নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বক্তৃতাবিহীন কথাৰ অনুষ্ঠানেৰে জীপাল ভেৰগাঁৱৰ দোংপাৰা

নিয়মীয়া বাৰ্তা, ২৪ জানুৱাৰী: ৰাভা শিল্পী আৰু লেখক মঞ্চ,অসমৰ উদ্যোগত ভেৰগাঁৱৰ দোংপাৰাত কবিতাৰ এক মনোজ্ঞ অনুষ্ঠান আজি অনুষ্ঠিত হয়। ভেৰগাঁও অঞ্চলৰ বিশিষ্ট সমাজ কৰ্মী তথা আদৰ্শ মীন পালক ধৰ্মেশ্বৰ ৰাভাৰ আতিথ্যত তেওঁৰ মীন মহলৰ এক নান্দনিক পৰিৱেশৰ মাজত অনুষ্ঠিত হয় কবিতাৰ এই অনুষ্ঠান ৰাভা শিল্পী আৰু লেখক মঞ্চ, অসমৰ সম্পাদক সুৰেন্দ্ৰ মোহন ৰাভাই আঁত ধৰা এই অনুষ্ঠানত আঠ গৰাকী বিশিষ্ট কবিৰ কবিতা পঠন আৰু আবৃত্তি কৰা হয়। কবি ড° ৰাম চন্দ্ৰ ডেকা, ড° ড° প্ৰসন্ন কুমাৰ নাথ, ড° বন্দনা খাটনিয়াৰ,কমলা কান্ত ডেকা, শুক্লা প্ৰসাদ ৰাভা, ধীৰেন মহলীয়া, চিদানন্দ শৰ্মা আৰু অজয় কুমাৰ ৰাভাৰ কবিতা আবৃত্তি কৰি অনুষ্ঠান জীপাল কৰি তোলে আবৃত্তিকাৰ ধীৰাজ কলিতা, মানস ৰাভা আৰু জোনালী হাজৰিকাই। উদীয়মান নৃত্য শিল্পী বৰষা ৰাভা আৰু নিতুমণি বড়োই আবৃত্তিৰ তালে তালে নৃত্য-ভংগিমাৰে অধিক প্ৰাণৱন্ত কৰি তোলে অনুষ্ঠান। পঠিত প্ৰতিটো কবিতাৰ সুন্দৰ পৰ্যালোচনা আগবঢ়ায় বিশিষ্ট কবি, লেখিকা জাহ্নৱী হাজৰিকাই। গীত-মাত,কবিতাৰে জীপাল হৈ পৰা এই মনোজ্ঞ অনুষ্ঠানটিত ছিপাঝাৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ, বিশিষ্ট কবি-লেখক, তথা দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° ৰাম চন্দ্ৰ ডেকাই অংশ গ্ৰহণ কৰি কবিতা সম্পৰ্কে এক সুন্দৰ বক্তৃতা প্ৰদান কৰে। সুৰেন্দ্ৰ মোহন ৰাভাৰ নেতৃত্বত ৰাভা শিল্পী আৰু লেখক মঞ্চ, অসমে সাহিত্য-সংস্কৃতিৰ উত্তৰণৰ বাবে নিৰৱিচ্ছিন্ন ভাৱে কৰি অহা কাম-কাজৰো প্ৰশংসা কৰে ড° ডেকাই। কবিতাৰ এই মনোজ্ঞ অনুষ্ঠানটিত আকাশ বাণীৰ গীতিকাৰ মধু পাটোৱাৰী, চিত্ৰ শিল্পী কল্যাণ ৰাভা, নাট্যকাৰ তাৰিণী ৰঞ্জন ডেকা, কবি ৰঞ্জি শইকীয়া, দীপা ৰানী ৰাভা,‌‌ প্ৰমুখ্যে ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইয়াৰ পূৰ্বে সমাজ জীৱনলৈ বিভিন্ন ক্ষেত্ৰত অৰিহণা আগবঢ়োৱা ১৮গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰে ৰাভা শিল্পী আৰু লেখক মঞ্চ, অসমে।

প্ৰেৰক ধীৰেন মহলীয়া

You might also like