নিয়মীয়া বাৰ্তা, ১৮ জুন: ক’ৰোনাত সংক্রমিত কংগ্রেছ সভানেত্রী ছোনিয়া গান্ধীক দিল্লীৰ গংগাৰাম হাস্পতালত ভর্তি কৰা হৈছিল যোৱা সপ্তাহত৷ কিন্তু ক’ৰোনাৰ উপৰি অন্যান্য সমস্যাই দেখা দিছে ছোনিয়াৰ শৰীৰত৷ শেহতীয়াকৈ শ্বাসনলীত সংক্রমণ ঘটিছে ছোনিয়া গান্ধীৰ৷ ইয়াৰ বাবে ছোনিয়াৰ নাকেৰে ৰক্তক্ষৰণ ঘটিছে৷ তাৎক্ষণিকভাৱে নেত্রীগৰাকীৰ চিকিৎসা আৰম্ভ কৰিছে বিশেষজ্ঞ চিকিৎসকসকলে৷ কংগ্রেছ নেতৃত্বই আজি এই কথা ঘোষণা কৰিছে৷ নেত্রীগৰাকীৰ স্বাস্থ্যক লৈ এক বিবৃতি প্রকাশ কৰিছে দলৰ নেতা জয়ৰাম ৰমেশে৷ লক্ষণীয়ভাৱে ক’ভিডৰ বাবে বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে ছোনিয়াৰ৷