চীনৰ ভৱিষ্যৎ
কমিউনিষ্টসকলৰ তীর্থভূমি চীনত শেহতীয়াভাৱে ঘটি যোৱা ঘটনাবোৰে দুই ধৰণৰ শংকা অথবা পৰিৱর্তনৰ চিন বহন কৰিছে৷ চীনৰ ৰাষ্ট্রপ্রধানক উদ্দেশ্য কৰি শ শ লোকে ৰাজপথত সিংহাসন ত্যাগ কৰক বুলি দিয়া ধ্বনি অকল এজন ব্যক্তিৰ বিৰুদ্ধে দিয়া ধ্বনি নহয়, এটা পৰম্পৰাৰ প্রতি বিৰুদ্ধাচৰণ৷ সেই শ শ লোকে অকল ৰাষ্ট্রপ্রধানৰ বিৰুদ্ধেই ধ্বনি দিয়া নাছিল, কমিউনিজমৰ বিৰুদ্ধেও ধ্বনি দিছিল৷ চীনৰ দৰে এটা দলৰ একনায়কত্ব থকা দেশত, য’ত বাক্ স্বাধীনতাৰ অর্থই হৈছে চৰকাৰৰ মতক সমর্থন, তেনে দেশত এই প্রতিবাদে আন্তর্জাতিক পৰিৱর্তনৰ ইংগিত দিছে৷ যি ৰাজনৈতিক মতবাদৰ সমর্থন কৰি বিশ্বৰ কিছুসংখ্যক লোকে চীনকেই তীর্থভূমি বুলি পূজা–র্চনা কৰি আছিল, সেইসকলে চীনৰ বুকুত কমিউনিষ্টবিৰোধী ধ্বনি শুনি শংকিত হৈ উঠাটো অতি স্বাভাৱিক কথা৷ পৃথিৱীৰ বিভিন্ন প্রান্তত কমিউনিজমৰ আদর্শৰ প্রতি অনাস্থা প্রকাশ হৈ আহিছে৷ এই প্রেক্ষাপটত চীনৰ এই ঘটনাক্রমে এই ৰাজনৈতিক আদর্শৰ ভেটিটোকে জোকাৰি দিছে, যাৰ ফল পৃথিৱীৰ বহু দেশলৈ বিয়পি যাব৷ আনহাতে, সমগ্র বিশ্বতে চীনৰ ৰাষ্ট্রপ্রধানৰ যি এক শক্তিমান ভাবমূর্তি আছিল, সেই ভাবমূর্তিৰ সবল ভাবটো লেহুকা হৈ পৰিব৷ এটা কথা ঠিক যে চীনৰ বিভিন্ন অঞ্চলত বিভিন্ন প্রসংগত কিছু পৰিমাণে প্রতিবাদ চলি আহিছিল৷ সেই স্থানীয় প্রসংগবোৰ আছিল মাটি দখলৰ সমস্যা, প্রদূষণৰ সমস্যা অথবা আৰক্ষীয়ে নাগৰিকক হাৰাশাস্তি কৰাৰ দৰে সমস্যা৷ কিন্তু এইবাৰৰ প্রতিবাদৰ চৰিত্রই পৃথক৷ চৰকাৰৰ ‘জিৰো ক’ভিড পলিচী’ৰ বিৰুদ্ধে নাগৰিকৰ অসন্তুষ্টি আৰু প্রতিবাদ৷ কিন্তু এই প্রতিবাদ এটা চৰকাৰী সিদ্ধান্তৰ প্রতিবাদ হিচাপে আৰম্ভ হ’লেও এই প্রতিবাদত অংশগ্রহণ কৰা নাগৰিকৰ সংখ্যা বৃদ্ধি, চৰকাৰী নিষেধাজ্ঞা ভংগ, শিক্ষানুষ্ঠানৰ অংশগ্রহণ আদিয়ে প্রতিবাদৰ স্বৰূপটোক চীন দেশত প্রতিবাদৰ এক নতুন ভাষা হিচাপে থিয় কৰাইছে৷
