নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাসায়নিক অস্ত্রমুক্ত পৃথিৱী

সঁচাকৈয়ে আমেৰিকাই বিষাক্ত ৰাসায়নিক অস্ত্র ধ্বংস কৰিছেনে? ৰাষ্ট্রপতি জ’ বাইডেনে ঘোষণা কৰিছে যে আমেৰিকাৰ হাতত থকা সকলো ৰাসায়নিক অস্ত্র ইতিমধ্যে ধ্বংস কৰা হৈছে৷ বিশ্বৰ বিভিন্ন যুদ্ধত ৰাসায়নিক অস্ত্র ব্যৱহাৰৰ অভিযোগ কিন্তু প্রথমতে আমেৰিকাই অনা দেখা যায়৷ প্রথম উপসাগৰীয় যুদ্ধত ইৰাকৰ ৰাষ্ট্রপতি ছাদ্দাম হুছেইনে আমেৰিকা আৰু পাশ্চাত্যৰ বাহিনীৰ বিৰুদ্ধে এনথ্রাক্স ব্যৱহাৰ কৰা বুলি অভিযোগ আনিছিল৷ ইয়াৰ পাছত মধ্যপ্রাচ্যৰ বিভিন্ন যুদ্ধত ৰাসায়নিক অস্ত্র ব্যৱহাৰ হোৱা বুলি দাবী কৰিছিল আমেৰিকাই৷ কিন্তু আমেৰিকাৰ এই দাবীৰ সত্যতা আজিলৈকে প্রমাণ নহ’ল৷ ইয়াৰ বিপৰীতে যুদ্ধত সকলো চর্ত উলংঘা কৰি ভয়াৱহ ৰাসায়নিক অস্ত্র আমেৰিকাইহে ব্যৱহাৰ কৰি থকা বুলি অভিযোগ উঠিছে৷ ভিয়েটনাম যুদ্ধৰ সময়ত হাজাৰ হাজাৰ টন ‘এজেণ্ট অৰেঞ্জ’ ব্যৱহাৰ কৰিছিল মার্কিন সেনাই৷ লাওচ, কম্বোডিয়া আৰু ভিয়েটনামৰ মুক্তিযুঁজাৰুসকলৰ বিৰুদ্ধে এজেণ্ট অৰেঞ্জ ব্যৱহাৰ কৰাৰ ফলত বিস্তীর্ণ অঞ্চল পুৰি ছাই হৈছিল৷ বিষাক্ত এই ৰসায়নে ধ্বংস কৰিছিল ভিয়েটনামৰ লাখ লাখ হেক্টৰ খেতিপথাৰ৷ দেশখনৰ পাহাৰে–কন্দৰে আত্মগোপন কৰি থকা মুক্তি বাহিনীৰ বিৰুদ্ধে মার্কিন বাহিনীয়ে ব্যৱহাৰ কৰিছিল এই বিষাক্ত ৰসায়ন ৷ তেতিয়াৰে পৰা ৰাসায়নিক অস্ত্র সন্দর্ভত ৰাষ্ট্রসংঘৰ মজিয়াত বিভিন্ন দেশে প্রশ্ণৰ অৱতাৰণা কৰি আহিছে৷ ৰাছিয়া, আমেৰিকাকে ধৰি বিশ্বৰ যুদ্ধবাজ শক্তিসমূহে এই অস্ত্র ব্যৱহাৰ কৰি থকা বুলি ৰাষ্ট্রসংঘৰ মজিয়াত কেইবাখনো শান্তিকামী দেশে প্রশ্ণৰ অৱতাৰণা কৰি আহিছে যদিও এই সন্দর্ভত বিশ্বৰ সর্বোচ্চ সংস্থাটোৱে কোনোধৰণৰ ব্যৱস্থা গ্রহণ কৰিব পৰা নাই৷ শেহতীয়াকৈ মার্কিন ৰাষ্ট্রপতি জ’ বাইডেনে ঘোষণা কৰিছে যে আমেৰিকাৰ হাতত এতিয়া ৰাসায়নিক অস্ত্র নাই৷ ৰাসায়নিক অস্ত্রৰ সমস্ত ভাণ্ডাৰ মার্কিন প্রশাসনে ধ্বংস কৰি পেলাইছে৷ তিনি দশক পুৰণি ৰাসায়নিক অস্ত্রৰ চুক্তিৰ প্রতিশ্রুতি অনুসৰি এই পদক্ষেপ গ্রহণ কৰা বুলি ঘোষণা কৰিছে বাইডেনে৷
