ধুবুৰীত আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতা
নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰ : দীৰ্ঘ ২৮ বছৰ বিৰতিৰ পিছত আজিৰ পৰা ধুবুৰীত পুনৰ আৰম্ভ হৈছে শ্যামলা সুন্দৰী আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতা। ধুবুৰী ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ আজিৰ প্ৰথম দিনৰ খেলখন ধুবুৰীৰ স্থানীয় এভাৰগ্ৰীন ক্লাব বনাম পশ্চিমবংগৰ আলিপুৰদুৱাৰৰ বিবেকানন্দ ক্লাবৰ মাজত অনুষ্ঠিত হয়। আজিৰ খেলখনত এভাৰগ্ৰীন ক্লাবে বিবেকানন্দ ক্লাবক ৩-২ গ’লত পৰাজিত কৰে। উল্লেখ্য যে ১৯৫২ চনৰ পৰা আৰম্ভ হোৱা ধুবুৰীৰ এই ঐতিহ্যমণ্ডিত শ্যামলা সুন্দৰী আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতা অকষ্মাতে ১৯৯৪ চনত বন্ধ হৈ পৰিছিল।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী