মৰিয়নিত আন্তঃজিলা নেটবল চেম্পিয়নশ্বিপঃ কল্যাণজ্যোতি সন্দিকৈ-ৰুমা কলিতা শ্ৰেষ্ঠ খেলুৱৈ
বিশেষ বাৰ্তা, ১২ ছেপ্টেম্বৰঃ অসম নেটবল সন্থাৰ তত্বাৱধানত আৰু যোৰহাট জিলা নেটবল সন্থাৰ উদ্যোগত ইয়াৰ বাপুজী ষ্টেডিয়ামত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা মণিৰাম মহন – নিৰু মহন আৰু মানিক চন্দ্ৰ মহন্ত – ক্ষীৰদা মহন্ত সোঁৱৰণী সদৌ অসম আন্তঃজিলা নেটবল (জুনিয়’ৰ আৰু ছাব জুনিয়’ৰ) (ল’ৰা – ছোৱালী ) চেম্পিয়নশ্বিপৰ আজি সামৰণি পৰে। এই চেম্পিয়নশ্বিপৰ ছাব -জুনিয়’ৰ ল’ৰা আৰু ছোৱালী উভয় শাখাত চৰাইদেৱে চেম্পিয়নৰ খিতাপ অৰ্জন কৰে । আনহাতে, ল’ৰাৰ শাখাত শিৱসাগৰ আৰু ছোৱালীৰ শাখাত গুৱাহাটী ৰানাৰ্ছ আপ হয় । ইফালে, জুনিয়’ৰৰ ল’ৰাৰ শাখাত শিৱসাগৰ আৰু ছোৱালীৰ শাখাত তামুলপুৰ দলে চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে । ইয়াত ল’ৰাৰ শাখাত চৰাইদেউ আৰু ছোৱালীৰ শাখাত শিৱসাগৰ দল ৰানাৰ্ছ আপ হয়। ইয়াৰ পূৰ্বে অনুষ্ঠিত ছাব -জুনিয়’ৰৰ ল’ৰাৰ ছেমি ফাইনেলত চৰাইদেৱে লক্ষীমপুৰক ১৮-১১ আৰু শিৱসাগৰে ডিব্ৰুগড়ক ১৯-১৭ গ’লৰ ব্যৱধানত পৰাজিত কৰি ফাইনেলৰ যোগ্যতা অৰ্জন কৰে ।উত্তেজনাপূৰ্ণ ফাইনেলত চৰাইদেৱে শিৱসাগৰক ১৭-১৫ গ’লত পৰাজিত কৰি চেম্পিয়নৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় । আনহাতে, ছোৱালীৰ শাখাত গুৱাহাটীয়ে শিৱসাগৰক ১৫ – ৫ আৰু চৰাইদেৱে গোলাঘাটক ১৭-১১ গ’লৰ ব্যৱধানত পৰাজিত কৰি ফাইনেলৰ যোগ্যতা অৰ্জন কৰে । ফাইনেলত চৰাইদেৱে গুৱাহাটীক ১৬ – ১০ গ’লত পৰাজিত কৰি চেম্পিয়ন হয় । বিজয়ী দলক মানিক চন্দ্ৰ মহন্ত আৰু বিজেতা দলক ক্ষীৰদা মহন্ত সোঁৱৰণী ট্ৰফী প্ৰদান কৰা হয় । ইফালে জুনিয়’ৰৰ ল’ৰাৰ শাখাৰ প্ৰথম ছেমিত শিৱসাগৰে বাক্সাক ৩০ -২০ আৰু আনখন তীব্ৰ উত্তেজনাপূৰ্ণ ছেমিত চৰাইদেৱে তিনিচুকীয়াক ২২-২১ গ’লত পৰাজিত কৰে । ফাইনেলত শিৱসাগৰে চৰাইদেউক ২৬-১২ গ’লৰ ব্যৱধানত পৰাজিত কৰি চেম্পিয়ন হয় । ছোৱালীৰ শাখাৰ ছেমিত শিৱসাগৰে ঘৰুৱা দল যোৰহাটক ১৪-৭ আৰু তামুলপুৰে তিনিচুকীয়াক ১৮-১৭ গ’লত পৰাজিত কৰি ফাইনেলত প্ৰৱেশ কৰে । ফাইনেলত তামুলপুৰে শিৱসাগৰক ১৭-১১ গ’লৰ ব্যৱধানত পৰাজিত কৰি চেম্পিয়নৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। ছেমি ফাইনেলত পৰাজিত দলকেইটাই তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয় । বিজয়ী দলক মনিৰাম মহন আৰু বিজেতা দলক নিৰু মহন সোঁৱৰণী সুদৃশ্য ট্ৰফী প্ৰদান কৰা হয়। ল’ৰাৰ শাখাত চৰাইদেউৰ কল্যাণজ্যোতি