নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতি লিটাৰ গাখীৰৰ দাম ২১০ টকা দুর্ভিক্ষৰ আশংকা পাকত

নিয়মীয়া বাৰ্তা,  ১৫ ফেব্ৰুৱাৰী: আর্থিক সংকটে দুর্ভিক্ষৰ আশংকা ঘনীভূত কৰিছে পাকিস্তানত৷ দেশবাসীয়ে এতিয়া গাখীৰ কিনিবলৈ হাহাকাৰ কৰিবলগীয়া হৈছে৷ প্রতি লিটাৰ গাখীৰৰ দাম ২১০ টকালৈ বৃদ্ধি পাইছে৷ অর্থাৎ ভাৰতত বর্তমান প্রতি লিটাৰ গাখীৰৰ যি দাম চলি আছে তাতকৈ ৫গুণ দাম বেছি পাকিস্তানত৷ অকল গাখীৰেই নহয়, নিত্য প্রয়োজনীয় সকলো সামগ্রীৰ দাম এতিয়া আকাশলংঘী দেশখনত৷ দেশখনৰ অসংখ্য শিশুৰ বাবে দুখীয়া জনসাধাৰণৰ গাখীৰ ক্রয়ৰ সক্ষমতা নোহোৱাৰ বিপৰীতে একাংশ লোকে বিদেশী কফীৰ কাফেটেৰিয়াৰ বাহিৰত দামী কফী খাবলৈ শাৰী পতা দেখিবলৈ পোৱা গৈছে৷ উচ্চবিত্তসকলে ৮০০টকীয়া বিদেশী কফী কাফে হাউছবোৰত গৈ পান কৰাৰ বিপৰীতে বিভিন্ন চহৰত দুখীয়া লোকসকলে এমুঠি খাদ্যৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে৷ ইফালে, বিত্তীয় সংকটৰ পৰা ৰক্ষা পাবলৈ দেশবাসীৰ ওপৰত এটাৰ পিছত এটাকৈ কৰৰ বোজা জাপি দিছে চৰকাৰে৷ প্রতিদিনে ৩০–৪০ টকাকৈ বৃদ্ধি পাইছে খাদ্যসামগ্রীৰ দাম৷ শেহতীয়াকৈ মুর্গীৰ মাংসৰ দাম ৭৮০ টকালৈ বৃদ্ধি পাইছে দেশখনত৷ দেশখনৰ প্রতিখন চহৰতে এতিয়া আৰম্ভ হৈছে খাদ্যসামগ্রীৰ দোকানবোৰত লুণ্ঠন৷ আনকি মুর্গীৰ পামসমূহত সঘনে দুর্বৃত্তই আৰম্ভ কৰিছিল লুণ্ঠন৷ ৰাৱালপিণ্ডি, লাহোৰ আদি চহৰত প্রতিদিনে খাদ্য সংকটত পৰা জনসাধাৰণৰ মাজত আৰম্ভ হৈছে সংঘাত৷

You might also like