বঢ়মপুৰৰ নীলাঞ্জনালৈ মেজিক বুক অফ ৰেকৰ্ডৰ ইচেনটিক পাৰফৰ্মাৰ এৱাৰ্ড
বিশেষ বাৰ্তা, ১১ জানুৱাৰী : নগাঁও বঢ়মপুৰৰ নিকটৱৰ্তী হালোৱাগাঁৱৰ প্ৰতিভাৱান যুৱতী নীলাঞ্জনা বেজবৰুৱাক “মেজিক বুক অফ ৰেকৰ্ডে” ইচেনটিক পাৰফৰ্মাৰ এৱাৰ্ড প্ৰদান কৰে। নগাঁৱৰ ডিমৰুগুৰিস্থিত ৰেডিয়েন্ট একাডেমীৰ দশম শ্ৰেণীৰ ছাত্ৰী নীলাঞ্জনা বেজবৰুৱাক নৃত্য, মডেলিং, অভিনয়, যোগ আৰু চিত্ৰাংকনত সুন্দৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰাৰ বাবে এই সন্মান প্ৰদান কৰা হয়। মেজিক বুক অফ ৰেকৰ্ডে এই সন্মানত এটা ট্ৰ’ফী, এখন চাৰ্টিফিকেট আৰু এটা গ’ল্ড মেডেল নীলাঞ্জনা বেজবৰুৱালৈ আগবঢ়ায়। উল্লেখ্য যে দীৰ্ঘদিন ধৰি যুৱতীগৰাকী নৃত্য, অভিনয়ৰ লগতে সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছিল। নীলাঞ্জনাৰ এই সফলতাত পৰিয়ালবৰ্গৰ লগতে গাঁওবাসীও উৎফুল্লিত হৈ পৰিছে।
প্ৰেৰক কনক হাজৰিকা