সন্দিকৈ আৰু ছোৱালীৰ শাখাত তামুলপুৰৰ ৰীমা ডেকা শ্ৰেষ্ঠ খেলুৱৈ নিৰ্বাচিত হয়। ঘৰুৱা দল যোৰহাটে ‘ফেয়াৰ প্লে’ বঁটা লাভ কৰে । আনহাতে, দিব্যজ্যোতি শইকীয়াই আঁত ধৰা বৰ্ণাঢ্য বঁটা বিতৰণী অনুষ্ঠানত মৰিয়নিৰ ৰাজহ চক্ৰ বিষয়া অসীম বৰগোঁহাই, যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সম্পাদক জুল খাউণ্ড, জ্যেষ্ঠ ক্ৰীড়া সংগঠক ললিত বৰা, অসম ৰাগবী সন্থাৰ সম্পাদক শান্তনু কলিতা, যোৰহাট জিলাৰ ক্ৰীড়া বিষয়া চাৰ্থে টেৰ’ন, নেটবল সন্থা অসমৰ সম্পাদক বিৰজু ৰাম, যুটীয়া সম্পাদকদ্বয় অজয় বাচফৰ আৰু পিকলু ৰয়, কোষাধ্যক্ষ জয়ন্ত গগৈ, মৰিয়নি পৌৰসভাৰ পৌৰপতি বিশ্বপ্ৰভা শইকীয়া, উপ-পৌৰপতি প্ৰদীপ দাস, পঞ্চায়ত নেত্ৰী নিতুমনি ফুকন, বিশিষ্ট শিক্ষাবিদ আনন্দ শইকীয়া, বিশিষ্ট সমাজকৰ্মী অনিল বৰা, সমাজকৰ্মী মৃদুল দলৈ, যোৰহাট জিলা পেঞ্চনাৰ্ছ সন্থাৰ সম্পাদক অজিত বৰা, ক্ৰীড়া সংগঠক বিপুল শইকীয়া, জ্যেষ্ঠ নাগৰিক সন্মিলনৰ কাৰ্য্যকৰী সভাপতি ধীৰেন্দ্ৰ নাথ দত্ত, দিপু মজুমদাৰ, উদীয়মান শিল্পী নৱাজ আহমেদ আৰু ৰেশ্মিপ্ৰিয়া, ললিত গগৈ প্ৰমুখ্যে বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে । বিশিষ্ট শিল্পী তৰুণ শইকীয়াৰ পৰিচালনাত মহিলা শিল্পীৰ দলে পৰিবেশন কৰা সমবেত সংগীতে উপস্থিত সকলোকে মুগ্ধ কৰে। উদযাপন সমিতিৰ সভাপতি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ অনুপস্থিতিত তেওঁৰ লিখিত ভাষন পাঠ কৰা হয়। আনহাতে, যোৰহাট জিলা নেটবল সন্থাৰ সভাপতি নেকিবুল ইছলামে লিখিত অভিভাষন পাঠ কৰে। যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সম্পাদক জুল খাউণ্ড আৰু নেটবল সন্থা অসমৰ সম্পাদক বিৰজু ৰামে চমুকৈ বক্তব্য প্ৰদান কৰা এই অনুষ্ঠানতে প্ৰাক্তন আন্তঃ ৰাষ্ট্ৰীয় নেটবল খেলুৱৈ ঝৰ্ণা দেৱনাথ, তৃষ্ণা মহন্ত, ৰাষ্ট্ৰীয় খেলুৱৈ মানস প্ৰতীম সোনোৱাল, প্ৰাঞ্জল পাওগাম, প্ৰশান্ত মোহন, ৰূপম বৰা, পুতলী গোৱালা, পিংকী কাপাছিয়া, যোগেন্দ্ৰ নাথ, নৱজিত হাজৰিকা, দ্বীপ দত্ত, অপু ৰাজবংশী, দীপক গগৈ, বীৰেন্দ্ৰ গগৈ, ললিতা ডেকা, অমিত সৰকাৰ, মিথাংগা ব্ৰহ্ম, দিপু ডেকা, কুলদ্বীপ দিহিঙীয়া আদিক সম্বৰ্ধনা জনোৱা হয়। আনহাতে, টুৰ্ণামেন্টখনৰ টেকনিকেল ডাইৰেক্টৰ সঞ্জয় বসুমতাৰীৰ লগতে খেলসমূহ পৰিচালনা কৰা টেকনিকেল অফিচিয়েল সকলকো একেটা অনুষ্ঠানতে সম্বৰ্ধনা জনোৱা হয় । শেষত পতাকা অৱনমনেৰে টুৰ্ণামেন্টৰ সামৰণি পৰে ।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া