পথ দুর্ঘটনা
অসমত প্রতিবছৰে বুজনসংখ্যক মানুহে পথ দুর্ঘটনাত প্রাণ হেৰুৱায়৷ একোজন ব্যক্তিৰ এনে অনাহূত মৃত্যুৰ লগে লগে মুহূর্ততে নির্বাপিত হৈ যায় একোটা পৰিয়ালৰ আশা–আকাংক্ষাৰ চাকিগছি৷ দুর্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে হৈ–চৈ হয় আৰু লাহে লাহে সকলো শাম কাটে৷ পুনৰ আন এটা ভয়ংকৰ দুর্ঘটনাৰ বাতৰি আহে৷ এক সমীক্ষা অনুসৰি পথ দুর্ঘটনাই সমগ্র বিশ্বত পংগু লোকৰ সংখ্যাও বৃদ্ধি কৰিছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, যুদ্ধতকৈও পথ দুর্ঘটনাত অধিক মানুহৰ মৃত্যু হয়৷ ফঁহিয়াই চালে দেখা যায় যে এই ঘটনাবোৰৰ বাবে জগৰীয়া প্রধান কাৰণবোৰ হ’ল– অত্যধিক বেগত গাডী চলোৱা, সুৰাপান কৰি গাডী চলোৱা আৰু ছীটবেল্ট পৰিধান নকৰা৷ এই সকলোবোৰ কাৰণক সৰল ভাষাত অসাৱধানতা আৰু গাফিলতিৰ নাম দিব পাৰি৷ দুর্ঘটনাই সদায় ভয়াৱহ অভিজ্ঞতাই দি যায়৷ কেৱল শাৰীৰিক নহয়, দুর্ঘটনাই দিয়ে জীৱনজোৰা মানসিক আঘাত৷ সেয়ে গাডী চলোৱা প্রত্যেকজন ব্যক্তিয়ে নিজৰ কথা চিন্তা কৰাৰ লগতে এবাৰলৈ হ’লেও মনত পেলোৱা উচিত তেওঁৰ বাবে ঘৰত অপেক্ষা কৰি থকা আপোনসকলৰ কথা৷ কিন্তু যিহেতু দৈনন্দিন জীৱন গাড়ী অবিহনে স্তব্ধপ্রায় হৈ যায়, সেয়ে দুর্ঘটনাৰ পৰা বাচি থাকিবলৈকে চেষ্টা কৰা উচিত৷ পথ দুর্ঘটনা সংঘটিত হোৱাৰ মূল কাৰণ হ’ল মানুহৰ ভুল আৰু পথৰ বেয়া ডিজাইন৷ বেয়াকৈ ডিজাইন কৰা পথে মানুহক বেছি বেগেৰে গাডী চলাবলৈ আৰু অপ্রয়োজনীয় বিপদ গ্রহণ কৰিবলৈ উৎসাহিত কৰে৷ বহু মানুহে গাডী চলাওঁতে উচ্চ প্রাবল্যত সংগীত বজোৱাৰ লগতে বা ফোনৰ অত্যধিক ব্যৱহাৰ কৰি ভুল কৰে৷ দুর্ঘটনাত পতিত নহ’বলৈ চালকে সদায় নিজৰ প্রতিৰক্ষাৰ কথা চিন্তা কৰা উচিত৷ প্রথমে গাডীখন চলাব পৰা পৰিস্থিতিত আছেনে ভালদৰে পৰীক্ষা কৰা উচিত৷ তদুপৰি প্রয়োজনাধিক আত্মবিশ্বাসক সম্বল কৰি গাডী চলালেও দুর্ঘটনা ঘটিব পাৰে৷ ড্রেফিক নিয়ম ভালদৰে আয়ত্ত কৰাৰ প্রয়োজন৷ কিন্তু বর্তমান সময়ত সঘনে ঘটা দুর্ঘটনাবোৰৰ বাবে সুৰাপানেই জগৰীয়া বুলি প্রমাণিত হয়৷ সুৰাপানে চালকৰ বিচাৰ ক্ষমতা আৰু গাডী চলোৱাৰ দক্ষতাত ব্যাঘাত জন্মাব পাৰে, যাৰ ফলত দুর্ঘটনাত পতিত হোৱাৰ সম্ভাৱনা বাঢ়ি যায়৷ মনোযোগৰ অভাৱো পথ দুর্ঘটনাৰ এটা মূল কাৰক৷