এইবাৰৰ প্রতিবাদ চৰকাৰৰ বিৰুদ্ধে স্পষ্ট প্রত্যাহ্বান৷ চাংহাহত প্রতিবাদকাৰীসকলে ৰাষ্ট্রপ্রধান জিনপিঙৰ বিৰুদ্ধে শ্লোগান দিওঁতে একেলগে তেওঁৰ পদত্যাগো দাবী কৰিছে৷ চীন দেশত পার্টীৰ শাসন ইমানেই কঠোৰ যে কমিডনিষ্ট পার্টীৰ সাধাৰণ সম্পাদকৰ বিৰুদ্ধে মুকলিকৈ কথা কোৱাটো অতি বিপজ্জনক বুলি গণ্য কৰা হয়৷ এনে কামৰ শাস্তি কাৰাবাসতেই আৰম্ভ হয়৷ তাৰ পাছতো কিন্তু বহু মানুহ চাংহাহৰ ৰাজপথত নামিল৷ জিৰো ক’ভিড নীতিৰ বিৰুদ্ধে হোৱা প্রতিবাদত জিনপিঙৰ বিৰুদ্ধে দুঃসাহসিকভাৱে শ্লোগান দিয়াটোৱে প্রমাণ কৰে যে ৰাষ্ট্রপ্রধানৰ বিৰুদ্ধে নাগৰিকসকলৰ মনত ক্ষোভ আৰু বিৰোধিতা বহু দিনৰ পৰা জমা হৈ আছে আৰু এটা সুবিধা পোৱাৰ লগে লগেই তাৰ প্রকাশ ঘটিছে আৰু পোনে পোনেই সি প্রচলিত শাসন ব্যৱস্থাৰ বিৰোধিতা কৰিছে৷ কমিডনিষ্ট পার্টী হ’ল এনেকুৱা এটা ৰাজনৈতিক সংগঠন, যাৰ আটাহতকৈ ডাঙৰ অগ্রাধিকাৰ হ’ল ক্ষমতাত থকা অথবা ক্ষমতাত থকা শক্তিৰ স’তে মিতিৰালি কৰি থকা৷ এনে পৰিস্থিতিত চীনৰ এহ বিক্ষোভ অকল চীনৰ শাসকীয় দলৰ বাবেই নহয়, সমগ্র বিশ্বৰ বিভিন্ন ঠাইত সিঁচৰতি হৈ থকা কমিডনিষ্ট পার্টীৰ বাবে এক ডাঙৰ প্রত্যাহ্বান হৈ পৰিছে৷ চীনত আৰম্ভ হোৱা এই বিক্ষোভৰ তাৎক্ষণিক কাৰণটোৰ যুক্তি আছে, মানুহক ৰাজপথলৈ আনিবলৈ এই কাৰণটো যথেষ্ট৷ কিন্তু এই বিক্ষোভেই যে ৰাষ্ট্রপ্রধান আৰু শাসক দলটোৰ বিৰুদ্ধে থিয় হ’ব, সেই কথা সকলোৰে বাবে অকল্পনীয় আছিল৷ পৃথিৱীৰ এক বৃহৎ শক্তিলৈ ৰূপান্তৰিত হোৱা এই ৰাষ্ট্রখনৰ ভিতৰতে যে এনেধৰণৰ ধাৰণাই প্রসাৰ আৰু বিস্তৃতি লাভ কৰিছে, সেই কথাৰ প্রকাশে ৰাজনৈতিক চিন্তাশীলসকলক নতুন চিন্তাৰ খোৰাক দিছে৷ চীনৰ খবৰ বাহিৰৰ ৰাষ্ট্রত পোৱাটো টান, যিখিনি পোৱা যায় আৰু বিভিন্ন দেশৰ মানুহে চীন দেশ ভ্রমণ কৰি আহি যিবোৰ লিখে, সেইবোৰৰ পৰা চীনৰ অৱস্থা ৰামৰাজ্যৰ সমতুল্য যেন লাগে৷ এই শেহতীয়া বিক্ষোভবোৰে চীনৰ সেই ছবিখনৰ স্বৰূপ প্রকাশ কৰিছে৷ চীনৰ বিশ্বজোৰা আধিপত্যৰ ভেটি লেহুকা কৰি দিছে আৰু একেলগে কমিউনিজমৰ ভৱিষ্যতো বিপজ্জনক কৰি তুলিছে৷