকুল পাহাৰীয়া পথ হোৱা বাবে বহুতো পর্যটকে তিনিচুকীয়া, ডিব্রুগড় আৰু অৰুণাচলৰ লৱাৰ দিবাং ভেলী জিলাৰ পৰা পাহাৰীয়া পথত গাড়ী চলোৱা অভিজ্ঞ গাড়ীচালকৰ লগত যোগাযোগ কৰে৷ বিশেষকৈ ডিচেম্বৰ, জানুৱাৰী আৰু ফেব্রুৱাৰী মাহত উক্ত স্থানত পর্যটকৰ ভিৰ পৰিলক্ষিত হয়৷ উল্লেখ্য যে প্রকৃতিৰ অপৰূপ সৌন্দর্যৰে ভৰা আৰু আশ্চর্যকৰ এই অঞ্চলটোত জলবায়ুৰ তাৰতম্যৰ ভিত্তিত প্রতিবছৰে প্রায় সাত–আঠ কিলোমিটাৰ অঞ্চলজুৰি বৰফৰ শুভ্র দলিচা পৰে৷ বিশেষকৈ ডিচেম্বৰ আৰু জানুৱাৰী মাহত উক্ত অঞ্চলটোত বৃষ্টিপাত অধিক হোৱাৰ পিছত বৰফৰ বৃষ্টি অধিক দেখিবলৈ পোৱা যায় আৰু সেই সময়ছোৱাত পর্যটকসকলে সেই মুহূর্তটো উপভোগ কৰাটো সৌভাগ্যৰ কথা৷ উত্তৰ–পূর্বাঞ্চলৰ পর্যটন মানচিত্রত যদিও উক্ত স্থানখনে এক নতুন মাত্রা প্রদান কৰিছে, অৰুণাচল তথা ভাৰত চৰকাৰে উক্ত ঠাই টুকুৰাত পর্যটকৰ বাবে পর্যাপ্ত সুবিধা প্রদান কৰা নাই৷ বিশেষকৈ অৰুণাচল চৰকাৰৰ তৰফৰ পৰা পর্যটকৰ বাবে উক্ত স্থানত এটি চৰকাৰী পর্যটন বাংলা নির্মাণ কৰি দিছে যদিও সুবিধাসমূহ সীমিত আৰু বেছিসংখ্যক পর্যটকে তাত নিশা অতিবাহিত কৰিব নোৱাৰে৷ অৱশ্যে কিছু স্থানীয় যুৱকে বর্তমান সময়ত ব্যক্তিগত পর্যায়ত থাকিব পৰাকৈ কিছু হোটেল নির্মাণ কৰিছে আৰু আপুনি যদি উক্ত স্থানলৈ যোৱাৰ পৰিকল্পনা কৰিছে তেন্তে এই হোটেলসমূহত নিশাটো অতিবাহিত কৰিব পাৰিব৷ জৈৱ–বৈচিত্র্যময় উক্ত অঞ্চলটো প্রাকৃতিক সম্পদেৰে চহকী আৰু কিছু ক্ষেত্রত অৰুণাচল চৰকাৰে উক্ত অঞ্চলটো সংৰক্ষণৰ বাবে জৰুৰী পদক্ষেপ লৈছে যদিও পূর্বৰ তুলনাত পর্যটকৰ ভিৰ হোৱাৰ বাবে উক্ত অঞ্চলটোত কিছু তথাকথিত পর্যটকে প্লাষ্টিকৰ সামগ্রী পেলাই পৰিৱেশ বিনষ্ট কৰা পৰিলক্ষিত হৈছে৷ এই সময়ত অৰুণাচল চৰকাৰৰ এটা প্রশংসনীয় পদক্ষেপে সকলোৰে বাবে আদর্শস্বৰূপ হৈ পৰিছে৷ বর্তমান সময়ত অৰুণাচল চৰকাৰে লৱাৰ দিবাং ভেলী আৰু আপাৰ দিবাং ভেলী জিলাক সংযোগ কৰি ভাৰত–চীন সীমান্তলৈ ৩১৩নং ৰাষ্ট্রীয় ঘাইপথৰ কাম কৰি আছে৷ লক্ষণীয় কথা যে সেই পথছোৱা নির্মাণ কৰোঁতে প্রকৃতিৰ ৰম্যভূমি স্বর্গপুৰীস্বৰূপ মায়’ডিয়া অঞ্চলৰ মাজেদি নির্মাণ কৰিবলগীয়া অৱস্থা হৈছিল৷ কিন্তু অৰুণাচল চৰকাৰৰ এক প্রশংসনীয় তথা যুগান্তকাৰী পদক্ষেপ যে তেওঁলোকে এই পথছোৱা নির্মাণ কৰোঁতে যাতে মায়’ডিয়াৰ জলবায়ু তথা জৈৱ– বৈচিত্র্যৰ ওপৰত প্রভাৱ নপৰে, সেই কথাৰ প্রতি লক্ষ্য ৰাখি নিজৰ বিত্তীয় বাজেট ঘাটি কৰি মায়’ডিয়াৰ অঞ্চল বাদ দি অন্য এক বিকল্প অঞ্চলেদি বর্তমান পথ নির্মাণ কৰি আছে৷ এক সূত্র অনুসৰি প্রকাশ কৰা হৈছে যে পূর্বৰ বছৰৰ তুলনাত এইবাৰ অসমৰ পৰা মায়’ডিয়ালৈ যোৱা পর্যটকৰ সংখ্যা প্রায় ৩০ শতাংশলৈ হ্রাস পাইছে আৰু এই প্রভাৱ অসমত চলি থকা ‘কা’বিৰোধী প্রতিবাদৰ ফল বুলি ভিন্ন মহলত প্রকাশ পাইছে৷

You might also like