বহু চালকে গাডী চলালেও যথেষ্ট মনোযোগী নহয়৷ ইয়াৰ কাৰণ হ’ব পাৰে চেলফোন ব্যৱহাৰ কৰা বা যাত্রীৰ লগত প্রয়োজনাধিক কথা পতা বা বিৰক্তি অনুভৱ কৰা৷ যেতিয়া আপুনি মনোযোগ নিদিয়ে, তেতিয়া আপুনি দুর্ঘটনাত পতিত হোৱাৰ সম্ভাৱনা বেছি৷ পথ দুর্ঘটনাতো গতিবেগে ভূমিকা পালন কৰে৷ অত্যধিক গতিবেগেৰে আন এখন বাহনত খুন্দা মৰা বা পথত আন কিবা এটাত খুন্দা মৰাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে৷ চৌপাশৰ প্রতি সচেতন হোৱাৰ লগতে ৰাতি বা বেয়া বতৰত গাডী চলোৱাৰ পৰা বিৰত থকাই বুদ্ধিমানৰ কাম৷ যাত্রা কৰাৰ সময়ত উপযুক্ত পথ–উপপথ ব্যৱহাৰ কৰা উচিত৷ গুৰুত্বপূর্ণ কাম থাকিলে ঘৰৰ পৰা অকণমান সোনকালে ওলালে পথত তীব্রগতিক সাৰথি কৰিব লগা নহয়৷ পথ দুর্ঘটনা সদায় মর্মান্তিক আৰু ইয়াৰ ফলত স্থায়ী শাৰীৰিক, মানসিক আৰু আর্থিক ক্ষতি হ’ব পাৰে৷ পথ দুর্ঘটনা উন্নত দেশৰ যুৱক–যুৱতীসকলৰ্ মৃত্যুৰ অন্যতম কাৰণ৷ আমি সকলোৱে জনা কথা যে যিকোনো সময়তে যিকোনো ব্যক্তিৰ লগত পথ দুর্ঘটনা হ’ব পাৰে৷ কিন্তু বিপদৰ বিষয়ে সচেতন হৈ আৰু কিছুমান সহজ সাৱধানতা অৱলম্বন কৰিলে দুর্ঘটনাৰ বলি হোৱা বা গুৰুতৰভাৱে আঘাত পোৱাৰ সম্ভাৱনা হ্রাস কৰিব পাৰি৷ মেধা আৰু প্রতিভাৰে তগবগ একোজন যুৱক পথ দুর্ঘটনাত হেৰাই যোৱাৰ লগে লগে কেৱল তেওঁৰ পৰিয়ালৰে নহয়, সমগ্র দেশখনৰে অপূৰণীয় ক্ষতি হয়৷ নষ্ট হয় মানৱ সম্পদ৷ নিজৰ জীৱনটো সকলোৰে মৰমৰ৷ পথ দুর্ঘটনা ৰোধৰ বাবে প্রত্যেকেই সচেতন হোৱা প্রয়োজন৷ শেহতীয়াকৈ জালুকবাৰীত পথ দুর্ঘটনাত কেইবাজনো মেধাৱী ছাত্রৰ মৃত্যুৱে সমগ্র অসমক কঁপাই গৈছে৷ তেওঁলোকৰ মৃত্যু আন সকলোৰে বাবে এটা শিক্ষা হোৱা উচিত৷