বিশ্বৰ সর্বশক্তিমান দেশখনৰ ৰাষ্ট্রপতিগৰাকীৰ বক্তব্যৰ পৰা এই কথা স্পষ্ট হৈ পৰিছে যে আমেৰিকাই বিভিন্ন সময়ত অস্বীকাৰ কৰি আহিলেও ৰাসায়নিক অস্ত্র ভাণ্ডাৰ গোপনে মজুত ৰাখিছিল৷ এই অস্ত্র ভাণ্ডাৰ মজুত আছিল বাবেই তাক ধ্বংস কৰা বুলি বাইডেনে ঘোষণা কৰিব পাৰিছে৷ মার্কিন ৰাষ্ট্রপতিগৰাকীৰ মতে ৰাসায়নিক অস্ত্র ভাণ্ডাৰ ধ্বংস কৰি পৃথিৱীক নিৰাপদ কৰি তোলাৰ চর্ত মানি লৈছে হোৱাইট হাউছ প্রশাসনে৷ অর্থাৎ ৰাসায়নিক বিষক্রিয়াৰ পৰা পৃথিৱীক মুক্ত কৰাৰ যি চর্ত আছিল তাক আমেৰিকাই পূৰণ কৰিছে৷ কেমিকেল ৱেপন্ছ কনভেনচনত ৰাসায়নিক অস্ত্র নিয়ন্ত্রণৰ চুক্তি স্বাক্ষৰ হৈছিল৷ ৰাসায়নিক অস্ত্র উৎপাদন, মজুত আৰু ব্যৱহাৰ নিষিদ্ধ কৰা তথা পূর্বৰ পৰা মজুত অস্ত্রৰ ধ্বংসৰ কথা কোৱা হৈছে এই চুক্তিত৷ ১৯৯৩ চনত স্বাক্ষৰ হৈছিল এই চুক্তিখন৷ এই চুক্তিক কার্যকৰী কৰি তোলা হয় ১৯৯৭ চনত৷ চুক্তিত স্বাক্ষৰ কৰা দেশসমূহৰ ভিতৰত আমেৰিকাই আটাইতকৈ শেষত ৰাসায়নিক অস্ত্রৰ ঘোষিত ভাণ্ডাৰ ধ্বংস কৰাৰ কথা উল্লেখ কৰিলে৷ ইয়াৰ পূর্বে ৰাছিয়া তথা অন্যান্য দেশসমূহে ৰাসায়নিক অস্ত্রৰ ব্যৱহাৰ বন্ধ কৰা বুলি ঘোষণা কৰিছিল৷ দ্বিতীয় বিশ্বযুদ্ধত জাপানৰ হিৰোছিমা আৰু নাগাছাকিত আমেৰিকাই আণৱিক অস্ত্র ব্যৱহাৰ কৰাৰ পাছত বিশ্বজুৰি পৰৱর্তী যুদ্ধত ৰাসায়নিক অস্ত্রৰ গণবিধ্বংসী ৰূপ ধাৰণ কৰিব পাৰে বুলি আশংকা প্রকাশ কৰিছিল বিজ্ঞানীসকলে৷ ৰাসায়নিক অস্ত্রবিৰোধী আন্তর্জাতিক পর্যবেক্ষক সংস্থা অ’পিচিডব্লিউৱে যোৱা মার্চ মাহত উল্লেখ কৰিছিল যে আমেৰিকাৰ বাহিৰে অন্যান্য দেশে ৰাসায়নিক অস্ত্র ধ্বংস কৰিছে৷ কিন্তু হোৱাইট হাউছ প্রশাসনে এই সন্দর্ভত নিজৰ স্থিতি স্পষ্ট কৰা নাই৷ শেহতীয়াকৈ বাইডেনে ঘোষণা কৰিছে যে আমেৰিকাই সকলো ৰাসায়নিক অস্ত্র ধ্বংস কৰি পেলাইছে৷ স্মর্তব্য যে বিশ্বজুৰি মজুত আছিল ৭০ হাজাৰ টনতকৈ অধিক ৰাসায়নিক অস্ত্র৷ ইয়াৰ প্রায় ৩০ হাজাৰ টনেই আছিল আমেৰিকাৰ হাতত৷

You might also like