আমেৰিকাৰ পিছত কানাডাত ‘ৰহস্যময় বস্তু’
বিশেষ বাৰ্তা, ১২ ফেব্ৰুৱাৰীঃ আমেৰিকাৰ পিছত কানাডা। আকৌ এটা ‘ৰহস্যময় বস্তু’ আকাশত উৰি থকা দেখা গ’ল। অৱশ্যে কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে এই সন্দৰ্ভত এক টুইট কৰিছে। অজ্ঞাত বস্তুটো দেখি তেওঁ ইয়াক গুলীওৱাৰ নিৰ্দেশ দিছে। ট্ৰুডোৰ নিৰ্দেশ অনুসৰি শনিবাৰে কানাডা আৰু আমেৰিকান সৈন্যই অজ্ঞাত বস্তুত গুলীচালনা কৰে। তেওঁলোকৰ যৌথ অপাৰেচনত আকাশৰ পৰা বস্তুটো সফলতাৰে নমাই অনা হৈছিল। ট্ৰুডোৱে টুইট কৰি কয় যে কানাডাৰ আকাশমণ্ডল উলংঘা কৰা অচিনাক্ত বস্তু এটাক গুলীয়াই পেলোৱাৰ নিৰ্দেশ দিছো। কানাডা আৰু আমেৰিকাৰ বায়ুসেনাৰ যৌথ অভিযান সফল হৈছে। কানাডাৰ ইউকন প্ৰদেশৰ ওপৰেৰে উৰি থকা দেখা গ’ল এই ‘ৰহস্যময় বস্তু’টো। কি সেয়া প্রধানমন্ত্রীয়ে প্রকাশ কৰা নাছিল৷ তেওঁ কয় যে কানাডাৰ সেনাই নিৰ্দিষ্ট স্থানৰ পৰা বস্তুটোৰ অৱশিষ্ট উদ্ধাৰ কৰিব। এই সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ সৈতেও ট্ৰুডোৱে কথা পাতিছে। দুয়োগৰাকী ৰাষ্ট্ৰপতিয়ে মিলি দেশৰ সাৰ্বভৌমত্ব ৰক্ষাৰ প্ৰতিশ্ৰুতি দিয়ে। কিছুদিন পূৰ্বে আমেৰিকাৰ আকাশত এটা ৰহস্যময় বেলুন উৰি থকা দেখা গৈছিল। আমেৰিকাই দাবী কৰিছিল যে চীনে চোৰাংচোৱা বেলুন পঠিয়াইছিল চোৰাংচোৱাগিৰি চলাবলৈ। বেইজিঙেও স্বীকাৰ কৰে যে বেলুনটো চীনৰ পৰা আহিছিল। কিন্তু তেওঁলোকে দাবী কৰে যে এই বেলুনবোৰ বতৰ বিজ্ঞানৰ পৰীক্ষাৰ বাবেহে উৰুৱাই দিয়া হৈছে, চোৰাংচোৱাগিৰিৰ বাবে নহয়। ভুলবশতঃ ই আমেৰিকাৰ আকাশমাৰ্গত প্ৰৱেশ কৰে। ইয়াৰ বাবে বেইজিঙে ক্ষমা বিচাৰিলে। কিন্তু বাইডেনে সেই চীনা বেলুনটো গুলীয়াই পেলালে। ইয়াৰ পিছতে শুকুৰবাৰে আলাস্কাৰ আকাশৰ পৰা আন এটা ৰহস্যজনক বস্তু গুলীয়াই নিক্ষেপ কৰে আমেৰিকাই। এইবাৰ কানাডাতো পুনৰাবৃত্তি হ’ল একেই ঘটনা।