নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেৰালাৰ অনন্তপুৰ মহাবিষ্ণু মন্দিৰৰ নিৰামিষভোজী ঘঁৰিয়াল বাবিয়াৰ মৃত্যু

বিশেষ বাৰ্তা, ১০ অক্টোবৰঃ বিগত কেইবাটাও দশক ধৰি কেৰালাৰ শ্ৰীঅনন্তপদ্মনাভ স্বামী মন্দিৰৰ হ্ৰদত বাস কৰা একমাত্ৰ ঘঁৰিয়ালটোক আজি মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। দাবী কৰা হৈছে যে এই ঘঁৰিয়ালটো নিৰামিষভোজী আছিল। মন্দিৰৰ বিষয়াসকলে জনোৱা মতে, ৭০ বছৰ ধৰি মন্দিৰৰ হ্ৰদটোত বাস কৰা এই ঘঁৰিয়ালটোৰ নাম আছিল ‘বাবিয়া’। শনিবাৰৰ পৰা ঘঁৰিয়ালটো সন্ধানহীন হৈ আছিল। বিষয়াসকলে জনোৱা মতে, দেওবাৰে নিশা প্ৰায় ১১.৩০ বজাত হ্ৰদটোত মৃত ঘঁৰিয়ালটো উদ্ধাৰ কৰা হয়। মন্দিৰ প্ৰশাসনে এই বিষয়ে আৰক্ষী আৰু পশুপালন বিভাগক অৱগত কৰে। মৃত ঘঁৰিয়ালটো হ্ৰদৰ পৰা উলিয়াই আনি এটা কাচৰ বাকচত ৰাখিছিল। সোমবাৰে বিভিন্ন ৰাজনীতিবিদকে ধৰি বহু লোকে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মন্দিৰৰ বিষয়াসকলে দাবী কৰে যে ঘঁৰিয়ালটো নিৰামিষভোজী আছিল আৰু মন্দিৰত বনোৱা ‘প্ৰসাদ’ৰ ওপৰত নিৰ্ভৰশীল আছিল। বাবিয়াই মন্দিৰৰ প্ৰসাদ, ভাত আৰু গুড় খাইছিল। কেৰালা ৰাজ্যিক বিজেপিৰ সভাপতি কে সুৰেন্দ্ৰনেও ফেচবুক পোষ্টৰ জৰিয়তে বাবিয়াক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ লিখিছে, “বাবিয়া নাই। দশক দশক ধৰি তেওঁ কুম্বলা অনন্তপুৰম মহাবিষ্ণু মন্দিৰত অহৰহ উপস্থিত আছিল। ইয়াক ঈশ্বৰৰ প্ৰতিমূৰ্তি বুলি বিবেচনা কৰি লাখ লাখ ভক্তই ভ্ৰমণ কৰিছিল।” উল্লেখ্য যে ঘঁৰিয়ালটো থকা মন্দিৰটো উত্তৰ কেৰালাৰ কাছাৰাগোড় জিলাৰ কুম্বলাৰ ওচৰৰ অনন্তপুৰত মহাবিষ্ণু মন্দিৰ। ৱেবছাইটত দিয়া তথ্য অনুসৰি এই মন্দিৰটো তিৰুৱনন্তপুৰমৰ শ্ৰীঅনন্ত পদ্মনাভ স্বামী মন্দিৰৰ মূল উৎস ‘মূলস্থান’ নামেৰে জনাজাত। মন্দিৰৰ ৱেবচাইটত উল্লেখ কৰা অনুসৰি মন্দিৰৰ হ্ৰদটোৰ সৈতে জড়িত অতি অস্বাভাৱিক ঘটনা সংঘটিত হৈছিল। বুঢ়া মানুহে কয় যে মন্দিৰৰ হ্ৰদটোত মাত্ৰ এটা ঘঁৰিয়ালহে থাকে। মৃত্যু হোৱা বাবিয়া এই হ্ৰদটোৰ তৃতীয়টো ঘঁৰিয়াল আছিল। মন্দিৰৰ ৱেবছাইটত প্ৰকাশ পোৱা মতে, এটা ঘঁৰিয়ালৰ মৃত্যু হ’লে আন এটা ঘঁৰিয়াল হ্ৰদটোলৈ আহে। ৱেবচাইটটোত উল্লেখ কৰা হৈছে যে মন্দিৰৰ ওচৰত কোনো নৈ বা পুখুৰী নাই য’ত ঘঁৰিয়াল থাকে। ঘঁৰিয়াল মানুহৰ বন্ধু হ’ব পাৰে আৰু ইয়াৰ ক্ষতিও কৰিব পাৰে। মহাবিষ্ণু মন্দিৰৰ হ্ৰদত ইয়াৰ উপস্থিতিয়ে ভাগৱত পুৰাণৰ অন্যতম বিখ্যাত গজেন্দ্ৰ মোক্ষ কাহিনীৰ কথা মনত পেলাই দিয়ে।

You might also like