বান্দীপুৰ আৰু মুডুমলাই টাইগাৰ ৰিজাৰ্ভ পৰিদৰ্শন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
নিয়মীয়া বাৰ্তা, ৯ এপ্রিল: তথ্যচিত্ৰ দ্য এলিফেণ্ট হুইছপাৰাৰ্ছে কিছুদিন পূৰ্বে অস্কাৰ বঁটা লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। এই বৃহৎ বিজয়ৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুনীত মংগা আৰু কাৰ্তিকি গনছালভেছক অভিনন্দন জনায়। আজি সেই অস্কাৰ বিজয়ী তথ্যচিত্ৰখনৰ মূল অভিনেতা-অভিনেত্ৰীক সাক্ষাত কৰে প্ৰধানমন্ত্ৰীয়ে।
আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্ণাটক আৰু তামিলনাডুৰ বান্দীপুৰ আৰু মুডুমলাই বান্দিপুৰ টাইগাৰ ৰিজাৰ্ভ পৰিদৰ্শন কৰে। মুডুমলাই-বান্দীপুৰ টাইগাৰ ৰিজাৰ্ভৰ থেপ্পাকাডু হাতী শিবিৰ পৰিদৰ্শন কৰি অস্কাৰ বিজয়ী তথ্যচিত্ৰ “দ্য এলিফেণ্ট হুইছপাৰছ”ত অভিনয় কৰা হাতী পৰিচালকসকলৰ সৈতেও মত বিনিময় কৰে।
চাওক ভিডিঅ-
A special day, in the midst of floral and faunal diversity and good news on the tigers population…here are highlights from today… pic.twitter.com/Vv6HVhzdvK
— Narendra Modi (@narendramodi) April 9, 2023