আঁঠুৰ বিষ আৰু আয়ুর্বেদ
দৈনন্দিন জীৱনত কাম–কাজসমূহ নিয়মীয়াকৈ চলাই নিবলৈ মনৰ উৎসাহৰ প্রয়োজন আৰু শাৰীৰিক সুস্থতাই হ’ল মনৰ উদ্গনিৰ মূল উৎস৷ বর্তমান সময়ত বিলাসী জীৱন যাপন বাঢ়িছে যদিও পুৱা শুই উঠাৰ পৰা ৰাতি আজৰি হোৱালৈ প্রত্যেকজনৰ বাবে শাৰীৰিক পৰিশ্রম কম–বেছি পৰিমাণে হ’লেও প্রয়োজনীয়৷ চলা–ফুৰা কৰা, ওখ ঠাইত বগোৱা, থিয় হৈ কাম কৰা নাইবা মাটিত বহি কাম কৰা সময়ত আঁঠুৰ বিষ সঘনে পৰিলক্ষিত হোৱা দেখা যায়৷ ৩০–৩৫ বছৰ বয়সৰ পৰা এই অসুবিধাৰ আৰম্ভণি হয় আৰু মহিলাসকলৰ মাজত সঘনে দেখিবলৈ পোৱা যায়৷ মাহেকীয়া বন্ধ হোৱা সময়ত হাত বা ভৰিৰ গাঁঠিসমূহত বিষৰ আৰম্ভণি হয়৷ পুৰুষৰ ক্ষেত্রত ৫০–৫৫ বছৰ বয়সৰ পৰা কাম–কাজৰ ফলস্বৰূপে আঁঠুৰ বিষ আৰম্ভ হয়৷ বর্তমান সময়ত বিষৰ কাৰণসমূহৰ অন্যতম হ’ল – অষ্টি’আর্থ্রাইটিছ৷ এইক্ষেত্রত গাঁঠিৰ গঠন সলনি হয় তথা হাড়ৰ ঘনত্ব কমি যায়৷ আঁঠুত লাগি থকা কেপচুলৰ বিসংগতিৰ বাবে আৰু হাড়সদৃশ কার্টিলেজসমূহৰ ক্ষয়ৰ বাবে ইয়াৰ আৰম্ভণি হয়৷
লক্ষণসমূহ:
কাম–কাজ কৰি উঠাৰ পিছত হোৱা বিষ৷
ৰাতি শুবলৈ যোৱা আগমুহূর্তত হোৱা বিষ৷
পুৱা শুই উঠাৰ পিছত হাত–ভৰিৰ টনাটনি কৰা৷
মাটিত বহি কাম কৰিব নোৱাৰা অথবা বহু সময় ধৰি মাটিত বহি থাকিব নোৱাৰা৷
–ওখ ঠাই বা ছিৰি বগাওতে হোৱা আঁঠুৰ শব্দ বা ঘিলা খুলি যোৱা যেন অনুভৱ হোৱা৷
চিকিৎসা: এই ৰোগত আক্রান্ত লোকৰ প্রধান সমস্যা হ’ল বিষ৷ যদিও কেৱল বিষ উপশম কৰোৱায় এই ৰোগৰ চিকিৎসা নহয়৷ তদুপৰি হাডৰ ঘনত্ব বর্তাই ৰখা, সন্ধিৰ চলাচল অটুট ৰখাও আয়ুর্বেদিক চিকিৎসাৰ লক্ষ্য৷ সেইবাবে ৰোগৰ চিহ্ণৰ লগতে পুনৰাবৃত্তি ৰোধ কৰাও জৰুৰী৷ এই সন্দর্ভত পঞ্চকর্ম চিকিৎসা খুব গুৰুত্বপূর্ণ৷ ইয়াৰ ভিতৰত স্নেহন hot oil therapy), স্বেদন steam therapy) আৰু বস্তি detoxification and nutritive procedure) প্রদান কৰা হয়৷ পঞ্চকর্মই হাডৰ ঘনত্ব বঢ়ায়, গাঁঠিৰ ৰুক্ষতা কমায় আৰু পুনৰাবৃত্তি হোৱাত বাধা প্রদান কৰে৷
ডাঃ ৰীমা ভট্টাচার্য, আয়ুর্বেদিক মেডিচিন বিশেষজ্ঞ
ফোন: ৭০৮৬৬–৯১৫২০