নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুজৰাটত এম্বুলেঞ্চক বাট এৰি দিবলৈ ৰৈ গ’ল প্ৰধানমন্ত্ৰী মোদীৰ কনভয়

বিশেষ বাৰ্তা, ৩০ ছেপ্টেম্বৰঃ আহমেদাবাদৰ পৰা গান্ধীনগৰলৈ গৈ থকা অৱস্থাত শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কনভয় এখন এম্বুলেঞ্চক বাট দিবলৈ কিছু সময় ৰৈছিল। গুজৰাট বিজেপি আৰু পিছত সংবাদ সংস্থা এএনআইয়ে শ্বেয়াৰ কৰা এটা ভিডিঅ’ত দেখা গৈছে যে প্ৰধানমন্ত্ৰীৰ কনভয় হৈ থকা দুখন এছ ইউ ভিয়ে লাহে লাহে আহমেদাবাদ-গান্ধীনগৰ পথৰ বাঁওফালে গৈ এম্বুলেঞ্চখনক বাট এৰি দিয়ে। আজি বিয়লি আহমেদাবাদৰ দূৰদৰ্শন কেন্দ্ৰৰ সমীপত ৰাজহুৱা সমাৱেশ শেষ কৰি গান্ধীনগৰৰ ৰাজভৱনলৈ গৈ থকা অৱস্থাত এই ঘটনা সংঘটিত হয়। আহমেদাবাদৰ পৰা গান্ধীনগৰলৈ যোৱাৰ পথত পিএম মোদীৰ মটৰকেড এম্বুলেন্সক বাট দিবলৈ ৰৈ গ’ল।’- গুজৰাট বিজেপিয়ে এক বিবৃতিত এইদৰে কয়। গুজৰাট ভ্ৰমণৰ দ্বিতীয় দিনা প্ৰধানমন্ত্ৰী মোদীয়ে গান্ধীনগৰ-মুম্বাই বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লখন ফ্লেগ অফ কৰাৰ লগতে আহমেদাবাদ মেট্ৰ’ ৰে’ল প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ কামো আৰম্ভ কৰে। সন্ধিয়া প্ৰধানমন্ত্ৰীয়ে বনাস্কান্ত জিলাত উপস্থিত হৈ বিখ্যাত আম্বাজী মন্দিৰত জনসমাৱেশ সম্বোধন কৰিব আৰু আৰতি কৰিব।

You might also like