বিলুপ্তিৰ পথত উত্তৰ–পূর্বাঞ্চলৰ ৭৬ জনগোষ্ঠী
নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰী: আধুনিকতাৰ ধামখুমীয়াত পৃথিৱীৰ পৰা অস্তিত্বহীন হোৱাৰ দিশে গতি কৰিছে উত্তৰ–পূর্বাঞ্চলৰ এটা এটাকৈ জনগোষ্ঠী৷ প্রব্রজন, চহকী তথা উন্নত জীৱন যাপনৰ স্পৃহাই জনগোষ্ঠীসমূহক বিলুপ্তিৰ পথলৈ ঠেলি দিছে৷ কেন্দ্রীয় জনজাতি পৰিক্রমা মন্ত্রালয়ৰ আভ্যন্তৰীণ এক প্রতিবেদনত এনে কেতবোৰ অতি উদ্বেগজনক তথ্য পোহৰলৈ আহিছে৷ প্রতিবেদন অনুসৰি উত্তৰ–পূর্বাঞ্চলৰ কমেও ৭৬টা জনগোষ্ঠীৰ কোনো অস্তিত্বই নাথাকিব অদূৰ ভৱিষ্যতত৷ ইয়াৰ ভিতৰত অসমৰ ৬টা জনগোষ্ঠী আছে৷ এই জনগোষ্ঠীসমূহৰ প্রতিটোৰ জনসংখ্যা ১,০০০ৰো কম৷ তাতোকৈ উদ্বেগজনক বিষয় হৈছে এই ৭৬টা জনগোষ্ঠীৰ ৩৭টাৰেই প্রতিটোৰ জনসংখ্যা ১০০তকৈও কম৷ ১০০তকৈ কম অসমৰ এনে ৬টা জনগোষ্ঠী আছে৷ মন কৰিবলগীয়া যে বিলুপ্তিৰ পথলৈ গতি কৰা ৭৬টা জনগোষ্ঠীয়েই অনুসূচিত জনজাতিৰ মর্যাদাপ্রাপ্ত৷ আনহাতে একেখন প্রতিবেদনৰ তথ্য মতে উত্তৰ–পূর্বাঞ্চলৰ ৮০টা জনগোষ্ঠীয় মাতৃভাষাও অস্তিত্বহীন হোৱাৰ দিশে আগবাঢ়িছে৷ ইয়াৰ ভিতৰত ২১টা ভাষাৰ প্রায় বিলুপ্তি ঘটিছে৷ লক্ষণীয়ভাৱে ছিকিমক বাদ দি উত্তৰ–পূর্বাঞ্চলৰ আন ৭খন ৰাজ্যৰ অৱস্থা একেই৷ উত্তৰ–পূর্বাঞ্চলৰ ভিতৰত অৰুণাচল প্রদেশত সর্বাধিক ৫০টা অনুসূচিত জনজাতিৰ একক জনসংখ্যা ১,০০০ৰো কম৷ ইয়াৰ ভিতৰত ২৪টা জনজাতিৰ একক জনসংখ্যা ১০০ৰো কম৷ অনুৰূপভাৱে অসমৰ ৬টা অনুসূচিত জনজাতিৰ একক জনসংখ্যা ১,০০০ আৰু ইয়াৰ ভিতৰত ৩টা জনজাতিৰ সংখ্যা ১০০ৰো কম৷ মিজোৰামৰ ৬টা ১,০০০ আৰু ইয়াৰে ৪টা জনজাতিৰ একক জনসংখ্যা ১০০ৰো কম৷ মণিপুৰৰ ৫টা আৰু ৩টা, মেঘালয়ৰ ২টা আৰু ১টা, নাগালেণ্ডৰ ৩টা আৰু ১টা, ত্রিপুৰাৰ ৪টা অনুসূচিত জনজাতিৰ একক জনসংখ্যা ১,০০০ আৰু ইয়াৰে এটাকৈ জনজাতিৰ একক জনসংখ্যা ১০০ৰো কম বুলি প্রতিবেদনখনত উল্লেখ কৰা হৈছে৷ লক্ষণীয়ভাৱে বিলুপ্তপ্রায় এই জনগোষ্ঠীসমূহক লৈ কেন্দ্রীয় চৰকাৰৰ তৰফৰ পৰা উদ্বেগ প্রকাশ কৰি সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহক বাৰম্বাৰ পত্র প্রেৰণ কৰা হৈছে৷ পিছে কোনো এখন ৰাজ্য চৰকাৰে কেন্দ্রই প্রেৰণ কৰা পত্রৰ কোনো উত্তৰ দিয়া নাই৷ বিশেষকৈ ৰাজ্যসমূহক জনজাতি উপ–আঁচনি প্রস্তুত কৰাৰ বাবে কেন্দ্রীয় চৰকাৰে পৰামর্শ আগবঢ়োৱা হৈছে৷ সুকীয়াকৈ অসমৰ ক্ষেত্রত কোৱা হৈছে যে অনুসূচিত জনজাতীয় লোকৰ জনসংখ্যাৰ আনুপাতিক হাৰত ৰাজ্যিক মুঠ পৰিকল্পনা কাহানিও ধার্য কৰা হোৱা নাই৷ আনহাতে জনগোষ্ঠীসমূহৰ অস্তিত্ব তথা সুকীয়া বৈশিষ্ট্যসমূহ অক্ষুণ্ণ ৰখাৰ বাবে কেন্দ্রীয় চৰকাৰে উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহক ড্রাইবেল ৰিছার্চ ইনষ্টিটিউট তথা সুকীয়া মেকানিজম স্থাপন কৰাৰ বাবে বাৰম্বাৰ আহ্বান জনাই থকা হৈছে যদিও এইক্ষেত্রত ৰাজ্যসমূহে বিশেষ পদক্ষেপ লোৱা নাই বুলিহে প্রতিবেদনখনত প্রকাশ পাইছে৷ আনকি এইক্ষেত্রত কেন্দ্রীয় জনজাতি পৰিক্রমা বিভাগে পুঁজিৰ আবণ্টন দিবলৈ সাজু আছে যদিও এতিয়ালৈকে কোনো এখন ৰাজ্যই কোনো ধৰণৰ প্রকল্প প্রতিবেদন কিম্বা প্রস্তাৱেই দাখিল কৰা নাই৷ সমগ্র বিষয়টোত গভীৰ অধ্যয়ন তথা গৱেষণাৰ প্রয়োজন আছে বুলিও প্রতিবেদনখনত উদ্বেগ ব্যক্ত কৰা হৈছে৷